--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চৌদি আৰবে চলিত বৰ্ষত  প্ৰথমবাৰৰ বাবে মিছ ইউনিভাৰ্ছ সৌন্দৰ্য প্ৰতিযোগিতাত প্ৰৱেশ কৰিবলৈ সাজু হৈছে। ৰিয়াধৰ এগৰাকী মডেল ৰুমি আলকাহতানীয়ে বিশ্ব মঞ্চত ৰাষ্ট্ৰখনক প্ৰতিনিধিত্ব কৰিব। ইনষ্টাগ্ৰামত এক মিলিয়ন অনুসৰণকাৰী থকা  আলকাহতানীয়ে মিছ ইউনিভাৰ্ছ সৌন্দৰ্য প্ৰতিযোগিতাত তেওঁৰ অংশগ্ৰহণৰ কথা ঘোষণা কৰে।  

"মিছ ইউনিভাৰ্ছ চৌদি আৰৱ"  আৰু চৌদি পতাকাৰ সৈতে ৰূপালী চিকুইন গাউন পৰিধান কৰি থকা  তেওঁৰ এখন ফটোও শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে, "মিছ ইউনিভাৰ্ছ ২০২৪  ত অংশগ্ৰহণ কৰিবলৈ পাই  সন্মানিত অনুভৱ কৰিছো। মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত চৌদি আৰৱৰ এয়া  প্ৰথম অংশগ্ৰহণ।"  ৰুমি আলকাহতানী হৈছে চৌদি আৰৱৰ ৰিয়াধৰ এগৰাকী মডেল আৰু ছ'চিয়েল মিডিয়াৰ সৈতে জড়িত ব্যক্তি । তেওঁ দন্ত চিকিৎসাত স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু আৰবী, ফৰাচী তথা  ইংৰাজী ভাষা সাৱলীলভাবে ক’ব পাৰে। 


তেওঁ মালয়েছিয়াত অনুষ্ঠিত মিছ এণ্ড মিচেছ গ্লোবেল এছিয়ান প্ৰতিযোগিতা, মিছ আৰৱ  আৰু মিছ ইউৰোপকে ধৰি কেইবাখনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিছে। তেওঁ কেইবাটাও সন্মানীয় খিতাপ জিকিছে, যাৰ ভিতৰত আছে মিছ চৌদি আৰৱ, মিছ মিডল ইষ্ট, মিছ আৰৱ ৱৰ্ল্ড পিচ, আৰু মিছ ৱমেন (চৌদি আৰৱ), এমিৰেটছ ৱমেন।  আলকাহতানীৰ ভ্ৰমণৰ প্ৰতি আগ্ৰহ আছে আৰু তেওঁ ইউ.এ.ই., ইজিপ্ত আৰু ইটালীকে ধৰি কেইবাখনো দেশ ভ্ৰমণ কৰিছে।  

ফেব্ৰুৱাৰী ২০২৪ -ত ৰেড ক্ৰছৰ আন্তৰ্জাতিক সমিতিয়ে (আইচিআৰচি)  আলকাহতানীক গুডউইল এম্বেচেডৰ হিচাপে নিযুক্তি দিয়ে ।জেনেভাত মানৱ অধিকাৰ ২০২৪ ৰ  সপ্তম বিশ্ব সন্মিলনলৈ  তেওঁক মুখ্য বক্তা হিচাপেও আমন্ত্ৰণ জনোৱা হৈছে৷ মিছ ইউনিভাৰ্ছ ২০২৪ প্ৰতিযোগিতাৰ ৭৩ সংখ্যক  সংস্কৰণ ১৮ ছেপ্টেম্বৰত মেক্সিকোত অনুষ্ঠিত হ'ব৷ নিকাৰাগুয়াৰ  মিছ ইউনিভাৰ্ছ শ্বেইনিছ পালাচিওছে তেওঁৰ মুকুট তেওঁৰ উত্তৰাধিকাৰীৰ শিৰত পিন্ধাই দিব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক