--°C
Loading...
Listen to Article
2 min read
80%

জম্মু : পাকিস্তানৰ পৰা সুৰংগ পথেৰে জম্মু-কাশ্মীৰলৈ প্ৰেৰণ কৰা হৈ আহিছে সন্ত্ৰাসবাদীৰ দল। জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ভাৰতৰ নিৰাপত্তা বাহিনীসমূহে পাকিস্তানক সংলগ্ন কৰা ইটোৰ পিছত সিটো সুৰংগ পথ আৱিষ্কাৰ কৰিছে। আজি বিএছএফৰ এটা দলে আন্তঃৰাষ্ট্ৰীয় সীমান্তত পাকিস্তানে নিৰ্মাণ কৰা এটা সুৰংগপথ আৱিষ্কাৰ কৰে।

আৰু পঢ়িব পাৰিব : ‘কা’ আমি নামানোঃ পুনৰ ক্ষোভৰ জুইত জ্বলিল ৰাজ্য

এই সুৰংগ পথেৰে সন্ত্ৰাসবাদী প্ৰেৰণ কৰি ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰি আহিছিল বৈৰী দেশখনে। বিগত ১০ দিনৰ ভিতৰতে জম্মু-কাশ্মীৰৰ কাঠুৱা জিলাত এনে দ্বিতীয়টো সুৰংগৰ সন্ধান পোৱা গ’ল। নিৰাপত্তাবাহিনীসমূহে চলোৱা এটা ‘এণ্টি টানেলিং’ অভিযানত এই সুৰংগ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জিলাখনক হীৰানগৰ ছেক্টৰত উদ্ধাৰ হৈছে সুৰংগটো।

আৰু পঢ়িব পাৰিব : তিনিখনকৈ বাহনৰ মাজত সংঘৰ্ষ লতাশিলত !

আনহাতে বিগত ছমাহত ছাম্বা আৰু কাঠুৱা জিলাত ধৰা পৰা এয়া চতুৰ্থটো গুপ্ত সুৰংগ পথ। বিগত ১৩ জানুৱাৰীত কাঠুৱাৰ হীৰানগৰ ছেক্টৰতে ১৫০মিটাৰ দৈৰ্ঘ্যৰ সুৰংগপথ ধৰা পেলাইছিল। আজি ধৰা পৰা সুৰংগটোও ১৫০ মিটাৰ দৈৰ্ঘ্য আৰু ৩০ ফুট ব্যাসৰ বুলি ধাৰণা কৰা হৈছে। পাকিস্তানৰ ফালৰ পৰা এই সুৰংগ পথটো খন্দা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ