--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মাজত এতিয়াও বাকযুদ্ধ অব্যাহত আছে। অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই কেজৰিৱালৰ আতিথ্যৰ বক্তব্যক প্ৰত্যুত্তৰ দি তেওঁক ঔৰংজেৱৰ লগত তুলনা কৰিছে। শৰ্মাই কৈছিল, ‘আমি অতিথিপৰায়ণ, কিন্তু ঔৰংজেৱ যেতিয়া অসমলৈ আহিছিল, তেতিয়া তেওঁক আদৰণি জনোৱা হোৱা নাছিল।’

 দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল দেওবাৰে অৰ্থাৎ ২ এপ্ৰিলত অসমলৈ আহিছিল। এই সময়ত কেজৰিৱালে কৈছিল যে ‘যদি অসমত আমাৰ চৰকাৰ আহে, তেতিয়া আপুনি বিনামূলীয়া বিদ্যুৎ আৰু চাকৰি পাব।’ তেওঁ কয় যে সকলো দলে অসম লুণ্ঠন কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ কেজৰিৱালে কয় যে তেওঁ লেতেৰা ৰাজনীতিৰ বাহিৰে একোৱেই কৰা নাই।

 কেজৰিৱালে আৰু কয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে যেন ৰাজ্যবাসীৰ দৰে আতিথ্যৰ শিষ্টাচাৰ শিকিব পৰা নাই। ইপিনে কেজৰিৱালৰ বিধানসভাত কৰা বক্তব্য প্ৰসংগত শৰ্মাই কৈছিল যে যদি কেজৰিৱালে তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰে তেন্তে তেওঁ গোচৰ ৰুজু কৰিব।

 কেজৰিৱালৰ অভিযোগৰ প্ৰত্যুত্তৰ দি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ‘আমি আমাৰ অতিথিসকলক ভগৱান বুলি গণ্য কৰোঁ, কিন্তু ঔৰংজেৱ যেতিয়া অসমলৈ আহিছিল তেতিয়া লাচিত বৰফুকনে তেওঁক আদৰণি জনোৱা নাছিল। কেজৰিৱাল যেতিয়া ইয়ালৈ মিছা কথা ক'বলৈ আহিছিল, আমি তেওঁক আলহী হিচাপে কিয় আদৰি ল'ম। তথাপিও আমি তেওঁক নিৰাপত্তা প্ৰদান কৰিলোঁ।’

 অসমৰ মুখ্যমন্ত্রী ড° শৰ্মাই আৰু কয় যে ‘অসমৰ জনসাধাৰণ বিশেষ আৰু সাধাৰণ মানুহ হোৱাৰ প্রয়োজন নাই৷ অসমৰ ৩.৫ কোটি বিশেষ জনতাক লৈ আগুৱাই যাম। আমাৰ অসমৰ এক বিশাল ইতিহাস আছে। বিশেষ মানুহ হিচাপে আমি আগবাঢ়ি যাম।’

 কেজৰিৱালৰ দিল্লীৰ নিমন্ত্ৰণত শৰ্মাই কয় যে ‘মই অসমৰ পৰা ৫০জন লোকক পঠাম, বেছিভাগেই হ’ব সাংবাদিক আৰু কেজৰিৱালে তেওঁলোকক লৈ দিল্লীত ঘূৰি ফুৰিব লাগিব।’ একমাত্ৰ চৰ্ত হ’ল তেওঁলোকে যাব বিচৰা ঠাইবোৰলৈ লৈ যাব লাগিব, কেজৰিৱালে বিচৰা ঠাইবোৰলৈ নহয়।’

 তদুপৰি অসমৰ মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে দিল্লীৰ ৬০ শতাংশ লোক নৰকত বাস কৰে। ইয়াৰ বিপৰীতে ৯৫ শতাংশ অসমীয়াই স্বৰ্গত বাস কৰে। অসমৰ গাঁওবোৰো দিল্লীতকৈ ভাল। হিমন্ত বিশ্ব শৰ্মায়ো কেজৰিৱালক কাপুৰুষ বুলি অভিহিত কৰে। শৰ্মাই কয় যে ‘কেজৰিৱালে দিল্লী বিধানসভাত মোৰ বিৰুদ্ধে তেওঁ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল। কেজৰিৱাল ইয়ালৈ আহিছিল, কিন্তু তেওঁ এটাও কথা কোৱা মোৰ বিৰুদ্ধে কোৱা নাছিল। বিধানসভাত নিয়মৰ অধীনত তেওঁ সুৰক্ষা পাইছে, কিন্তু বাহিৰতো একে অভিযোগ উত্থাপন কৰিবলৈ সাহস কৰা নাই। কেজৰিৱালৰ বীৰত্ব কেৱল বিধানসভাতে সীমাবদ্ধ।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ