--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাদ মাহক আমাৰ অসমীয়া সমাজত এক পবিত্ৰ মাহ বুলি গণ্য কৰা হয়। এই পবিত্ৰ মাহটোতেই ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰো এই ভাদ মাহটোতে জন্ম হৈছিল। সেয়েহে বছৰি এই পবিত্ৰ ভাদ মাহটো ৰাজ্যৰ চৌদিশে সত্ৰ-নামঘৰ সমূহত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থাকে।

নাম-প্ৰসংগৰ লগতে নামঘৰত মাহ-প্ৰসাদ বিতৰণ কৰা হয়। মাহ-প্ৰসাদতো আছে বহু পুষ্টিকৰ গুণ এই বিষয়ে হয়তো বহু কম সংখ্যক লোকেহে জানে। ইয়াত থাকে অনেক ঔষধি গুণযুক্ত সামগ্ৰী। এই মাহ-প্ৰসাদত থকা পুষ্টিকৰ গুণ সমূহৰ বিষয়ে জানো আহক-

১) মগুমাহঃ মগুমাহ হৈছে পুষ্টিকাৰক, শক্তিবৰ্ধক। মগুমাহ খালে কফ-পিত্ত নাশ হয়। চকুৰ দৃষ্টি শক্তি বাঢ়ে।

২) বুটমাহঃ বুটমাহৰ ঔষধি গুণ হৈছে-ই তেজ বৃদ্ধি কৰে, বাত-বিষ নিৰাময় কৰে। বুটে ৰক্ত দোষ নাশ কৰে। ইয়াৰ উপৰি বুট মাহ খালে শৰীৰৰ শক্তি বাঢ়ি যায়। বুটমাহত ভিটামিন ‘এ’ আৰু ‘চি’ অধিক পৰিমাণে থাকে। 

৩) আৰৈ চাউলঃ ই হজম শক্তি বৃদ্ধি কৰে। আৰৈ চাউল দ্বাৰা পিত্ত নাশ হয় বুলি কোৱা হয়। আৰৈ-চাউল খালে দাঁতৰ গুৰি বহি যায়, দাঁত টান আৰু মজবুত হয় বুলি কোৱা হয়। ইয়াৰ উপৰি কেঁচা আৰৈ চাউলত ফ্লৰিণ বহু পৰিমাণে থাকে। ই হাড়ৰ বেমাৰৰ পৰা আমাৰ শৰীৰটোক ৰক্ষা কৰিব পাৰে।

৪) নাৰিকলঃ মাহ-প্ৰসাদত নাৰিকল নহ’লে নহয়। মাহ প্ৰসাদৰ লগত সৰু সৰুকৈ নাৰিকল কুটি দিয়া হয়। দীঘলকৈ কাটিও প্ৰসাদৰ শৰাইত উপকৰণ ৰুপে দিয়া হয়। নাৰিকলত প্ৰ'টিন থাকে। নাৰিকলত থকা ফেটি এচিড হৃদপিণ্ডৰ বাবে উপকাৰী হয়। নাৰিকলে আমাৰ ছাল ভাল কৰি ৰখাত সহায় কৰে। নাৰিকল ভাৰতৰ সকলো জনগোষ্ঠীৰ লোকৰ মাজত অতি জনপ্ৰিয় ফল।

৫) কলঃ কল এবিধ হজমকাৰী, সুস্বাদু ফল। কলত প্ৰচুৰ পৰিমাণে আইৰণ, পটাছিয়াম, ভিটামিন 'চি' আদি পুষ্টিকৰ উপাদান থাকে। কলে শৰীৰটো সুস্থ কৰি ৰখাতো সহায় কৰে। কলৰ ঔষধি গুণ সমূহ হ'ল ই তৃঞ্চা নাশক, পিত্ত নাশ কাৰক আৰু শক্তি বৃদ্ধিকাৰক।  মাহ প্ৰসাদৰ লগত কল নহ’লে উপকৰণ আধৰুৱা 

৬) আদাঃ আদা হজম শক্তি বৃদ্ধি কাৰক গুণ সম্পন্ন। আদাই হজম শক্তি বৃদ্ধি কৰে। কেতিয়াবা আমাৰ পেটৰ অসুখ হ’লে আদা কাটি নিমখৰ সৈতে খাবলৈ দিয়া হয়। কুষ্ঠ, দাঁতৰ বিষ, দাঁত ফুলা, পাণ্ডু ৰোগ বাত বিষ আদি ৰোগৰ উত্তম ঔষধ। দাঁতৰ গুৰি উখহি উঠিলে তাত আদা বটি লগালে বিষ নাইকীয়া হয়।

৭) নিমখঃ নিমখ এবিধ হজম শক্তি বঢ়োৱা লুণীয়া বস্তু। মাহ প্ৰসাদত এই নিমখ দিয়াটো অত্যন্ত জৰুৰী। নিমখ মিহলাই দিলে মাহ প্ৰসাদখিনি খাবলৈ সোৱাদ হয় আৰু আদা আৰু নিমখে ইয়াক হজম কৰাত বিশেষ সহায় কৰে।

৮) তিয়ঁহঃ মাহ প্ৰসাদৰ শৰাইখনত তিয়ঁহৰ উপকৰণ দিয়াটোও এটা নিয়ম। এই তিয়ঁহত পটাচিয়াম যথেষ্ট থাকে। শৰীৰৰ বিষ, কোষ্ঠ্য কাঠিন্য আদি নাইকীয়া কৰে। চৰ্মৰোগ, স্নায়ু দুৰ্বলতা, পেট জ্বলা পোৰা কৰা আদি ৰোগ নিৰাময় কৰে। 

৯) কুঁহিয়াৰঃ কুঁহিয়াৰ নৈবদ্যৰ এবিধ অতি লাগতিয়াল উপকৰণ। কুঁহিয়াৰ খালে দাঁতৰ শক্তি বাঢ়ে। শৰীৰ শীতল হয় আৰু পেচাব পৰিস্কাৰ কৰে।

১০) ৰবাব টেঙাঃ ৰবাব টেঙাত ভিটামিন 'চি' পোৱা যায়।

১১) মৌচুমী টেঙাঃ মৌচুমী টেঙাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। চুলি আৰু ছালৰ বাবেও মৌচুমী এবিধ উপকাৰী ফল।

১২) অন্যান্য ফলমূলঃ মানুহে নিজ পচন্দৰ ফল অনুযায়ী মাহ-প্ৰসাদৰ শৰাইখন সজায়। ইয়াত অন্যান্য ফল থাকে। এই ফলসমূহে আমাৰ স্বাস্থ্যৰ উন্নতি সাধন কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস