--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমত ন্যায় যাত্ৰা কৰি বিপদত ৰাহুল গান্ধী৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, কে চি বেণুগোপালকে ধৰি অন্যান্য দলীয় কৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। ৰাহুল গান্ধীৰ ভাৰত জোডো ন্যায় যাত্ৰাৰ মূল পথেৰে গুৱাহাটীত প্ৰৱেশৰ অনুমতি অস্বীকাৰ কৰাৰ পাছতে কংগ্ৰেছ কৰ্মীসকলে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ পৰৱৰ্তী সময়ত এই কথা প্ৰকাশ কৰিছে।

হিমন্ত বিশ্ব শৰ্মাই কয় যে “২৩ জানুৱাৰীত কংগ্ৰেছৰ সদস্যৰ দ্বাৰা অবাধ হিংসা, প্ৰৰোচনা , ৰাজহুৱা সম্পত্তিৰ ক্ষতি আৰু আৰক্ষী জোৱানৰ ওপৰত আক্ৰমণ"ৰ অভিযোগত অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধী নেতৃত্বাধীন কংগ্ৰেছৰ ন্যায় যাত্ৰাক গুৱাহাটীৰ পৰা আঁতৰি আহি তাৰ পৰিৱৰ্তে গুৱাহাটী বাইপাছ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পাছতে এই যাত্ৰাত প্ৰৱেশ বন্ধ কৰি দিয়াৰ ফলত কংগ্ৰেছ কৰ্মী আৰু আৰক্ষী জোৱানৰ মাজত সংঘৰ্ষ হয়।কংগ্ৰেছ কৰ্মীসকলে বেৰিকেড ভংগ কৰাৰ লগে লগে আৰক্ষীয়ে তেওঁলোকক বাধা দিবলৈ বল প্ৰয়োগৰ আশ্ৰয় লয়।

ইয়াৰ পাছতে ৰাহুল গান্ধীয়ে গুৱাহাটীৰ বিভিন্ন অঞ্চলত থকা দলীয় কৰ্মী আৰু সমৰ্থকসকলক সম্বোধন কৰি বেৰিকেড উফৰাই পেলাব পৰাকৈ শক্তিশালী "বব্বৰ শ্বেৰ" (সিংহ) বুলি অভিহিত কৰে। গান্ধীয়ে কয় যে আমি বেৰিকেড ভংগ কৰিছোঁ, কিন্তু আমি আইন ভংগ নকৰোঁ ।ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধী আৰু কংগ্ৰেছ কৰ্মীসকলক "নক্সালবাদী কৌশল" ব্যৱহাৰ কৰাৰ বাবে তীব্ৰ সমালোচনা কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক