--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : অসমৰ প্ৰভাৱশালী ৰাজনৈতিক নেতাই বৃহস্পতি আৰু শুকুৰবাৰে দাখিল কৰিব মনোনয়ন৷ যাৰ বাবে ১৮,১৯মাৰ্চত গুৱাহাটীত সাল-সলনি হ'ব পথৰ চলাচল। যান-বাহনৰ নতুন নিৰ্দেশনা সন্দৰ্ভত আজি আনুষ্ঠিত DCP Trafficৰ সংবাদমেলত এই কথা সদৰী কৰে৷ কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে মনোনয়ন দিব সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷ শুকুৰবাৰে মনোনয়ন দাখিল কৰিব হিমন্ত বিশ্ব শৰ্মাই৷ সিদ্ধাৰ্থ ভট্টাচাৰ্য-হিমন্ত বিশ্ব শৰ্মাৰ উপৰি বহু প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন৷

আৰু পঢ়িব পাৰিব : মৰিগাঁৱত নিশা নিৰ্দলীয় প্ৰাৰ্থী ৰাতুল বৰাক মৃত্যুৰ ভাবুকি

বিশাল ৰেলীৰে মনোনয়ন দাখিল কৰিব বহু প্ৰাৰ্থীয়ে৷ যাৰবাবে সাল-সলনি কৰা হৈছে যান-বাহনৰ চলাচল৷ মালিগাঁৱৰ পথৰ পৰা আহিলে ভৰলুত ইউ টাৰ্ন লৈ এটি ৰোড হৈ যাব লাগিব। শৰাইঘাটৰ দিশৰ পৰা গুৱাহাটীলৈ আহিলে হাইৱে’ হৈ গুৱাহাটীত প্ৰৱেশ কৰিব লাগিব। ৰাজপথৰ কাষত থকা অস্থায়ী দোকানবোৰ এই দুদিনৰ বাবে আঁতৰ কৰিব লাগিব৷ ‘মেঘদূত ভৱন’ৰ সন্মুখভাগ খালী ৰাখিব। টিটী পইণ্ট, ৰটাৰি ক্লাবত গাড়ী পাৰ্কিং কৰিব পাৰিব। ভূতনাথ, লাচিতঘাটত পাৰ্কিঙৰ ব্যৱস্থা থাকিব।

আৰু পঢ়িব পাৰিব : কন্যাক অশালীন ব্যৱহাৰ কৰাৰ বাবে স্বামীক হত্যা

এম জি ৰোড এই দুদিন ৰাইজক ব্যৱহাৰ নকৰিবলৈ যান-বাহন আৰক্ষীৰ অনুৰোধ জনায়। মালিগাঁৱৰ পৰা অহা লোকসকলে এটিৰোড হৈ আহিব লাগিব জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ৷ হেম বৰুৱা ৰোড আৰু এটি ৰোড পাৰ্কিংমুক্ত কৰা হ'ব৷ মালিগাঁৱৰ পৰা অহা গাড়ীসমূহ ভূতনাথত পাৰ্কিঙৰ ব্যৱস্থা থাকিব৷ চানমাৰি ফালৰ পৰা অহা লোকসকলে ৰিজাৰ্ভ বেংকৰ সন্মুখৰে এটিৰোড হৈ ওলাই যাব পাৰিব৷ এম জি ৰোড এৰাই চলাবলৈ ৰাইজক অনুৰোধ DCP Traffic ৰ৷ ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰিবলৈও ৰাইজক অনুৰোধ জনায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু