--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : অসমৰ মুখ্যমন্ত্ৰী পদত অধিস্থিত ডঃ হিমন্ত বিশ্ব শৰ্মা৷ আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে সৰ্বানন্দ সোণোৱালে৷ বিগত ২০ বছৰে অভিলেখ সংখ্যক ভোটত জয়ী হোৱা হিমন্তৰ কিছু নজনা কথা-- ১ ফেব্ৰুৱাৰী ১৯৬৯ত ডঃ হিমন্ত বিশ্ব শৰ্মাই গান্ধীবস্তিত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ আছিল প্ৰয়াত কৈলাশ নাথ শৰ্মা আৰু মাতৃ মৃণালিনী দেৱী।

শিক্ষাৰ ক্ষেত্ৰতো আগৰণুৱা আছিল হিমন্ত৷ ১৯৭৫ চনত গুৱাহাটীৰ গান্ধিবস্তিৰ নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষাৰ পাতনি মেলিছিল৷ তাৰপাছত ১৯৭৯চনত কামৰূপ একাডেমীত। ১৯৮৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত কলা শাখাত নামভৰ্তি কৰে। ১৯৮৭ চনত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ ৰাজনীতি বিজ্ঞান বিষয়ত প্ৰধান বিষয় হিচাপে লৈ কটন কলেজত নামভৰ্তি কৰিছিল তেওঁ। তাৰপাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ডঃ নিৰু হাজৰিকাৰ তত্ত্বাৱধানত NORTH EASTERN COUNCIL : A STRUCTURAL AND FUNCTIONAL ANALYSIS বিষয়ত ডক্টৰেট ডিগ্ৰীও লাভ কৰে হিমন্তই।

আৰু পঢ়িব পাৰিব :   ক’ভিড-১৯ত আক্রান্ত হৈ মৃত্যু অলিম্পিয়ান ৰবীন্দ্র পাল সিঙৰ

ছাত্র ৰাজনীতিতো যথেষ্ট অৰিহণা যোগায় তেওঁ৷ ছাত্ৰ জীৱনত ১৯৮৭-১৯৮৮ চনত তেওঁ আছুৰ হৈ কটন কলেজৰ ছাত্র একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক হয়। ১৯৮৮-১৯৮৯, ১৯৮৯-৯০আৰু ১৯৯১-১৯৯২ চনত তিনিবাৰকৈ কটন কলেজৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তাৰপাছততেই আহে হিমন্তৰ ৰাজনৈতিক পৰিক্ৰমা৷ ১৯৯৪ চনত কংগ্ৰেছ দলত যোগদান কৰিছিল হিমন্তই। ছাত্র আৰু যুৱ-কল্যাণ বিভাগৰ সদস্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৯৬ চনত ৫১নং জালুকবাৰী সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় হয়। ২০০১ চনত জালুকবাৰী সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয়। ২০০২ চনত তৰুণ গগৈৰ মন্ত্রীসভাত কৃষিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাপে স্থান লাভ কৰে।

আৰু পঢ়িব পাৰিব :   অসম-ত্ৰিপুৰা সীমান্তত জব্দ কেইবালাখ টকাৰ ফেনচিডিল

২০০৬ চনত পুনৰ জয়ী হৈ তৰুণ গগৈৰ মন্ত্রীসভাত স্বাস্থ্যকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাপে স্থান লাভ কৰে। ২০১১চনত তৰুণ গগৈৰ মন্ত্রীসভাত স্বাস্থ্য, শিক্ষা, গুৱাহাটী উন্নয়নকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাপে স্থান লাভ কৰে তেওঁ। ২০১৪ চনত প্ৰয়াত তৰুণ গগৈৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে। ২০১৫ চনত বিজেপিত যোগদান কৰে তেওঁ। ২০১৬ চনত বিজেপি দলৰ পৰা জালুকবাৰী সমষ্টিত প্ৰতিদ্বন্দিতা কৰি চতুৰ্থবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয়। সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত গড়কাপ্টানীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ ২০২১ চনত পঞ্চমবাৰৰ বাবে পুনৰ বিধানসভালৈ নিৰ্বাচিত হয় হিমন্ত বিশ্ব শৰ্মা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু