--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ঘোষণা হ’ল ৬৭সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্ৰ বঁটা। অসমৰ চাৰিখনকৈ ছবিলৈ এইবাৰ দিয়া হ’ল স্বীকৃতি। ‘প্ৰাগ নিউজ’ৰ মুখ্য পৰিচালন সঞ্চালক ডঃ সঞ্জীৱ নাৰায়ণ নিৱেদিত আৰু এম এম টেলিভিছন প্ৰযোজনা কৰা মনপা ভাষাৰ ছবি ‘Water Burial’- এ পৰিৱেশ বিষয়ক শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে। ছবিখন পৰিচালন তথা ইয়াৰ কাহিনী, চিত্ৰনাট্য ৰচনা কৰিছিল শান্তনু সেনে। সহ-প্ৰযোজনা আছিল ফাৰুক ইফটিকাৰৰ।

আৰু পঢ়িব পাৰিব : ‘‘কালাপাহাৰ’ৰ জৰিয়তে অসম ধ্বংসৰ ষড়যন্ত্ৰ কৰিছে কংগ্ৰেছে’

আনহাতে চন্দ্ৰ মুদৈ পৰিচালিত ‘ৰণুৱা’লৈ শ্ৰেষ্ঠ অসমীয়া ছবিৰ ‘ৰজত কমল বঁটা’ আগবঢ়োৱা হ’ল। আনহাতে আন এখন অসমীয়া ছবি ‘জোনাকী পৰুৱা’লৈ জুৰীৰ বিশেষ সন্মান আগবঢ়োৱা হৈছে। শ্ৰেষ্ঠ মিচিং ছবি ‘অনুৰোৱাদ’লৈয়ো ৰজত কমল সন্মান আগবঢ়োৱা হৈছে।

ইফালে এইবাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে কংগনা ৰাণাৱটে। ‘মণিকৰ্নিকা’ ছবিত অভিনয়ৰ বাবে এই বঁটা লাভ কৰিছে অভিনেত্ৰীগৰাকীয়ে। প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত অভিনীত ‘চিচোৰে’লৈ শ্ৰেষ্ঠ হিন্দী ছবিৰ স্বীকৃতি প্ৰদান কৰা হৈছে।

আৰু পঢ়িব পাৰিব : উন্নয়নৰ খতিয়ানেৰে বিহালীত জে পি নাড্ডাৰ নিৰ্বাচনী প্ৰচাৰ

প্ৰখ্যাত অভিনেতা মনোজ বাজপেয়ী আৰু তামিল অভিনেতা ধনুষলৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আগবঢ়োৱা হৈছে। শ্ৰেষ্ঠ খাচী ছবি ‘লেউডোহ’লৈ আগবঢ়োৱা হৈছে ৰজত কমল বঁটা। এইবাৰ ছিকিমলৈ ‘ফিল্ম ফ্ৰেণ্ডলী’ ৰাজ্যৰ স্বীকৃতিও প্ৰদান কৰা হয়। ৬৭সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ ছবিৰ স্বীকৃতি লাভ কৰিছে ‘মাৰাকাৰ- LION OF THE ARABIAN SEA’ নামৰ মালায়ালম ছবিখনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ