--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এগৰাকী অভিনেত্ৰীক অশ্লীল বাৰ্তা প্ৰেৰণ কৰি হাৰাশাস্তি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন নৃত্য পৰিচালকৰ পুত্ৰক৷ নৃত্য পৰিচালক আৰু পোছাক সহায়ক প্ৰসাদ বিদাপৰ পুত্ৰ এডাম বিদাপক গ্ৰেপ্তাৰ কৰা হয়। অভিযোগ অনুসৰি আদমে এগৰাকী অভিনেত্ৰীলৈ 'অশ্লীল' বাৰ্তা প্ৰেৰণ কৰাৰ পাছতে তেওঁৰ বিৰুদ্ধে আৰক্ষী চকীত অভিযোগ দাখিল কৰিছিল। এজন আৰক্ষী বিষয়াই এই সন্দৰ্ভত কয় যে, 'এগৰাকী মহিলাই অভিযোগ কৰিছিল যে আদম বিদাপে অভিনেত্ৰীগৰাকীক অশ্লীল বাৰ্তা প্ৰেৰণ কৰি হাৰাশাস্তি কৰি আছিল। আদমৰ বিৰুদ্ধে বেংগালুৰুৰ ইন্দিৰা নগৰ আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰা হৈছে। গোটেই বিষয়টোৰ সন্দৰ্ভত তেওঁক জেৰা কৰা হৈছে।' আদমৰ পিতৃ প্ৰসাদক ফেশ্বন জগতৰ পথ প্ৰদৰ্শক বুলি কোৱা হয়। তেওঁ পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো অতি সক্ৰিয় বুলি জনাজাত। অৱশ্যে, তেওঁৰ পুত্ৰৰ এই কৰ্মৰ বাবে তেওঁৰো নাম বিতৰ্কত লিপ্ত হৈছিল। অৱশ্যে তেওঁ এতিয়ালৈকে এই বিষয়ে মুখ খোলা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু