--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য্য ৰায়ৰ সৈতে প্ৰথম সাক্ষাতৰ স্মৃতি ৰোমন্থন কৰিছে তাৰকা অভিনেতা তথা স্বামী অভিষেক বচ্চনে। ইউটিউবাৰ ৰনবীৰ আল্লাহবাদিয়াৰে কথা-বতৰাৰ সময়ত তেওঁ সদৰি কৰা মতে ঐশ্বৰ্য্য ৰায়ৰ সৈতে তেওঁৰ প্ৰথম সাক্ষাৎ হৈছিল ছুইজাৰলেণ্ডত। পিতৃ অমিতাভ বচ্চন ব্যস্ত আছিল 'মৃত্যুদাতা' চিনেমাখনৰ কামত।

আৰু পঢ়িব পাৰিব: গ্ৰেপ্তাৰ দুই ভুৱা চিকিৎসকঃ প্ৰতীক্ষা হাস্পতালত আছিল কৰ্মৰত

অভিষেকে প্ৰকাশ কৰে যে, ‘চলচিত্ৰ নিৰ্মাতা কোম্পানীয়ে মোকো তেওঁলোকৰ সৈতে লৈ গৈছিল। মই যিহেতু ছুইজাৰলেণ্ডৰ ব’ৰ্ডিং স্কুলত ডাঙৰ হৈছিলোঁ গতিকে ছুইজাৰলেণ্ডৰ মনোমোহা দৃশ্যগ্ৰহণত সুবিধা হ'ব বুলি তেওঁলোকে ধাৰণা কৰিছিল। কিছুদিন ছুইজাৰলেণ্ডত অকলে থকাৰ পাছত ল'ৰালিৰ বন্ধু ববী দেউলক লগ পাইছিলোঁ। ববী তেতিয়া ব্যস্ত আছিল ‘অউৰ প্যাৰ হো গেয়া’ চিনেমাৰ শ্বুটিঙত।

আৰু পঢ়িব পাৰিব: ৰঙাঘৰৰ আলহী ৰাজনৈতিক নেতাঃ কোন এই নেতা?

অন্তৰংগ মুহূৰ্তৰ মাজতে ববীয়ে কৈছিল দ্বিতীয় ছবি 'ঢাই অক্সৰ প্ৰেম কা'ৰ কথা। যিখন ছবিত ববী দেউলৰ সৈতে অভিনয় কৰিছিল ঐশ্বৰ্য্য ৰায়ে। সেইসময়তে, ববী দেউলে চিনাকি কৰাই দিছিল ঐশ্বৰ্য্য ৰায়ৰ সৈতে। মই তেতিয়া 'প্ৰডাকচন বয়' আছিলোঁ’ বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে অভিনেতাজনে। প্ৰথমে বন্ধুত্ব, তাৰ পাছত প্ৰেম আৰু অশেষ জল্পনা-কল্পনাৰ অন্তত ২০০৭চনত দুয়ো বিবাহপাশত আবদ্ধ হয়। এতিয়া এগৰাকী কন্যা সন্তানৰ মাতৃ ঐশ্বৰ্য্য ৰায়। উল্লেখযোগ্য যে এই দুই যুটিয়ে একেলগে ‘গুৰু’,‘ৰাৱন’,‘ধুম ২’ আদি ছবিত অভিনয় কৰিছে |


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ