--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মহানগৰীৰ পানীখাইতিস্থিত ‘অসম ডাউন টাউন বিশ্ববিদ্যালয়’ত পালন কৰা হয় বাংলাদেশৰ বিজয় উৎসৱ। বাংলাদেশ সহকাৰী উচ্চ আয়ুক্তৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই বিশেষ কাৰ্যসূচীৰ। বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী উপলক্ষে আয়োজন কৰা হয় এই বিশেষ কাৰ্যসূচীৰ।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই বাঙালী ভাষাত তেওঁৰ বক্তব্য আগবঢ়ায়। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ চৰকাৰ তথা নাগৰিকসকলক বিশেষ দিনটোৰ বাবে শুভকামনা জ্ঞাপন কৰে, তাৰোপৰি বাংলাদেশৰ ইতিহাস সম্পৰ্কেও ভাষণ প্ৰদান কৰে, লগতে ভাৰত আৰু বাংলাদেশৰ মাজত থকা সু-সম্পৰ্কৰ কথা ব্যক্ত কৰে। বাংলাদেশৰ স্বাধীনতাৰ পৰা বৰ্তমান সময়লৈ দেশৰ লগতে অসমৰ বাংলাদেশৰ সৈতে এক সু-সম্পৰ্ক আছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। বৰ্তমান সময়ত ভাৰত চৰকাৰে বাংলাদেশৰ সৈতে বিভিন্ন ব্যৱসায়িক সম্পৰ্কৰ লগতে যাতায়াতৰ ক্ষেত্ৰতো সু-ব্যৱস্থা গঢ়ি উঠা বুলি ভাষণত উল্লেখ কৰে মন্ত্ৰী কেশৱ মহন্তই। অনুষ্ঠানত অসমৰ কেইবাগৰাকীও শিল্পী আৰু শিক্ষা বিভাগৰ লগত জৰিয়ত লোকক বাংলাদেশ সাহকাৰী উচ্চ আয়ুক্ত কাৰ্যালয়ৰ পৰা মন্ত্ৰীগৰাকীৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তদুপৰি বাংলাদেশ চৰকাৰে ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাক বাংলাদেশৰ সৰ্বস্ব সন্মানেৰে বিভূষিত কৰাত বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী কেশৱ মহন্তই।

অনুষ্ঠানত বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত ডঃ শ্বাহ মহম্মদ তনবীৰ মনচুৰ, ‘প্ৰাগ নিউজ’ৰ পৰিচালন সঞ্চালক ডঃ সঞ্জীৱ নাৰায়ণ, ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নাৰায়ণ চন্দ্ৰ তালুকদাৰ, বিশ্ববিদ্যালয়ৰ দিন অব ষ্টাডিছ বন্দনা দত্তকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন