--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : অসমৰ মুখ্যমন্ত্ৰী পদত অধিস্থিত ডঃ হিমন্ত বিশ্ব শৰ্মা৷ আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে সৰ্বানন্দ সোণোৱালে৷ বিগত ২০ বছৰে অভিলেখ সংখ্যক ভোটত জয়ী হোৱা হিমন্তৰ কিছু নজনা কথা-- ১ ফেব্ৰুৱাৰী ১৯৬৯ত ডঃ হিমন্ত বিশ্ব শৰ্মাই গান্ধীবস্তিত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ আছিল প্ৰয়াত কৈলাশ নাথ শৰ্মা আৰু মাতৃ মৃণালিনী দেৱী।

শিক্ষাৰ ক্ষেত্ৰতো আগৰণুৱা আছিল হিমন্ত৷ ১৯৭৫ চনত গুৱাহাটীৰ গান্ধিবস্তিৰ নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষাৰ পাতনি মেলিছিল৷ তাৰপাছত ১৯৭৯চনত কামৰূপ একাডেমীত। ১৯৮৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত কলা শাখাত নামভৰ্তি কৰে। ১৯৮৭ চনত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ ৰাজনীতি বিজ্ঞান বিষয়ত প্ৰধান বিষয় হিচাপে লৈ কটন কলেজত নামভৰ্তি কৰিছিল তেওঁ। তাৰপাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ডঃ নিৰু হাজৰিকাৰ তত্ত্বাৱধানত NORTH EASTERN COUNCIL : A STRUCTURAL AND FUNCTIONAL ANALYSIS বিষয়ত ডক্টৰেট ডিগ্ৰীও লাভ কৰে হিমন্তই।

আৰু পঢ়িব পাৰিব :   ক’ভিড-১৯ত আক্রান্ত হৈ মৃত্যু অলিম্পিয়ান ৰবীন্দ্র পাল সিঙৰ

ছাত্র ৰাজনীতিতো যথেষ্ট অৰিহণা যোগায় তেওঁ৷ ছাত্ৰ জীৱনত ১৯৮৭-১৯৮৮ চনত তেওঁ আছুৰ হৈ কটন কলেজৰ ছাত্র একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক হয়। ১৯৮৮-১৯৮৯, ১৯৮৯-৯০আৰু ১৯৯১-১৯৯২ চনত তিনিবাৰকৈ কটন কলেজৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তাৰপাছততেই আহে হিমন্তৰ ৰাজনৈতিক পৰিক্ৰমা৷ ১৯৯৪ চনত কংগ্ৰেছ দলত যোগদান কৰিছিল হিমন্তই। ছাত্র আৰু যুৱ-কল্যাণ বিভাগৰ সদস্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৯৬ চনত ৫১নং জালুকবাৰী সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় হয়। ২০০১ চনত জালুকবাৰী সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয়। ২০০২ চনত তৰুণ গগৈৰ মন্ত্রীসভাত কৃষিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাপে স্থান লাভ কৰে।

আৰু পঢ়িব পাৰিব :   অসম-ত্ৰিপুৰা সীমান্তত জব্দ কেইবালাখ টকাৰ ফেনচিডিল

২০০৬ চনত পুনৰ জয়ী হৈ তৰুণ গগৈৰ মন্ত্রীসভাত স্বাস্থ্যকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাপে স্থান লাভ কৰে। ২০১১চনত তৰুণ গগৈৰ মন্ত্রীসভাত স্বাস্থ্য, শিক্ষা, গুৱাহাটী উন্নয়নকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাপে স্থান লাভ কৰে তেওঁ। ২০১৪ চনত প্ৰয়াত তৰুণ গগৈৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে। ২০১৫ চনত বিজেপিত যোগদান কৰে তেওঁ। ২০১৬ চনত বিজেপি দলৰ পৰা জালুকবাৰী সমষ্টিত প্ৰতিদ্বন্দিতা কৰি চতুৰ্থবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয়। সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত গড়কাপ্টানীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ ২০২১ চনত পঞ্চমবাৰৰ বাবে পুনৰ বিধানসভালৈ নিৰ্বাচিত হয় হিমন্ত বিশ্ব শৰ্মা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement