--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চৌদি আৰবে চলিত বৰ্ষত  প্ৰথমবাৰৰ বাবে মিছ ইউনিভাৰ্ছ সৌন্দৰ্য প্ৰতিযোগিতাত প্ৰৱেশ কৰিবলৈ সাজু হৈছে। ৰিয়াধৰ এগৰাকী মডেল ৰুমি আলকাহতানীয়ে বিশ্ব মঞ্চত ৰাষ্ট্ৰখনক প্ৰতিনিধিত্ব কৰিব। ইনষ্টাগ্ৰামত এক মিলিয়ন অনুসৰণকাৰী থকা  আলকাহতানীয়ে মিছ ইউনিভাৰ্ছ সৌন্দৰ্য প্ৰতিযোগিতাত তেওঁৰ অংশগ্ৰহণৰ কথা ঘোষণা কৰে।  

"মিছ ইউনিভাৰ্ছ চৌদি আৰৱ"  আৰু চৌদি পতাকাৰ সৈতে ৰূপালী চিকুইন গাউন পৰিধান কৰি থকা  তেওঁৰ এখন ফটোও শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে, "মিছ ইউনিভাৰ্ছ ২০২৪  ত অংশগ্ৰহণ কৰিবলৈ পাই  সন্মানিত অনুভৱ কৰিছো। মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত চৌদি আৰৱৰ এয়া  প্ৰথম অংশগ্ৰহণ।"  ৰুমি আলকাহতানী হৈছে চৌদি আৰৱৰ ৰিয়াধৰ এগৰাকী মডেল আৰু ছ'চিয়েল মিডিয়াৰ সৈতে জড়িত ব্যক্তি । তেওঁ দন্ত চিকিৎসাত স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু আৰবী, ফৰাচী তথা  ইংৰাজী ভাষা সাৱলীলভাবে ক’ব পাৰে। 


তেওঁ মালয়েছিয়াত অনুষ্ঠিত মিছ এণ্ড মিচেছ গ্লোবেল এছিয়ান প্ৰতিযোগিতা, মিছ আৰৱ  আৰু মিছ ইউৰোপকে ধৰি কেইবাখনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিছে। তেওঁ কেইবাটাও সন্মানীয় খিতাপ জিকিছে, যাৰ ভিতৰত আছে মিছ চৌদি আৰৱ, মিছ মিডল ইষ্ট, মিছ আৰৱ ৱৰ্ল্ড পিচ, আৰু মিছ ৱমেন (চৌদি আৰৱ), এমিৰেটছ ৱমেন।  আলকাহতানীৰ ভ্ৰমণৰ প্ৰতি আগ্ৰহ আছে আৰু তেওঁ ইউ.এ.ই., ইজিপ্ত আৰু ইটালীকে ধৰি কেইবাখনো দেশ ভ্ৰমণ কৰিছে।  

ফেব্ৰুৱাৰী ২০২৪ -ত ৰেড ক্ৰছৰ আন্তৰ্জাতিক সমিতিয়ে (আইচিআৰচি)  আলকাহতানীক গুডউইল এম্বেচেডৰ হিচাপে নিযুক্তি দিয়ে ।জেনেভাত মানৱ অধিকাৰ ২০২৪ ৰ  সপ্তম বিশ্ব সন্মিলনলৈ  তেওঁক মুখ্য বক্তা হিচাপেও আমন্ত্ৰণ জনোৱা হৈছে৷ মিছ ইউনিভাৰ্ছ ২০২৪ প্ৰতিযোগিতাৰ ৭৩ সংখ্যক  সংস্কৰণ ১৮ ছেপ্টেম্বৰত মেক্সিকোত অনুষ্ঠিত হ'ব৷ নিকাৰাগুয়াৰ  মিছ ইউনিভাৰ্ছ শ্বেইনিছ পালাচিওছে তেওঁৰ মুকুট তেওঁৰ উত্তৰাধিকাৰীৰ শিৰত পিন্ধাই দিব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে