--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমত ন্যায় যাত্ৰা কৰি বিপদত ৰাহুল গান্ধী৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, কে চি বেণুগোপালকে ধৰি অন্যান্য দলীয় কৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। ৰাহুল গান্ধীৰ ভাৰত জোডো ন্যায় যাত্ৰাৰ মূল পথেৰে গুৱাহাটীত প্ৰৱেশৰ অনুমতি অস্বীকাৰ কৰাৰ পাছতে কংগ্ৰেছ কৰ্মীসকলে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ পৰৱৰ্তী সময়ত এই কথা প্ৰকাশ কৰিছে।

হিমন্ত বিশ্ব শৰ্মাই কয় যে “২৩ জানুৱাৰীত কংগ্ৰেছৰ সদস্যৰ দ্বাৰা অবাধ হিংসা, প্ৰৰোচনা , ৰাজহুৱা সম্পত্তিৰ ক্ষতি আৰু আৰক্ষী জোৱানৰ ওপৰত আক্ৰমণ"ৰ অভিযোগত অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধী নেতৃত্বাধীন কংগ্ৰেছৰ ন্যায় যাত্ৰাক গুৱাহাটীৰ পৰা আঁতৰি আহি তাৰ পৰিৱৰ্তে গুৱাহাটী বাইপাছ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পাছতে এই যাত্ৰাত প্ৰৱেশ বন্ধ কৰি দিয়াৰ ফলত কংগ্ৰেছ কৰ্মী আৰু আৰক্ষী জোৱানৰ মাজত সংঘৰ্ষ হয়।কংগ্ৰেছ কৰ্মীসকলে বেৰিকেড ভংগ কৰাৰ লগে লগে আৰক্ষীয়ে তেওঁলোকক বাধা দিবলৈ বল প্ৰয়োগৰ আশ্ৰয় লয়।

ইয়াৰ পাছতে ৰাহুল গান্ধীয়ে গুৱাহাটীৰ বিভিন্ন অঞ্চলত থকা দলীয় কৰ্মী আৰু সমৰ্থকসকলক সম্বোধন কৰি বেৰিকেড উফৰাই পেলাব পৰাকৈ শক্তিশালী "বব্বৰ শ্বেৰ" (সিংহ) বুলি অভিহিত কৰে। গান্ধীয়ে কয় যে আমি বেৰিকেড ভংগ কৰিছোঁ, কিন্তু আমি আইন ভংগ নকৰোঁ ।ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধী আৰু কংগ্ৰেছ কৰ্মীসকলক "নক্সালবাদী কৌশল" ব্যৱহাৰ কৰাৰ বাবে তীব্ৰ সমালোচনা কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু