--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰৰ বাবে পানী অতি গুৰুত্বপূৰ্ণ। পানী অবিহনে জীয়াই থাকিব নোৱাৰি। হয়, মানুহে যিমানেই পানী খায় সিমানেই উপকৃত হয়। আনহাতে যদি শৰীৰত পানীৰ অভাৱ হয় তেন্তে বহু ৰোগে আপোনাক আগুৰি ধৰিব পাৰে। ইয়াৰ লগতে পানীৰ অভাৱত ডিহাইড্ৰেচন হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। যদিও গ্ৰীষ্মকালত ডিহাইড্ৰেচন এটা সাধাৰণ সমস্যা, কিন্তু আপুনি জানেনে যে ডিহাইড্ৰেচন সমস্যা হ’লে শৰীৰে আপোনাক সংকেত দিয়ে। ডিহাইড্ৰেচন হ’লে শৰীৰে কি কি সংকেত দিয়ে জানি লওক।

ডিহাইড্ৰেচন হ’লে শৰীৰে এই সংকেতবোৰ দিয়ে-

১) ছাল শুকান হৈ থাকেঃ শৰীৰত পানীৰ অভাৱ হলে ছাল শুকান হয় থাকে। যাৰ বাবে ছালৰ খজুৱতি, ফোহা আদি সমস্যা আৰম্ভ হয়। যদি আপোনাৰ ছালখনো শুকান হৈ থাকে, তেন্তে বুজিব যে আপোনাৰ শৰীৰত পানীৰ অভাৱ হৈছে।

২) প্ৰস্ৰাৱৰ সমস্যাঃ যদি আপোনাৰ প্ৰস্ৰাৱৰ ৰং পাতল স্বচ্ছ হয়, তেন্তে বুজিব যে আপোনাৰ শৰীৰত পানীৰ অভাৱ হোৱা নাই, কিন্তু যদি প্ৰস্ৰাৱৰ ৰং হালধীয়া হয় তেন্তে ইয়াক আওকাণ নকৰিব কাৰণ ই পানীৰ অভাৱৰ লক্ষণ। হয়, যদি আপুনিও এনে সমস্যাৰ সন্মুখীন হৈছে তেন্তে ভুলতো আওকাণ নকৰিব আৰু লগে লগে পানীৰ পৰিমাণ বৃদ্ধি কৰিব।

৩) মুখৰ দুৰ্গন্ধঃ শৰীৰত পানীৰ অভাৱত মুখ আৰু ডিঙি শুকান হৈ পৰে, যাৰ ফলত মুখৰ পৰা দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে। গতিকে যদি আপোনাৰ মুখৰ পৰাও দুৰ্গন্ধ ওলাই আছে, তেন্তে আপুনি সজাগ হোৱা উচিত। প্ৰচুৰ পৰিমাণে পানী খাব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে