--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামলালাৰ৷ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যাত চলিছে ব্যাপক প্ৰস্তুতি৷ আজিৰে পৰা আৰম্ভ হৈছে প্ৰাণ প্ৰতিষ্ঠাৰ বিভিন্ন পৰ্ব৷ 

২১ জানুৱাৰীলৈ চলিব প্ৰাণ প্ৰতিষ্ঠাৰ পৰ্ব৷ ৰাম জনমভূমি তীৰ্থক্ষেত্ৰই আৰম্ভ কৰিলে প্ৰতিষ্ঠাৰ পৰ্ব৷ আজি সৰযু নদীৰ তীৰত পালন কৰা হ’ল বিভিন্ন ৰীতি-নীতি৷ দহবিধি স্নান, বিষ্ণু পূজা, গো–মাতা পূজন কৰা হ’ল সৰযু নদীৰ পাৰত৷ ১৭ জানুৱাৰীত ৰামলালাৰ মূৰ্তি লৈ অযোধ্যাত কৰা হ’ব ধৰ্মীয় শোভাযাত্ৰা৷ 

সৰযু নদীৰ পানী কঢ়িয়াই অনা হ’ব ৰাম মন্দিৰলৈ৷ ১৮ জানুৱাৰীত অনুষ্ঠিত হ’ব গণেশ অম্বিকা পূজা, বৰুণ পূজা, মাতৃকা পূজা,  ব্ৰাহ্মীণবৰণ, বাস্তু পূজা৷ পৱিত্ৰ অগ্নি প্ৰজ্জ্বলন হ’ব ১৯ জানুৱাৰীত৷ আনহাতে, ২০ জানুৱাৰীত সৰযু নদীৰ পানীৰে পৰিষ্কাৰ কৰা হ’ব মন্দিৰ৷ ২১ জানুৱাৰীত স্নান কৰোৱা হ’ব ৰামলালাৰ মূৰ্তি৷ 

১২৫টা পাত্ৰৰ জলেৰে স্নান কৰোৱা হ’ব ৰামলালাৰ মূৰ্তি৷ ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামলালাৰ মূৰ্তিৰ৷ ২১ জানুৱাৰীত দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব মন্দিৰ৷ ২২ জানুৱাৰীত দৰ্শনাৰ্থীৰ বাবে পুনৰ খোলা হ’ব মন্দিৰৰ দুৱাৰ৷ ২২ জানুৱাৰীৰ ১২.২০ মিনিটত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব৷ 

৭ হাজাৰ লোক উপস্থিত থাকিব প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত৷ শচীন তেণ্ডুলকাৰ, বিৰাট কোহলী, অমিতাভ বচ্চনকে ধৰি দেশৰ মহাতাৰকাসকলক নিমন্ত্ৰণ জনোৱা হৈছে অনুষ্ঠানলৈ৷ ১০০খন চাৰ্টাৰ্ড বিমানেৰে অযোধ্যাত উপস্থিত হ’ব VIP, VVIP৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত হ’ব প্ৰাণ প্ৰতিষ্ঠা৷ ইতিমধ্যে, অযোধ্যাত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক