--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ পৰ্ণ ভিডিঅ’ নিৰ্মাণৰ গোচৰত গ্ৰেপ্তাৰ হৈছে স্বামী ৰাজকুন্দ্ৰা। গ্লানিৰ ছিটিকনি পৰিছে শিল্পা ছেট্টীৰ গাতো। দুবাৰকৈ তেওঁৰ জামিন আবেদন খাৰিজ কৰিছে মুম্বাই আৰক্ষীয়ে। জৰিমনাও বিহা হৈছে দম্পতীহালক। আনকি, সংবাদ মাধ্যমৰ বিৰুদ্ধে তৰা মানহানি গোচৰোৰ প্ৰক্ৰিয়াও সঠিক দিশে অগ্ৰসৰ হোৱা নাই। এনে এক প্ৰতিকূল পৰিস্থিতিৰ মাজতো জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে অভিনেত্ৰী শিল্পা ছেট্টীয়ে। 

শেহতীয়াকৈ ৰাজকুন্দ্ৰাৰ গ্ৰেপ্তাৰ প্ৰসংগত মন্তব্য প্ৰদান কৰিছে অভিনেত্ৰীগৰাকীয়ে। তেওঁ কয়, ‘ হয়, বিগত কিছুদিনৰ পৰা ভীষণ সমস্যাত আছো। সকলো দিশৰ পৰা সমস্যাই মোক বেৰি ধৰিছে। চৌপাশে অলেখ অপবাদৰো সৃষ্টি হৈছে। সংবাদমাধ্যমে আমাক দোষাৰোপ কৰিছে। বহুতো প্ৰশ্নৰ অৱতাৰণা হৈছে।বিক্ষিপ্ত ট্ৰ’ল কৰা হৈছে। কেৱল মোকে নহয় আমাৰ পৰিয়ালকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে একাংশই। যিহেতু বিষয়তো এতিয়াও তদন্তৰ আওতাত গতিকে মই এই সন্দৰ্ভত একো মন্তব্য কৰিব বিচৰা নাই।’

ভিত্তিহীন অপবাদেৰে তেওঁৰ পৰিয়ালক ট্ৰ’ল নকৰিবলৈ আহ্বান কৰাৰ লগতে, ভাৰতীয় আইনী ব্যৱস্থাৰ প্ৰতি সন্মান জনাই তেওঁ সদৰী কৰে যে, ‘নেভাৰ কমপ্লেন,নেভাৰ এক্সপ্লেন-এই নীতিত মই বিশ্বাসী। তদন্ত প্ৰক্ৰিয়া চলি আছে। ভাৰত আৰু মুম্বাই আৰক্ষীৰ আইন-শৃংখলা ব্যৱস্থাৰ ওপৰত মোৰ পূৰ্ণ আস্থা আছে। পৰিয়ালৰ সদস্য হিচাপে আমি আইনৰ ওচৰ চাপিছো।এগৰাকী মাতৃ হিচাপে মোৰ কাতৰ অনুৰোধ, তদন্ত শেষ নোহোৱালৈকে আমাৰ ব্যক্তিগত জীৱনক লৈ হেতালি নেখেলিব।বহুলোকে বহু কথাৰ ৰটনা কৰিছে।তেনে নকৰিব।

ঘটনাৰ সত্যতা নিৰূপণ নোহোৱালৈকে অন্তত তেওঁৰ সন্তানৰ স্বাৰ্থত  এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ  অনুৰোধ জনাইছে অভিনেত্ৰী শিল্পা ছেট্টী-এ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু