--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মহানগৰীৰ পানীখাইতিস্থিত ‘অসম ডাউন টাউন বিশ্ববিদ্যালয়’ত পালন কৰা হয় বাংলাদেশৰ বিজয় উৎসৱ। বাংলাদেশ সহকাৰী উচ্চ আয়ুক্তৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই বিশেষ কাৰ্যসূচীৰ। বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী উপলক্ষে আয়োজন কৰা হয় এই বিশেষ কাৰ্যসূচীৰ।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই বাঙালী ভাষাত তেওঁৰ বক্তব্য আগবঢ়ায়। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ চৰকাৰ তথা নাগৰিকসকলক বিশেষ দিনটোৰ বাবে শুভকামনা জ্ঞাপন কৰে, তাৰোপৰি বাংলাদেশৰ ইতিহাস সম্পৰ্কেও ভাষণ প্ৰদান কৰে, লগতে ভাৰত আৰু বাংলাদেশৰ মাজত থকা সু-সম্পৰ্কৰ কথা ব্যক্ত কৰে। বাংলাদেশৰ স্বাধীনতাৰ পৰা বৰ্তমান সময়লৈ দেশৰ লগতে অসমৰ বাংলাদেশৰ সৈতে এক সু-সম্পৰ্ক আছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। বৰ্তমান সময়ত ভাৰত চৰকাৰে বাংলাদেশৰ সৈতে বিভিন্ন ব্যৱসায়িক সম্পৰ্কৰ লগতে যাতায়াতৰ ক্ষেত্ৰতো সু-ব্যৱস্থা গঢ়ি উঠা বুলি ভাষণত উল্লেখ কৰে মন্ত্ৰী কেশৱ মহন্তই। অনুষ্ঠানত অসমৰ কেইবাগৰাকীও শিল্পী আৰু শিক্ষা বিভাগৰ লগত জৰিয়ত লোকক বাংলাদেশ সাহকাৰী উচ্চ আয়ুক্ত কাৰ্যালয়ৰ পৰা মন্ত্ৰীগৰাকীৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তদুপৰি বাংলাদেশ চৰকাৰে ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাক বাংলাদেশৰ সৰ্বস্ব সন্মানেৰে বিভূষিত কৰাত বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী কেশৱ মহন্তই।

অনুষ্ঠানত বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত ডঃ শ্বাহ মহম্মদ তনবীৰ মনচুৰ, ‘প্ৰাগ নিউজ’ৰ পৰিচালন সঞ্চালক ডঃ সঞ্জীৱ নাৰায়ণ, ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নাৰায়ণ চন্দ্ৰ তালুকদাৰ, বিশ্ববিদ্যালয়ৰ দিন অব ষ্টাডিছ বন্দনা দত্তকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক