--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : অসমত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ নিৰ্বাচনী প্ৰচাৰ৷ আজি বিশ্বনাথ, গহপুৰ, দেৰগাঁৱত নিৰ্বাচনী প্ৰচাৰত অংশ লয় মন্ত্ৰীগৰাকীয়ে। শাসকীয় দলৰ হৈ নিৰ্বাচনী ৰণডংকা বজালে প্ৰতিৰক্ষামন্ত্ৰী সিঙে৷ পোণপ্ৰথমে বিশ্বনাথত উপস্থিত হয় ৰাজনাথ সিং৷ বিশ্বনাথৰ নিৰ্বাচনী সভাত ভাষণৰ আৰম্ভণিতেই লাচিত বৰফুকনৰ বীৰত্বক সুঁৱৰিলে প্ৰতিৰক্ষামন্ত্ৰীয়ে৷ সেনাক লাচিত বৰফুকন বঁটা প্ৰদান কৰা হ’ব বুলি ঘোষণাও কৰে তেওঁ৷

আৰু পঢ়িব পাৰিব :অগপৰ তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা

ইপিনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকো সুঁৱৰিলে সিঙে৷ অসমৰ সভ্য সংস্কৃতিৰে পৰিচিত বুলি উল্লেখ কৰি অসমৰ গুণ-গৰিমাত বিমুগ্ধ হোৱা বুলিও মন্তব্য কৰে প্ৰতিৰক্ষামন্ত্ৰী সিঙে৷ তেওঁৰ মন্তব্য কৰে যে, ভূপেন হাজৰিকাক বিজেপিহে সন্মান দিলে৷ ভাষণত কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰে সিঙে৷ কংগ্ৰেছে ১৫ বছৰে কৰিব নোৱাৰা কাম বিজেপিয়ে ৫ বছৰত কৰিছে বুলি তেওঁ দাবী কৰে।

আৰু পঢ়িব পাৰিব :‘খেলা হবে’ : পশ্চিমবংগৰ নিৰ্বাচনী ৰণক্ষেত্ৰত ‘আহত বাঘিনী’

তেওঁ লগতে ২০১৪চনৰৰ অপৰাচেন অলআউটৰ বিষয়েও স্মৰণ কৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ সন্মান ৰখাৰো প্ৰতিশ্ৰুতি দিয়ে সিঙে৷ বিশ্বনাথত প্ৰমোদ বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ গহপুৰত তেওঁ উৎপল বৰাৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে দেৰগাঁৱত ভবেন ভৰালীৰ হৈ চলায় প্ৰচাৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ