--°C
Loading...
Listen to Article
2 min read
80%

বাইহাটা চাৰিআলি : নিৰ্বাচনী বতাহৰ তীব্ৰতাৰ মাজতে আজি অসম জাতীয় পৰিষদক চোকা সমালোচনা কৰিলে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ ‘অজাপ’ক পদূলি শুঙা দল আখ্যা দিলে মন্ত্ৰীগৰাকীয়ে৷ বাইহাটাৰ কমলপুৰৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ মনোনয়ন দাখিল অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অজাপৰ শ্ল’গানক ক্ষুৰধাৰ সমালোচনা কৰে৷

আৰু পঢ়িব পাৰিব : বোকাজানত জব্দ ড্ৰাগছঃ আটক ২ সৰবৰাহকাৰী

মিত্ৰজোঁটকো ক্ষুৰধাৰ সমালোচনা মন্ত্ৰী হিমন্তৰ৷ আনহাতে বিজেপিৰ জয়গুণ গাই তেওঁ কয়, 'আমি অসমৰ ৰাইজৰ হৃদয়ত আছোঁ। ইয়াৰ বাবে আমাৰ বেলেগ চিনাকিৰ দৰকাৰ নাই৷' ৫৬নংা কমলপুৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ মনোনয়ন দাখিলৰ প্ৰাকক্ষণত হিমন্ত বিশ্ব শৰ্মাই এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে।

আৰু পঢ়িব পাৰিব : আজমলৰ ইছলামিক ৰাষ্ট্ৰ! ভিডিঅ’ক লৈ তুমুল বিতৰ্ক

বাইহাটা শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই জনসভাত কংগ্ৰেছ-এআইডিএফ দলক ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। ইফালে, কমলপুৰ সমষ্টি বিজেপিক এৰি দিয়া বাবে অগপ নেতৃত্বক ধন্যবাদো জ্ঞাপন মন্ত্ৰী শৰ্মাই। এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে কৰা সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই। আনহাতে তেওঁক হত্যা কৰাৰ ষড়যন্ত্ৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ