--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটন : অৱশেষত পৰাজয় স্বীকাৰ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। জ’ বাইডেনৰ হাতত নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত বাইডেনৰ পৰাজয়ক অস্বীকাৰ কৰিবলৈ ভালেমান বৃথা চেষ্টা চলোৱাৰ পাছত বৃহস্পতিবাৰে নিজৰ পৰাজয় স্বীকাৰ কৰি লোৱাৰ ইংগিত দিছে ট্ৰাম্পে।

আৰু পঢ়িব পাৰিব : ভাল-খবৰ: ইণ্ডিয়ান পেনোৰামাৰ প্ৰতিযোগিতাত প্ৰৱেশ অসমীয়া ছবি

২০ জানুৱাৰীত স্বেচ্ছাই হোৱাইট হাউছ ত্যাগৰ ইংগিত দি ট্ৰাম্পে লিখিছে, জ’ বাইডেনৰ কাৰ্যকালৰ বাবে ২০ জানুৱাৰীত ক্ষমতাৰ ‘সুশৃংখলিত হস্তান্তৰ’ হ’ব। ট্ৰাম্পৰ সমৰ্থকে মাৰ্কিন সংসদৰ চৌহদত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত কৰাৰ পাছত বিতৰ্কত সাঙোৰ খাই পৰিছিল ট্ৰাম্প। হোৱাইট হাউছৰ পৰা তেওঁক অপসাৰণৰ বিষয়েও চৰ্চা চলিছিল। তাৰ মাজতে মাৰ্কিন কংগ্ৰেছে ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জ’ বাইডেনৰ বিজয়ক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰে। তাৰ পাছতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পৰাজয় স্বীকাৰৰ ইংগিত দিছে ট্ৰাম্পে।

আৰু পঢ়িব পাৰিব : জ’ বাইডেনৰ বিজয়ত মাৰ্কিন কংগ্ৰেছৰ আনুষ্ঠানিক মোহৰ

তেওঁ লিখিছে, ‘যদিও মই নিৰ্বাচনী ফলাফলক মানি ল’বলৈ সম্পূৰ্ণভাৱে অসন্মত আৰু সত্য মোৰ সপক্ষে তথাপি ২০ জানুৱাৰীত ক্ষমতাৰ সুশৃংখলিত হস্তান্তৰ কৰা হ’ব।’ তেওঁ লগতে লিখিছে, ‘যদিও এই কথাই মহানতম প্ৰথমটো ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ সমাপ্তি ঘটাব তথাপি আমেৰিকাক আকৌ মহৎ কৰি তুলিবলৈ আমাৰ যুঁজৰ এয়া আৰম্ভণিহে।’ ট্ৰাম্পৰ এই মন্তব্যই ২০২৪চনত পুনৰ তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰো ইংগিত দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ