--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : চলচ্চিত্ৰ সমালোচকসকলৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা ‘FIPRESCI’ৰ ভাৰতৰ শাখাই প্ৰকাশ কৰা তালিকাত ২০২০ চনৰ শ্ৰেষ্ঠ ১০খন ভৰতীয় চলচ্চিত্ৰৰ মাজত স্থান লাভ কৰিছে অসমীয়া ভাষাৰ চিনেমা ‘ব্ৰীজ’-এ। ‘FIPRESCI’ এটা অতি সন্মানীয় সংস্হা, এই সংস্হাক বিশ্বৰ চলচ্চিত্ৰ জগতখনে বিশেষ মান্যতা প্ৰদান কৰি আহিছে। প্ৰতিবছৰে নিৰ্মাণ হোৱা ছবিসমূহৰপৰা ১০খন শ্ৰেষ্ঠ ছবিৰ তালিকা প্ৰকাশ কৰে এই সংস্থাটোৱে। পাছত ১০খনৰ মাজৰ পৰাই আকৌ পৰ্যায় ক্ৰমে সৰ্বশ্ৰেষ্ঠ ৩খন ছবি নিৰ্বাচন কৰা হয়।এই তালিকাত ‘ব্ৰীজ’ৰ অন্তৰ্ভুক্তিয়ে অসমৰ চলচ্চিত্ৰ অনুৰাগীসকলৰ মাজত আনন্দৰ লহৰ তুলিছে।

আৰু পঢ়িব পাৰিব : ক’ভিড ত্ৰাসৰ মাজতো আশা বিলাইছে ভাইজানে

কৃপাল কলিতাৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিত ‘ব্ৰীজ’-এ শেহতীয়াকৈ ১৯সংখ্যাক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব লছ এঞ্জেলছ (IFFLA) লৈ আমন্ত্ৰণ লাভ কৰিছে।২০-২৭ মে’, ২০২১ত অনুষ্ঠিত হ'বলগীয়া মহোৎসৱটোত ‘ব্ৰীজ’ৰ লছ এঞ্জেলছ প্ৰিমিয়াৰ হ'ব।


ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত ‘ব্ৰীজ’-এ ইতিমধ্যে ২৫খনতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অন্তৰ্ভুক্ত হৈছে। গোল্ডেন জুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবি, ১৬সংখ্যক ত্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান আৰু ৫১সংখ্যাক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল ‘ব্ৰীজ’-এ। ৰমেন ৰাভাই চিত্ৰগ্ৰহণ কৰা ‘ব্ৰীজ’ৰ সম্পাদনা কিশোৰ ডেকাৰ।

আৰু পঢ়িব পাৰিব : সুৰা নাপাই ছেনিটাইজাৰ সেৱন : ৬জন লোকৰ অপমৃত্যু

চিংক ছাউণ্ড মাধব দাস আৰু গুণজিৎ শৰ্মাৰ। ছাউণ্ড ডিজাইন আৰু মিক্সিং অমৃত প্ৰীতমৰ। ডি আই ৰাজেশ যাদবৰ। কলা-নিৰ্দেশনা দ্বিপেন চুতীয়াৰ। ‘ব্ৰীজ’ৰ মূল চৰিত্ৰটোত অভিনয় কৰিছে শিৱাৰাণী কলিতাই। আনহাতে অনিন্দিতা দাস, গোপমণি গগৈ, অনিন্দিতা দাস, পাৰ্থ প্ৰতিম বৰা, স্বপ্নীল নাথ, ভূপেন শৰ্মা, ৰোহিনী কুমাৰ ডেকা, ধনজিৎ শৰ্মা আৰু শচীন্দ্ৰ ভূঞা আদি শিল্পীয়ে কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু