--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ পৰ্ণ ভিডিঅ’ নিৰ্মাণৰ গোচৰত গ্ৰেপ্তাৰ হৈছে স্বামী ৰাজকুন্দ্ৰা। গ্লানিৰ ছিটিকনি পৰিছে শিল্পা ছেট্টীৰ গাতো। দুবাৰকৈ তেওঁৰ জামিন আবেদন খাৰিজ কৰিছে মুম্বাই আৰক্ষীয়ে। জৰিমনাও বিহা হৈছে দম্পতীহালক। আনকি, সংবাদ মাধ্যমৰ বিৰুদ্ধে তৰা মানহানি গোচৰোৰ প্ৰক্ৰিয়াও সঠিক দিশে অগ্ৰসৰ হোৱা নাই। এনে এক প্ৰতিকূল পৰিস্থিতিৰ মাজতো জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে অভিনেত্ৰী শিল্পা ছেট্টীয়ে। 

শেহতীয়াকৈ ৰাজকুন্দ্ৰাৰ গ্ৰেপ্তাৰ প্ৰসংগত মন্তব্য প্ৰদান কৰিছে অভিনেত্ৰীগৰাকীয়ে। তেওঁ কয়, ‘ হয়, বিগত কিছুদিনৰ পৰা ভীষণ সমস্যাত আছো। সকলো দিশৰ পৰা সমস্যাই মোক বেৰি ধৰিছে। চৌপাশে অলেখ অপবাদৰো সৃষ্টি হৈছে। সংবাদমাধ্যমে আমাক দোষাৰোপ কৰিছে। বহুতো প্ৰশ্নৰ অৱতাৰণা হৈছে।বিক্ষিপ্ত ট্ৰ’ল কৰা হৈছে। কেৱল মোকে নহয় আমাৰ পৰিয়ালকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে একাংশই। যিহেতু বিষয়তো এতিয়াও তদন্তৰ আওতাত গতিকে মই এই সন্দৰ্ভত একো মন্তব্য কৰিব বিচৰা নাই।’

ভিত্তিহীন অপবাদেৰে তেওঁৰ পৰিয়ালক ট্ৰ’ল নকৰিবলৈ আহ্বান কৰাৰ লগতে, ভাৰতীয় আইনী ব্যৱস্থাৰ প্ৰতি সন্মান জনাই তেওঁ সদৰী কৰে যে, ‘নেভাৰ কমপ্লেন,নেভাৰ এক্সপ্লেন-এই নীতিত মই বিশ্বাসী। তদন্ত প্ৰক্ৰিয়া চলি আছে। ভাৰত আৰু মুম্বাই আৰক্ষীৰ আইন-শৃংখলা ব্যৱস্থাৰ ওপৰত মোৰ পূৰ্ণ আস্থা আছে। পৰিয়ালৰ সদস্য হিচাপে আমি আইনৰ ওচৰ চাপিছো।এগৰাকী মাতৃ হিচাপে মোৰ কাতৰ অনুৰোধ, তদন্ত শেষ নোহোৱালৈকে আমাৰ ব্যক্তিগত জীৱনক লৈ হেতালি নেখেলিব।বহুলোকে বহু কথাৰ ৰটনা কৰিছে।তেনে নকৰিব।

ঘটনাৰ সত্যতা নিৰূপণ নোহোৱালৈকে অন্তত তেওঁৰ সন্তানৰ স্বাৰ্থত  এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ  অনুৰোধ জনাইছে অভিনেত্ৰী শিল্পা ছেট্টী-এ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ