--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ বাবে আকৌ এবাৰ ত্ৰাণকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হ’ল বিগ ব্ৰাডাৰ ভাৰত। আৰৱ সাগৰৰ বুকুৰ পৰা ভাৰতে ৰক্ষা কৰিলে ২৩ গৰাকী পাকিস্তানী নাগৰিকক। ছোমালিয়াৰ জলদস্যুৰ কৱলৰ পৰা সুৰক্ষিতভাৱে ২৩ গৰাকী পাকিস্তানীক উদ্ধাৰ কৰে ভাৰতীয় নৌ সেনাই। শুকুৰবাৰে এডেন উপ–সাগৰত ভাৰতীয় নৌ–সেনাই চলোৱা ১২ ঘণ্টীয়া এক অপাৰেচনত এনেদৰে উদ্ধাৰ কৰিলে ভাৰতৰ বিৰুদ্ধে প্ৰতিমূহূৰ্ততে ষড়যন্ত্ৰ ৰচি অহা পাকিস্তানৰ ২৩ গৰাকী নাগৰিকক। 

দৰাচলতে ছোমালিয়াৰ জলদস্যুৱে অপহৰণ কৰিছিল এক ইৰাণী মাছমৰীয়া জাহাজ। ২৮ মাৰ্চত অপহৃত জাহাজখনত বাহৰ পাতিছিল ৯টাকৈ ছোমালিয়াৰ জলদস্যুৱে। ইতিমধ্যে ছোমালিয়াৰ জলদস্যুৰ বিৰুদ্ধে আৰৱ সাগৰত অভিযান অব্যাহত ৰাখিছিল ভাৰতীয় নৌ–সেনাই। 

কালি জাহাজখন অপহৃত হোৱাৰ খবৰ পোৱাৰ পাছতেই জলদস্যুৰ সন্ধানত অভিযান আৰম্ভ কৰিছিল ভাৰতীয় নৌ–সেনাৰ যুদ্ধজাহাজ INS সুমেধাই। যাৰ পাছতে এই অভিযানত যোগ দিছিল আন এক ভাৰতীয় যুদ্ধ জাহাজ INS ত্ৰিশূলে। দুয়োখন যুদ্ধ জাহাজৰে ভাৰতীয় নৌ–সেনাই চলোৱা ১২ ঘণ্টীয়া অভিযানৰ পাছত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল জলদস্যুৰ দলটো। 

যাৰ কৱলৰ পৰা নৌ–সেনাই সুকলমে উদ্ধাৰ কৰিছিল ২৩ গৰাকী পাকিস্তানী নাগৰিকক। বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা ইজৰাইল–হামাছ সংঘৰ্ষৰ পাছতে আৰৱ সাগৰত বৃদ্ধি পাইছিল ছোমালিয়াৰ জলদস্যুৰ সন্ত্ৰাস। যাক উচিত প্ৰত্যুত্তৰ দি আহিছে ভাৰতীয় নৌ–সেনাই। ১৫ মাৰ্চতো ভাৰতীয় নৌসেনাই ৪০ ঘণ্টীয়া অভিযানৰ অন্তত উদ্ধাৰ কৰিছিল ৩ মাহ পূৰ্বে অপহৃত মাল্টাৰ এক বাণিজ্যিক জাহাজত। ১৭ গৰাকী নাবিকক উদ্ধাৰ কৰাৰ লগতে নৌসেনাই আটক কৰিছিল ৩৫ টা ছোমালিয়াৰ জলদস্যুক। ২৯ জানুৱাৰীতো ইৰানৰ জাহাজৰ পৰা ১৭ গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় নৌ–সেনাই। 

তাৰ পূৰ্বে ৪ জানুৱাৰীত লাইবেৰীয়াৰ এখন জাহাজৰ পৰা দুঃসাহসিক অভিযানৰ অন্তত উদ্ধাৰ কৰিছিল ১৫ গৰাকী ভাৰতীয়ক। যাৰ বাবে এইমুহূৰ্তত ছোমালিয়াৰ জলদস্যুৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে বিশ্বৰ অন্যতম শক্তিশালী বাহিনী ভাৰতীয় নৌ–সেনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প