--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : চলচ্চিত্ৰ সমালোচকসকলৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা ‘FIPRESCI’ৰ ভাৰতৰ শাখাই প্ৰকাশ কৰা তালিকাত ২০২০ চনৰ শ্ৰেষ্ঠ ১০খন ভৰতীয় চলচ্চিত্ৰৰ মাজত স্থান লাভ কৰিছে অসমীয়া ভাষাৰ চিনেমা ‘ব্ৰীজ’-এ। ‘FIPRESCI’ এটা অতি সন্মানীয় সংস্হা, এই সংস্হাক বিশ্বৰ চলচ্চিত্ৰ জগতখনে বিশেষ মান্যতা প্ৰদান কৰি আহিছে। প্ৰতিবছৰে নিৰ্মাণ হোৱা ছবিসমূহৰপৰা ১০খন শ্ৰেষ্ঠ ছবিৰ তালিকা প্ৰকাশ কৰে এই সংস্থাটোৱে। পাছত ১০খনৰ মাজৰ পৰাই আকৌ পৰ্যায় ক্ৰমে সৰ্বশ্ৰেষ্ঠ ৩খন ছবি নিৰ্বাচন কৰা হয়।এই তালিকাত ‘ব্ৰীজ’ৰ অন্তৰ্ভুক্তিয়ে অসমৰ চলচ্চিত্ৰ অনুৰাগীসকলৰ মাজত আনন্দৰ লহৰ তুলিছে।

আৰু পঢ়িব পাৰিব : ক’ভিড ত্ৰাসৰ মাজতো আশা বিলাইছে ভাইজানে

কৃপাল কলিতাৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিত ‘ব্ৰীজ’-এ শেহতীয়াকৈ ১৯সংখ্যাক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব লছ এঞ্জেলছ (IFFLA) লৈ আমন্ত্ৰণ লাভ কৰিছে।২০-২৭ মে’, ২০২১ত অনুষ্ঠিত হ'বলগীয়া মহোৎসৱটোত ‘ব্ৰীজ’ৰ লছ এঞ্জেলছ প্ৰিমিয়াৰ হ'ব।


ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত ‘ব্ৰীজ’-এ ইতিমধ্যে ২৫খনতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অন্তৰ্ভুক্ত হৈছে। গোল্ডেন জুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবি, ১৬সংখ্যক ত্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান আৰু ৫১সংখ্যাক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল ‘ব্ৰীজ’-এ। ৰমেন ৰাভাই চিত্ৰগ্ৰহণ কৰা ‘ব্ৰীজ’ৰ সম্পাদনা কিশোৰ ডেকাৰ।

আৰু পঢ়িব পাৰিব : সুৰা নাপাই ছেনিটাইজাৰ সেৱন : ৬জন লোকৰ অপমৃত্যু

চিংক ছাউণ্ড মাধব দাস আৰু গুণজিৎ শৰ্মাৰ। ছাউণ্ড ডিজাইন আৰু মিক্সিং অমৃত প্ৰীতমৰ। ডি আই ৰাজেশ যাদবৰ। কলা-নিৰ্দেশনা দ্বিপেন চুতীয়াৰ। ‘ব্ৰীজ’ৰ মূল চৰিত্ৰটোত অভিনয় কৰিছে শিৱাৰাণী কলিতাই। আনহাতে অনিন্দিতা দাস, গোপমণি গগৈ, অনিন্দিতা দাস, পাৰ্থ প্ৰতিম বৰা, স্বপ্নীল নাথ, ভূপেন শৰ্মা, ৰোহিনী কুমাৰ ডেকা, ধনজিৎ শৰ্মা আৰু শচীন্দ্ৰ ভূঞা আদি শিল্পীয়ে কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ