--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : অসমীয়া জনজীৱনৰ প্ৰতিচ্ছবি তুলি ধৰা বিহুগীতবোৰক মানুহৰ মনলৈকে কঢ়িয়াই নিয়া কণ্ঠ হেৰাই গ'ল। প্ৰতিজন অসমীয়াৰ শৈশৱ কৈথা যৌৱন মোহাছন্ন কৰি ৰখা আপোন মাতটো হেৰাই গ'ল। সাতবিহুৰ মাজতে বিহুগীতৰ সম্ৰাজ্ঞী ভিতালী দাসৰ বিয়োগ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি। সৰুৰে পৰা সংগীতৰ সৈতে জড়িত ভিতালী দাসৰ জন্ম ১৯৭৯চনৰ ৬জুনত উত্তৰ গুৱাহাটীৰ মাজগাঁওত। উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত পঢ়ি থকা সময়ছোৱাতে তেওঁ লাভ কৰিছিল শ্ৰেষ্ঠ গায়িকাৰ সন্মান। পৰৱৰ্তী সময়ত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত কলেজীয়া জীৱন আৰম্ভ কৰা ভিতালী দাসে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ নিজ প্ৰতিষ্ঠানখনক প্ৰতিনিধিত্ব কৰিছিল। কায়িকভাৱে ভিতালী দাস আমাৰ মাজত নাই যদিও তেওঁৰ গীত-মাত কথা আৰু কন্ঠেৰে অসমীয়াৰ মন মাজুলীত চিৰদিন জীয়াই থাকিব। ‘জোনবাইৰ দেশত ঘৰ সাজিব খোজা’ শিল্পীগৰাকীৰ বিয়োগত সামাজিক মাধ্যমযোগে তেওঁৰ সান্নিধ্য লাভ কৰা অসংখ্যজনে স্মৃতিৰ মুকুতামালা গুঠিছে।

আৰু পঢ়িব পাৰিব: বহিঃৰাজ্যৰ ব্যক্তি প্ৰৱেশৰ ক্ষেত্ৰত মেঘালয়ত নিষেধাজ্ঞা জাৰি


অসমৰ প্ৰান্তে প্ৰান্তে বিহুগীতৰ কৰ্মশালাত অংশগ্ৰহণ আৰু বিহুগীতৰ জৰিয়তে জাতিটোক প্ৰতিনিধিত্ব কৰা গুণী, প্ৰতিভাৱান শিল্পীগৰাকীয়ে অসংখ্য বিহুগীতত কন্ঠ নিগৰাইছে। জুবিন গাৰ্গ, কৃষ্ণমণি নাথ, কৃষ্ণমণি চুতীয়া আদি বহুকেইগৰাকী শিল্পীৰ সৈতে তথা এককভাৱেও পাঁচ হাজাৰৰো অধিক গীতত কন্ঠদান কৰিছিল শিল্পীগৰাকীয়ে। ৪১বছৰীয়া শিল্পীগৰাকীয়ে স্বামী আৰু ১৫বছৰীয়া কন্যা সন্তানক এৰি গৈছে।

সাতবিহুৰ মাজতে সদৌ অসম ছাত্ৰ সন্থাই জৰ্জ খেলপথাৰত আয়োজন কৰা মুকলি বিহু অনুষ্ঠানত ১৪এপ্ৰিল তাৰিখ গীত পৰিৱেশন কৰি অমিয়া মাতেৰে শ্ৰোতাসমাজক মোহাছন্ন কৰা শিল্পীগৰাকীয়ে গীত পৰিৱেশন কৰাৰ পাছতহে জনাইছিল শাৰীৰিক অসুস্থতাৰ কথা। পিছদিনা কোভিড টেষ্ট কৰাইছিল যদিও ১৬এপ্ৰিলত ফলাফল অহালৈকে শিল্পীগৰাকী গুৰুতৰভাৱে অসুস্থ হৈ পৰে আৰু ততাতৈয়াকৈ জিএমচিএইচ হাস্পতালত ভৰ্তি কৰোঁৱা হয়। ইয়াৰ পূৰ্বে তেওঁৰ স্বামী আৰু শিল্পীগৰাকীয়ে নিজে শাৰীৰিক অসুস্থতাৰ বাবে ৰাজ্যৰ বাহিৰত চিকিৎসা কৰাইছিল। সকলোৱে ভবাৰ দৰে পূৰ্বৰ দৰে শিল্পীগৰাকীয়ে এইবাৰো সুস্থ শৰীৰে উভতি আহিব বুলি আশা কৰিছিল যদিও হাস্পতালত ভৰ্তি কৰোঁৱাৰ দুদিন পাছতে তেওঁক ভেন্টিলেছনৰ ছাপ’ৰ্ট দিব লগা হয়।

আৰু পঢ়িব পাৰিব: ফোপোলা ভাষণ নালাগে, দেশে সমাধান বিচাৰিছে…

সামাজিক মাধ্যমযোগে আপোন শিল্পীগৰাকীৰ বিয়োগত তৰালি শৰ্মাই শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এনেদৰে, ‘ভিতালী বা ক'ৰ পৰা আৰম্ভ কৰিম, ক'ত শেষ কৰিম? কিমান স্মৃতি, কিমান কাহিনী, কিমান গীত! সেই পুহ, মাঘ, ফাগুণ, চ'ত, ব'হাগত আমাৰ এৰাব নোৱাৰা ব্যস্ততা৷ সেইযে উত্তৰ গুৱাহাটীৰ পৰা পুহ মাহৰ কুঁৱলী ফালি ফালি পুৱাই গুৱাহাটী আহে আপুনি; সেইযে আপোনাৰ স্কুটী খনৰ পাছফালে উঠি এটি ষ্টুডিঅ'ৰ পৰা আন এটি ষ্টুডিঅ'ত দিনৰ দিনটো, ৰাতিটো, এদিন- দুদিন, এমাহ, দুমাহ, একেলগে কটোৱা সময়বোৰ… একেলগে গোৱা গীতবোৰ… সেই সৰু সৰু ধেমালিবোৰ… সৰু সৰু কথাবোৰ…
ৰঞ্জিত দা, বিমান দা, কৃষ্ণমণি নাথ, কৃষ্ণমণি চুতীয়া, মানস ৰবীন, জান, পৰমেশ্বৰ দা, জিন্টি, জয়ন্ত দা, সোমনাথ দা, শান্তা বাইদেউ, ভদ্ৰ দা, জে ডি দা, নীতু বা, অনিতা বা, প্ৰসেন দা, দেৱেশ্বৰ দা, নিৰ্মালী বা, বৰ্ণালী, সুবাসনা….আৰু আমাৰ সেই সময়বোৰ!
আপোনাৰ কোনটো বিহুগীতৰ কথা ক'ম? জানমণি, অঞ্জনা, জোনবাই, নাহৰ, তগৰ, বাখৰ… আপুনি যিটো গীতেই গাই সেইটোৱেই যে জনপ্ৰিয় হৈছিল! আৰু আপোনাৰ মাতটো! আপোনাৰ মাততেই যে ব'হাগ বিচাৰি পাওঁ! কোৱা নহ'ল কাহানিও, কিন্তু আপুনি জানিছিল কিমান ভাল পাওঁ আপোনাক…
স্মৃতিবোৰ আলফুলে ৰাখিম জীৱনলৈ।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement