--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰৰ বাবে পানী অতি গুৰুত্বপূৰ্ণ। পানী অবিহনে জীয়াই থাকিব নোৱাৰি। হয়, মানুহে যিমানেই পানী খায় সিমানেই উপকৃত হয়। আনহাতে যদি শৰীৰত পানীৰ অভাৱ হয় তেন্তে বহু ৰোগে আপোনাক আগুৰি ধৰিব পাৰে। ইয়াৰ লগতে পানীৰ অভাৱত ডিহাইড্ৰেচন হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। যদিও গ্ৰীষ্মকালত ডিহাইড্ৰেচন এটা সাধাৰণ সমস্যা, কিন্তু আপুনি জানেনে যে ডিহাইড্ৰেচন সমস্যা হ’লে শৰীৰে আপোনাক সংকেত দিয়ে। ডিহাইড্ৰেচন হ’লে শৰীৰে কি কি সংকেত দিয়ে জানি লওক।

ডিহাইড্ৰেচন হ’লে শৰীৰে এই সংকেতবোৰ দিয়ে-

১) ছাল শুকান হৈ থাকেঃ শৰীৰত পানীৰ অভাৱ হলে ছাল শুকান হয় থাকে। যাৰ বাবে ছালৰ খজুৱতি, ফোহা আদি সমস্যা আৰম্ভ হয়। যদি আপোনাৰ ছালখনো শুকান হৈ থাকে, তেন্তে বুজিব যে আপোনাৰ শৰীৰত পানীৰ অভাৱ হৈছে।

২) প্ৰস্ৰাৱৰ সমস্যাঃ যদি আপোনাৰ প্ৰস্ৰাৱৰ ৰং পাতল স্বচ্ছ হয়, তেন্তে বুজিব যে আপোনাৰ শৰীৰত পানীৰ অভাৱ হোৱা নাই, কিন্তু যদি প্ৰস্ৰাৱৰ ৰং হালধীয়া হয় তেন্তে ইয়াক আওকাণ নকৰিব কাৰণ ই পানীৰ অভাৱৰ লক্ষণ। হয়, যদি আপুনিও এনে সমস্যাৰ সন্মুখীন হৈছে তেন্তে ভুলতো আওকাণ নকৰিব আৰু লগে লগে পানীৰ পৰিমাণ বৃদ্ধি কৰিব।

৩) মুখৰ দুৰ্গন্ধঃ শৰীৰত পানীৰ অভাৱত মুখ আৰু ডিঙি শুকান হৈ পৰে, যাৰ ফলত মুখৰ পৰা দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে। গতিকে যদি আপোনাৰ মুখৰ পৰাও দুৰ্গন্ধ ওলাই আছে, তেন্তে আপুনি সজাগ হোৱা উচিত। প্ৰচুৰ পৰিমাণে পানী খাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস