--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : অসমৰ প্ৰভাৱশালী ৰাজনৈতিক নেতাই বৃহস্পতি আৰু শুকুৰবাৰে দাখিল কৰিব মনোনয়ন৷ যাৰ বাবে ১৮,১৯মাৰ্চত গুৱাহাটীত সাল-সলনি হ'ব পথৰ চলাচল। যান-বাহনৰ নতুন নিৰ্দেশনা সন্দৰ্ভত আজি আনুষ্ঠিত DCP Trafficৰ সংবাদমেলত এই কথা সদৰী কৰে৷ কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে মনোনয়ন দিব সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷ শুকুৰবাৰে মনোনয়ন দাখিল কৰিব হিমন্ত বিশ্ব শৰ্মাই৷ সিদ্ধাৰ্থ ভট্টাচাৰ্য-হিমন্ত বিশ্ব শৰ্মাৰ উপৰি বহু প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন৷

আৰু পঢ়িব পাৰিব : মৰিগাঁৱত নিশা নিৰ্দলীয় প্ৰাৰ্থী ৰাতুল বৰাক মৃত্যুৰ ভাবুকি

বিশাল ৰেলীৰে মনোনয়ন দাখিল কৰিব বহু প্ৰাৰ্থীয়ে৷ যাৰবাবে সাল-সলনি কৰা হৈছে যান-বাহনৰ চলাচল৷ মালিগাঁৱৰ পথৰ পৰা আহিলে ভৰলুত ইউ টাৰ্ন লৈ এটি ৰোড হৈ যাব লাগিব। শৰাইঘাটৰ দিশৰ পৰা গুৱাহাটীলৈ আহিলে হাইৱে’ হৈ গুৱাহাটীত প্ৰৱেশ কৰিব লাগিব। ৰাজপথৰ কাষত থকা অস্থায়ী দোকানবোৰ এই দুদিনৰ বাবে আঁতৰ কৰিব লাগিব৷ ‘মেঘদূত ভৱন’ৰ সন্মুখভাগ খালী ৰাখিব। টিটী পইণ্ট, ৰটাৰি ক্লাবত গাড়ী পাৰ্কিং কৰিব পাৰিব। ভূতনাথ, লাচিতঘাটত পাৰ্কিঙৰ ব্যৱস্থা থাকিব।

আৰু পঢ়িব পাৰিব : কন্যাক অশালীন ব্যৱহাৰ কৰাৰ বাবে স্বামীক হত্যা

এম জি ৰোড এই দুদিন ৰাইজক ব্যৱহাৰ নকৰিবলৈ যান-বাহন আৰক্ষীৰ অনুৰোধ জনায়। মালিগাঁৱৰ পৰা অহা লোকসকলে এটিৰোড হৈ আহিব লাগিব জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ৷ হেম বৰুৱা ৰোড আৰু এটি ৰোড পাৰ্কিংমুক্ত কৰা হ'ব৷ মালিগাঁৱৰ পৰা অহা গাড়ীসমূহ ভূতনাথত পাৰ্কিঙৰ ব্যৱস্থা থাকিব৷ চানমাৰি ফালৰ পৰা অহা লোকসকলে ৰিজাৰ্ভ বেংকৰ সন্মুখৰে এটিৰোড হৈ ওলাই যাব পাৰিব৷ এম জি ৰোড এৰাই চলাবলৈ ৰাইজক অনুৰোধ DCP Traffic ৰ৷ ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰিবলৈও ৰাইজক অনুৰোধ জনায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ