--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : তালিবানক লৈ আফগানিস্তান-পাকিস্তানৰ মাজৰ সম্পৰ্ক বিঘ্নিত হোৱাৰ পাছত শেহতীয়াকৈ আন ভালেমান পাৰ্শ্বক্ৰিয়া সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, পাকিস্তানত থকা আফগান ৰাষ্ট্ৰদূতৰ কন্যাক অপহৰণ কৰা হৈছে। তেওঁক কোনো অজ্ঞাত আততায়ীয়ে কেইবাঘণ্টা আবদ্ধ কৰি ৰাখি নিৰ্মম অত্যাচাৰ চলোৱা বুলি প্ৰকাশ কৰিছে আফগানিস্তান চৰকাৰে।

শনিবাৰে এই ঘটনাৰ বিষয়ে প্ৰকাশ কৰে আফগানিস্তান চৰকাৰে। ছিলছিলা আলিখি নামৰ ৰাষ্ট্ৰদূতৰ কন্যাগৰাকীক অপহৰণ কৰি কেইবাঘণ্টাৰ বাবে আবদ্ধ কৰি ৰখাৰ লগতে তেওঁ অতি ব্যাপকভাৱে অত্যাচাৰ কৰা হয় বুলি প্ৰকাশ কৰিছে আফগান চৰকাৰে। অপহৰণকাৰীৰ অত্যাচাৰত আহত হৈ পৰা আলিখিক চিকিৎসা চলাই থকা হৈছে। পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ে এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত চলাই থকা বুলি প্ৰকাশ কৰিছে। ইফালে, পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে এই ঘটনাক অগ্ৰাধিকাৰৰ ভিত্তিত তদন্ত কৰাটো বিচাৰিছে। ৪৮ঘণ্টাৰ ভিতৰত অপৰাধীক গ্ৰেপ্তাৰ কৰা হব বুলি প্ৰকাশ কৰিছে দেশখনৰ বৈদেশিক মন্ত্ৰী শ্বেইখ ৰছিদ আহমেদে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ