--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: আনবাৰতকৈ পৃথক হ'ব এইবাৰৰ গণতন্ত্ৰ দিৱস৷ ক'ভিড-১৯ মহামাৰীয়ে সলনি কৰা প্ৰেক্ষাপটত দেশৰ গণতন্ত্ৰ দিৱস উদযাপনৰ কাৰ্যসূচীও পূৰ্বতকৈ কিছু পৃথকভাৱে পৰিকল্পনা কৰা হৈছে৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচীত এইবাৰ বাদ পৰিব এইসমূহ বিষয়:

আৰু পঢ়িব পাৰিব : কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সভা, নলবাৰীত ১৪৪ ধাৰা


পাঁচ দশকতকৈও অধিক কালৰ ভিতৰত প্ৰথমবাৰৰ বাবে এই বছৰ মুখ্য অতিথি অবিহনে অনুষ্ঠিত হ'ব গণতন্ত্ৰ দিৱসৰ পেৰেড। ইয়াৰ আগতে ১৯৫২, ১৯৫৩ আৰু ১৯৬৬ চনত গণতন্ত্ৰ দিৱসৰ পেৰেডত কোনো মুখ্য অতিথি নাছিল। পেৰেডৰ সময়ত সদায় দেশবাসীক উৎসাহী কৰা এটা বিশেষ অনুষ্ঠান-- সেনা আৰু পেৰা মিলিটাৰী বাহিনীৰ জোৱানসকলৰদ্বাৰা মটৰচাইকেল ষ্টান্ট এইবাৰ নাথাকিব৷

আৰু পঢ়িব পাৰিব : ‘আয়ুষ্মান ভাৰত’ আঁচনিৰ আওতালৈ কেন্দ্ৰীয় বাহিনী, গৃহমন্ত্ৰীৰ পদক্ষেপ

মহামাৰীৰ বাবে অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ পেৰেড আৰু ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটা প্ৰাপকসকলৰ পেৰেডো এইবাৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীৰপৰা বাদ পৰিব৷

আনহাতে মহিলা ফাইটাৰ পাইলট, ৰাফাল জেটৰ ফ্লাইপাষ্ট, মাস্ক পৰিহিত সেনা জোৱান, বাংলাদেশসশস্ত্ৰ বাহিনীৰ অংশগ্ৰহণ, ৰাম মন্দিৰৰ টেব্লিউ প্ৰদৰ্শন আদি এইবাৰৰ গণতন্ত্ৰ দিৱস উদযাপনৰ বিশেষত্ব হ'ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement