--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

কাবুলঃ বিগত সময়ছোৱাত তালিবানে আফগানিস্তানৰ অন্যতম প্ৰাদেশিক চহৰ দখল কৰিছে। ৰাজধানী কাবুলৰ পতনৰ ভাবুকিৰ বাবে ঘানি চৰকাৰ আতংকিত হৈ পৰিছে। তালিবানে দেওবাৰে যুঁজত অৱতীৰ্ণ নোহোৱাকৈ আফগানিস্তানৰ পূব অংশৰ অন্যতম গুৰুত্বপূৰ্ণ চহৰ জালালাবাদ দখল কৰে। উল্লেখ্য যে, এই চহৰখনৰ পতনৰ মাজেৰে আফগানিস্তানৰ ৰাজধানী কাবুল দখলৰ পথ প্ৰায় প্ৰশস্ত হৈ পৰিছে। সম্প্ৰতি দেশখনৰ সকলো গুৰুত্বপূৰ্ণ চহৰত তালিবানৰ নিয়ন্ত্ৰণাধীন।


তালিবানে শনিবাৰে উত্তৰৰ মাজাৰ-ই-শ্বৰীফ চহৰ দখল কৰিছে। চৰকাৰৰ চৰম ব্যৰ্থতাৰ পাছত আফগান ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিৰ বিৰুদ্ধে সৰব হৈ পৰিছে আফগান নাগৰিক। ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে পদত্যাগৰ শ্লোগান নাগৰিকৰ। আফগানিস্তানৰ ৰাষ্ট্ৰপতিয়ে কাবুলত নিয়ন্ত্ৰণ বজাই ৰাখিবলৈ যুঁজ দিব নে আত্মসমৰ্পণ কৰিব তাকে লৈ উদ্বগ্নি সকলো। ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিৰ ভাষণ শনিবাৰে আফগান দূৰদৰ্শনত সম্প্ৰচাৰ হৈছিল।

আশ্ৰাফ ঘানিয়ে তেওঁৰ ভাষণত তালিবানৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে তালিবানৰ বিৰুদ্ধে সৈন্যসকলক একত্ৰিত কৰা বুলিও সদৰী কৰিছে। কিন্তু ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰত্যুত্তৰত বিশ্লেষকসকলে ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিয়ে তালিবানৰ আক্ৰমণত বিচলিত হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বিনাদ্বিধাই তালিবানে এটাৰ পিছত এটা অঞ্চল দখল কৰা ঘটনাই আফগান চৰকাৰৰ বিফল স্থিতিকে প্ৰতীয়মান কৰিছে। সংবাদগোষ্ঠী বিবিচিয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, আফগানিস্তানৰ ২৪ খন প্ৰদেশৰ ২৩ খন সম্প্ৰতি তালিবানৰ দখলত। আফগানিস্তানৰ চতুৰ্থ বৃহত্তম চহৰ আৰু বাল্খ প্ৰদেশৰ ৰাজধানী মাজাৰ-ই-শ্বৰীফ দখল কৰিছে তালিবানে।
ইফালে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে শনিবাৰে ৫,০০০ আমেৰিকান সৈন্য প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়।জালালাবাদৰ পতনৰ পাছত পাকিস্তানৰ পেছাৱাৰ চহৰলৈ যোৱা মূল ঘাইপথটোও ইতিমধ্যে তালিবানৰ নিয়ন্ত্ৰণলৈ গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement