--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বদাউনৰ উছৱানত 'বিকশিত ভাৰত সংকল্প যাত্ৰা'ৰ কাৰ্যসূচীত এগৰাকী মহিলা হিতাধিকাৰীয়ে বিজেপি সাংসদৰ সন্মুখতে বৰ্তমানৰ  ব্যৱস্থাটোৰ স্বৰূপ  উন্মোচন কৰিলে।হিতাধিকাৰী মহিলাগৰাকীক প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰৰ চাবি প্ৰদান কৰি  সাংসদজনে সুধিছিল -কোনোবাই টকা বিচাৰিছিল নেকি?  এই সন্দৰ্ভত মহিলাগৰাকীয়ে লগে লগে কয় -তেওঁৰ পৰা ৩০  হাজাৰ টকা লৈছে।  

মহিলা হিতাধিকাৰীয়ে বিজেপি সাংসদ ধৰ্মেন্দ্ৰ কাশ্যপৰ সন্মুখতে এনেদৰে  চৰকাৰী আঁচনিসমূহত  হৈ থকা দুৰ্নীতিৰ কথা উন্মোচন কৰাত স্বাভাৱিকতে বিমোৰত পৰে সাংসদগৰাকী। দৰাচলতে আওনলা সংসদীয় সমষ্টিৰ অন্তৰ্গত উছৱানত 'বিকশিত ভাৰত সংকল্প যাত্ৰা' কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। ইয়াতেই সাংসদ ধৰ্মেন্দ্ৰ কাশ্যপে কেন্দ্ৰীয় চৰকাৰৰ সাফল্য বৰ্ণনা কৰি হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী আবাস যোজনাৰ  গৃহৰ চাবি হস্তান্তৰ কৰিছিল। 


উছৱান নগৰ পঞ্চায়তৰ তিনি নম্বৰ ৱাৰ্ডৰ বাসিন্দা বৃদ্ধ মহিলা সাৰদায়ো প্ৰধানমন্ত্ৰীৰ গৃহ আঁচনিৰ অধীনত সুবিধা লাভ কৰিছে। বিজেপি সাংসদগৰাকীয়ে  প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ বাসগৃহৰ চাবি মঞ্চত সাৰদাক হস্তান্তৰ কৰি ঘৰ পোৱাৰ বাবে কোনোবাই টকা লৈছিল নেকি বুলি প্ৰশ্ন কৰিছিল। সহজ-সৰল বৃদ্ধাগৰাকীয় লগে লগে তেওঁৰ পৰা ৩০ হাজাৰ টকা হৈছিল বুলি প্ৰকাশ কৰে। বিজেপি সাংসদ আৰু হিতাধিকাৰীৰ মাজত হোৱা কথোপকথনৰ এই ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। 

যেতিয়া সাৰদাই মুকলি মঞ্চত সাংসদজনৰ সন্মুখত দুৰ্নীতি উন্মোচন কৰিছিল, সকলোৱে হাঁহিবলৈ আৰম্ভ কৰিছিল। এই সন্দৰ্ভত সাংসদ ধৰ্মেন্দ্ৰ কাশ্যপে কয় যে এয়া  এটা গুৰুতৰ বিষয়।বিজেপি সাংসদজনে প্ৰকল্প বিষয়া ডুডাক বিষয়টো  তদন্ত কৰিবলৈ আৰু ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু