--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ বাবে আকৌ এবাৰ ত্ৰাণকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হ’ল বিগ ব্ৰাডাৰ ভাৰত। আৰৱ সাগৰৰ বুকুৰ পৰা ভাৰতে ৰক্ষা কৰিলে ২৩ গৰাকী পাকিস্তানী নাগৰিকক। ছোমালিয়াৰ জলদস্যুৰ কৱলৰ পৰা সুৰক্ষিতভাৱে ২৩ গৰাকী পাকিস্তানীক উদ্ধাৰ কৰে ভাৰতীয় নৌ সেনাই। শুকুৰবাৰে এডেন উপ–সাগৰত ভাৰতীয় নৌ–সেনাই চলোৱা ১২ ঘণ্টীয়া এক অপাৰেচনত এনেদৰে উদ্ধাৰ কৰিলে ভাৰতৰ বিৰুদ্ধে প্ৰতিমূহূৰ্ততে ষড়যন্ত্ৰ ৰচি অহা পাকিস্তানৰ ২৩ গৰাকী নাগৰিকক। 

দৰাচলতে ছোমালিয়াৰ জলদস্যুৱে অপহৰণ কৰিছিল এক ইৰাণী মাছমৰীয়া জাহাজ। ২৮ মাৰ্চত অপহৃত জাহাজখনত বাহৰ পাতিছিল ৯টাকৈ ছোমালিয়াৰ জলদস্যুৱে। ইতিমধ্যে ছোমালিয়াৰ জলদস্যুৰ বিৰুদ্ধে আৰৱ সাগৰত অভিযান অব্যাহত ৰাখিছিল ভাৰতীয় নৌ–সেনাই। 

কালি জাহাজখন অপহৃত হোৱাৰ খবৰ পোৱাৰ পাছতেই জলদস্যুৰ সন্ধানত অভিযান আৰম্ভ কৰিছিল ভাৰতীয় নৌ–সেনাৰ যুদ্ধজাহাজ INS সুমেধাই। যাৰ পাছতে এই অভিযানত যোগ দিছিল আন এক ভাৰতীয় যুদ্ধ জাহাজ INS ত্ৰিশূলে। দুয়োখন যুদ্ধ জাহাজৰে ভাৰতীয় নৌ–সেনাই চলোৱা ১২ ঘণ্টীয়া অভিযানৰ পাছত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল জলদস্যুৰ দলটো। 

যাৰ কৱলৰ পৰা নৌ–সেনাই সুকলমে উদ্ধাৰ কৰিছিল ২৩ গৰাকী পাকিস্তানী নাগৰিকক। বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা ইজৰাইল–হামাছ সংঘৰ্ষৰ পাছতে আৰৱ সাগৰত বৃদ্ধি পাইছিল ছোমালিয়াৰ জলদস্যুৰ সন্ত্ৰাস। যাক উচিত প্ৰত্যুত্তৰ দি আহিছে ভাৰতীয় নৌ–সেনাই। ১৫ মাৰ্চতো ভাৰতীয় নৌসেনাই ৪০ ঘণ্টীয়া অভিযানৰ অন্তত উদ্ধাৰ কৰিছিল ৩ মাহ পূৰ্বে অপহৃত মাল্টাৰ এক বাণিজ্যিক জাহাজত। ১৭ গৰাকী নাবিকক উদ্ধাৰ কৰাৰ লগতে নৌসেনাই আটক কৰিছিল ৩৫ টা ছোমালিয়াৰ জলদস্যুক। ২৯ জানুৱাৰীতো ইৰানৰ জাহাজৰ পৰা ১৭ গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় নৌ–সেনাই। 

তাৰ পূৰ্বে ৪ জানুৱাৰীত লাইবেৰীয়াৰ এখন জাহাজৰ পৰা দুঃসাহসিক অভিযানৰ অন্তত উদ্ধাৰ কৰিছিল ১৫ গৰাকী ভাৰতীয়ক। যাৰ বাবে এইমুহূৰ্তত ছোমালিয়াৰ জলদস্যুৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে বিশ্বৰ অন্যতম শক্তিশালী বাহিনী ভাৰতীয় নৌ–সেনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক