--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ বিগত সময়ছোৱাত তালিবানে আফগানিস্তানৰ অন্যতম প্ৰাদেশিক চহৰ দখল কৰিছে। ৰাজধানী কাবুলৰ পতনৰ ভাবুকিৰ বাবে ঘানি চৰকাৰ আতংকিত হৈ পৰিছে। তালিবানে দেওবাৰে যুঁজত অৱতীৰ্ণ নোহোৱাকৈ আফগানিস্তানৰ পূব অংশৰ অন্যতম গুৰুত্বপূৰ্ণ চহৰ জালালাবাদ দখল কৰে। উল্লেখ্য যে, এই চহৰখনৰ পতনৰ মাজেৰে আফগানিস্তানৰ ৰাজধানী কাবুল দখলৰ পথ প্ৰায় প্ৰশস্ত হৈ পৰিছে। সম্প্ৰতি দেশখনৰ সকলো গুৰুত্বপূৰ্ণ চহৰত তালিবানৰ নিয়ন্ত্ৰণাধীন।


তালিবানে শনিবাৰে উত্তৰৰ মাজাৰ-ই-শ্বৰীফ চহৰ দখল কৰিছে। চৰকাৰৰ চৰম ব্যৰ্থতাৰ পাছত আফগান ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিৰ বিৰুদ্ধে সৰব হৈ পৰিছে আফগান নাগৰিক। ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে পদত্যাগৰ শ্লোগান নাগৰিকৰ। আফগানিস্তানৰ ৰাষ্ট্ৰপতিয়ে কাবুলত নিয়ন্ত্ৰণ বজাই ৰাখিবলৈ যুঁজ দিব নে আত্মসমৰ্পণ কৰিব তাকে লৈ উদ্বগ্নি সকলো। ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিৰ ভাষণ শনিবাৰে আফগান দূৰদৰ্শনত সম্প্ৰচাৰ হৈছিল।

আশ্ৰাফ ঘানিয়ে তেওঁৰ ভাষণত তালিবানৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে তালিবানৰ বিৰুদ্ধে সৈন্যসকলক একত্ৰিত কৰা বুলিও সদৰী কৰিছে। কিন্তু ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰত্যুত্তৰত বিশ্লেষকসকলে ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিয়ে তালিবানৰ আক্ৰমণত বিচলিত হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বিনাদ্বিধাই তালিবানে এটাৰ পিছত এটা অঞ্চল দখল কৰা ঘটনাই আফগান চৰকাৰৰ বিফল স্থিতিকে প্ৰতীয়মান কৰিছে। সংবাদগোষ্ঠী বিবিচিয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, আফগানিস্তানৰ ২৪ খন প্ৰদেশৰ ২৩ খন সম্প্ৰতি তালিবানৰ দখলত। আফগানিস্তানৰ চতুৰ্থ বৃহত্তম চহৰ আৰু বাল্খ প্ৰদেশৰ ৰাজধানী মাজাৰ-ই-শ্বৰীফ দখল কৰিছে তালিবানে।
ইফালে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে শনিবাৰে ৫,০০০ আমেৰিকান সৈন্য প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়।জালালাবাদৰ পতনৰ পাছত পাকিস্তানৰ পেছাৱাৰ চহৰলৈ যোৱা মূল ঘাইপথটোও ইতিমধ্যে তালিবানৰ নিয়ন্ত্ৰণলৈ গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু