--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামলালাৰ৷ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যাত চলিছে ব্যাপক প্ৰস্তুতি৷ আজিৰে পৰা আৰম্ভ হৈছে প্ৰাণ প্ৰতিষ্ঠাৰ বিভিন্ন পৰ্ব৷ 

২১ জানুৱাৰীলৈ চলিব প্ৰাণ প্ৰতিষ্ঠাৰ পৰ্ব৷ ৰাম জনমভূমি তীৰ্থক্ষেত্ৰই আৰম্ভ কৰিলে প্ৰতিষ্ঠাৰ পৰ্ব৷ আজি সৰযু নদীৰ তীৰত পালন কৰা হ’ল বিভিন্ন ৰীতি-নীতি৷ দহবিধি স্নান, বিষ্ণু পূজা, গো–মাতা পূজন কৰা হ’ল সৰযু নদীৰ পাৰত৷ ১৭ জানুৱাৰীত ৰামলালাৰ মূৰ্তি লৈ অযোধ্যাত কৰা হ’ব ধৰ্মীয় শোভাযাত্ৰা৷ 

সৰযু নদীৰ পানী কঢ়িয়াই অনা হ’ব ৰাম মন্দিৰলৈ৷ ১৮ জানুৱাৰীত অনুষ্ঠিত হ’ব গণেশ অম্বিকা পূজা, বৰুণ পূজা, মাতৃকা পূজা,  ব্ৰাহ্মীণবৰণ, বাস্তু পূজা৷ পৱিত্ৰ অগ্নি প্ৰজ্জ্বলন হ’ব ১৯ জানুৱাৰীত৷ আনহাতে, ২০ জানুৱাৰীত সৰযু নদীৰ পানীৰে পৰিষ্কাৰ কৰা হ’ব মন্দিৰ৷ ২১ জানুৱাৰীত স্নান কৰোৱা হ’ব ৰামলালাৰ মূৰ্তি৷ 

১২৫টা পাত্ৰৰ জলেৰে স্নান কৰোৱা হ’ব ৰামলালাৰ মূৰ্তি৷ ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামলালাৰ মূৰ্তিৰ৷ ২১ জানুৱাৰীত দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব মন্দিৰ৷ ২২ জানুৱাৰীত দৰ্শনাৰ্থীৰ বাবে পুনৰ খোলা হ’ব মন্দিৰৰ দুৱাৰ৷ ২২ জানুৱাৰীৰ ১২.২০ মিনিটত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব৷ 

৭ হাজাৰ লোক উপস্থিত থাকিব প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত৷ শচীন তেণ্ডুলকাৰ, বিৰাট কোহলী, অমিতাভ বচ্চনকে ধৰি দেশৰ মহাতাৰকাসকলক নিমন্ত্ৰণ জনোৱা হৈছে অনুষ্ঠানলৈ৷ ১০০খন চাৰ্টাৰ্ড বিমানেৰে অযোধ্যাত উপস্থিত হ’ব VIP, VVIP৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত হ’ব প্ৰাণ প্ৰতিষ্ঠা৷ ইতিমধ্যে, অযোধ্যাত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু