--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতি সাধাৰণ জীৱন অতিবাহিত কৰে বলীউডৰ অভিনেতা ছলমান খানে। দুটা সাধাৰণ কোঠাৰ ফ্লেটত বাস কৰি আহিছে ছলমান খানে। প্ৰায় ২৯০০ কোটি টকাৰ মালিক ছলমানে এনেদৰে সাধাৰণ জীৱন অতিবাহিত কৰাৰ কথাই বহুতকে আচৰিত কৰি তুলিছে। ছলমানৰ ঘৰৰ সন্মুখত  সৌসিদিনা বন্দুকধাৰীয়ে আক্ৰমণ কৰিছিল। অনুৰাগীসকল  ইয়াকেলৈ চিন্তিত হৈ পৰিছিল। অৱশ্যে, দাবাং খান তেওঁৰ নিজৰ মতেই চলি  আছে, নায়কজনে তেওঁৰ কামৰ সময়সূচী সলনি কৰা নাই। 

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দেই  শেহতীয়াকৈ ছলমানৰ ঘৰলৈ অভিনেতাজনৰ ঘৰত শেহতীয়াকৈ হোৱা গুলীচালনাৰ ঘটনাৰ খবৰ লৈছে।  চিন্দেই ছলমানৰ  পৰিয়ালক সকলো নিৰাপত্তাৰ আশ্বাস দিছে । গ্যালাক্সি এপাৰ্টমেণ্টত মুখ্যমন্ত্ৰীৰ সৈতে ছলমান আৰু তেওঁৰ পৰিয়ালৰ সাক্ষাতৰ সময়ত ঘৰৰ  ভিতৰৰ  ছবি ভাইৰেল হৈ পৰিছে। তাতেই দেখা গৈছে ছলমানে আচলতে কেনে ঘৰত থাকে। এটা তেনেই সাধাৰণ ঘৰ। 

চলমান বলীউডৰ অন্যতম ডাঙৰ চুপাৰষ্টাৰ। এয়া জনা যায় যে তেওঁ ২৯০০ কোটিৰ গৰাকী। ভাইজানে মাহে ১৬ কোটি টকা উপাৰ্জন কৰে। কিন্তু ছলমানে বাস কৰা গ্যালাক্সি এপাৰ্টমেণ্টৰ দুটা কোঠাৰ ফ্লেটটো অতি সাধাৰণ  । ছলমান এই  গ্যালাক্সি এপাৰ্টমেণ্টতে ডাঙৰ দীঘল হৈছে । আনহেতে চেলিম খানে বহু বছৰ আগতে একেটা এপাৰ্টমেণ্টৰ তলৰ মহলাত আন এটা ফ্লেট কিনিছিল কিয়নো চাৰিজন ভাই-ভনী আৰু দুজন পত্নীৰ সৈতে এটা সৰু ফ্লেটত বাস কৰাটো কঠিন হৈ পৰিছিল  । দুগৰাকী কন্যা আলভিৰা আৰু অৰ্পিতাই এটা কোঠাত বাস কৰিছিল, আনটো কোঠা  তিনিজন ভাতৃ ছলমান, চোহেল আৰু আৰবাজক দিয়া হৈছিল। বিয়াৰ  পিছত  চোহেল আৰু আৰবাজে  পৃথকে থাকিবলৈ লৈছিল।   

অৱশ্যে, ছলমানে গ্যালাক্সিৰ সাধাৰণ দুটা কোঠাৰ ফ্লেটটো  এৰি যোৱা নাই। কৰণ জোহৰৰ অনুষ্ঠানতো  অভিনেতাজনে কৈছিল যে  তেওঁৰ শোৱনি কোঠাত এখন  বিচনা আৰু চকীৰ বাহিৰে কোনো বিশেষ আচবাব নাই।আজিৰ দিনটোত  ছলমানৰ ঘৰৰ ভিতৰত থকা সৰু ড্ৰয়িং ৰুমটোৰ এক আভাস পোৱা গৈছে। তাত অতি সধাৰণ   কাঁচৰ মেজ  আৰু ধূসৰ প্ৰিণ্টেড চোফা আছে। চেলিম খানে মুখ্যমন্ত্ৰীৰ সৈতে এখন চোফাত বহি থকা দেখা গৈছে। ছলমানে  বিপৰীত  পিনে  এখন সৰু আসনত  বহি আছে। অভিনেতাজনে সদায়  মাক-দেউতাকৰ ছাতিৰ তলত থাকিবলৈ ভালপায়। 

সেয়ে তেওঁ সেই ফ্লেটটোতে বাস কৰি আছে।ছলমানে বাসস্থানৰ নামত কোনো বিলাসিতা কৰাৰ কথাত বিশ্বাস নকৰে। কেইদিনমান আগতে, কলকাতা চলচ্চিত্ৰ মহোৎসৱত  ছলমানে কৈছিল যে তেওঁ মমতা বেনাৰ্জীৰ ঘৰটোকলৈ  ঈৰ্ষা কৰে,  কাৰণ ই তেওঁৰ ঘৰতটোকৈও  সৰু। শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ  মুখ্যমন্ত্ৰী একনাথ চিন্দে, প্ৰাক্তন বিধায়ক বাবা চিদ্দিকী, তেওঁৰ পুত্ৰ তথা কংগ্ৰেছ বিধায়ক জিশান চিদ্দিকী আৰু শিৱসেনাৰ নেতা ৰাহুল কানাল চলমান খানৰ বাসগৃহত উপস্থিত হৈছিল  । দেওবাৰে পুৱা ছলমান খানৰ ঘৰত গুলীচালনা কৰি পলাই যোৱা বিকি গুপ্তা (২৪) আৰু সাগৰ পাল (২১)ক সোমবাৰে নিশা গুজৰাটৰ কচ্ছ জিলাৰ এটা মন্দিৰ চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ