--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ আৰাধ্যৰ বাবে পদব্ৰজে আগবাঢ়ি যোৱা এজন যুৱক৷কেৰেলাৰ এজন মানুহক নিজৰ ৰাজ্যৰ পৰা পবিত্ৰ মক্কা চহৰলৈ খোজ কাঢ়ি যাবলৈ এবছৰৰ অলপ বেছি (প্ৰায় ৩৭০ দিন) সময় লাগিল। শ্বিহাব চুত্তোৰ নামৰ যুৱকজনে ৮৬৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যাত্ৰাত পাকিস্তান, ইৰাণ, ইৰাক, কুৱেইট, আৰু শেষত চৌদি আৰৱত উপস্থিত হয়গৈ।

কেৰালাৰ মালাপ্পুৰম জিলাৰ ভেলানচেৰীৰ পৰা অহা শ্বিহাব চুত্তোৰে ২০২২ চনৰ ২ জুনত হজ প্ৰদৰ্শনৰ বাবে ছৌদি আৰবলৈ মাৰাথন ট্ৰেকিং আৰম্ভ কৰিছিল।আৰু এই মাহতহে তেওঁ মক্কাত উপস্থিত হয়গৈ।খোজকাঢ়ি যাত্ৰাৰ সময়ত শ্বিহাবে ভাৰত, পাকিস্তান, ইৰাণ, ইৰাক, আৰু কুৱেইট অতিক্ৰম কৰি মে’ মাহৰ দ্বিতীয় সপ্তাহত কুৱেইটৰ পৰা চৌদি আৰৱৰ সীমান্ত পাৰ হৈ যায়।

ছৌদি আৰৱত প্ৰৱেশ কৰাৰ পিছত শ্বিহাবে ইছলাম ধৰ্মৰ গুৰুত্বপূৰ্ণ তীৰ্থস্থান মদিনালৈ যায়। মক্কালৈ ৰাওনা হোৱাৰ পূৰ্বে তেওঁ মদিনাত ২১ দিন কটায়।৯ দিনত মদিনা আৰু মক্কাৰ মাজৰ ৪৪০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে শ্বিহাবে।উল্লেখযোগ্য যে মাতৃ জৈনাবা কেৰালাৰ পৰা মক্কালৈ অহাৰ পাছতহে শ্বিহাবে হজ পালন কৰিব।

নিজাকৈ ইউটিউব চেনেল চলোৱা কেৰালাৰ লোকজনে ভাৰতৰ দক্ষিণ ৰাজ্যৰ পৰা পবিত্ৰ চহৰ মক্কালৈ কৰা যাত্ৰাৰ বিষয়ে নিয়মিতভাৱে দৰ্শকক অৱগত কৰি আহিছে।যোৱা বছৰৰ জুন মাহত হাজ যাত্ৰা আৰম্ভ কৰাৰ পিছত শ্বিহাবে ৱাগা সীমান্তত উপনীত হোৱাৰ পূৰ্বে দেশৰ কেইবাখনো ৰাজ্যৰ মাজেৰে খোজ কাঢ়ি গৈছিল, যাৰ মাজেৰে তেওঁ পাকিস্তানত প্ৰৱেশ কৰিব বিচাৰিছিল।ভিছা নথকাৰ বাবে পাকিস্তানৰ অভিবাসন কৰ্তৃপক্ষই তেওঁক ৰখাই দিয়াৰ বাবে তেওঁৰ প্ৰথম বাধাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

ট্ৰেনজিট ভিছা পাবলৈ তেওঁ ৱাগাৰ এখন স্কুলত কেইবামাহো অপেক্ষা কৰিবলগীয়া হৈছিল। অৱশেষত ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত শ্বিহাবে ট্ৰেনজিট ভিছা ল’বলৈ সক্ষম হয় আৰু পাকিস্তানত প্ৰৱেশ কৰে আৰু কিছু সময় থমকি ৰোৱাৰ পিছত পুনৰ চৌদি আৰৱলৈ যাত্ৰা আৰম্ভ হয়। আৰু?এইসমূহ বাধা অতিক্ৰম কৰি চাৰি মাহৰ পাছত শ্বিহাব চুত্তোৰে হজ তীৰ্থযাত্ৰাৰ গন্তব্যস্থানত উপস্থিত হয়গৈ৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু