--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বদাউনৰ উছৱানত 'বিকশিত ভাৰত সংকল্প যাত্ৰা'ৰ কাৰ্যসূচীত এগৰাকী মহিলা হিতাধিকাৰীয়ে বিজেপি সাংসদৰ সন্মুখতে বৰ্তমানৰ  ব্যৱস্থাটোৰ স্বৰূপ  উন্মোচন কৰিলে।হিতাধিকাৰী মহিলাগৰাকীক প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰৰ চাবি প্ৰদান কৰি  সাংসদজনে সুধিছিল -কোনোবাই টকা বিচাৰিছিল নেকি?  এই সন্দৰ্ভত মহিলাগৰাকীয়ে লগে লগে কয় -তেওঁৰ পৰা ৩০  হাজাৰ টকা লৈছে।  

মহিলা হিতাধিকাৰীয়ে বিজেপি সাংসদ ধৰ্মেন্দ্ৰ কাশ্যপৰ সন্মুখতে এনেদৰে  চৰকাৰী আঁচনিসমূহত  হৈ থকা দুৰ্নীতিৰ কথা উন্মোচন কৰাত স্বাভাৱিকতে বিমোৰত পৰে সাংসদগৰাকী। দৰাচলতে আওনলা সংসদীয় সমষ্টিৰ অন্তৰ্গত উছৱানত 'বিকশিত ভাৰত সংকল্প যাত্ৰা' কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। ইয়াতেই সাংসদ ধৰ্মেন্দ্ৰ কাশ্যপে কেন্দ্ৰীয় চৰকাৰৰ সাফল্য বৰ্ণনা কৰি হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী আবাস যোজনাৰ  গৃহৰ চাবি হস্তান্তৰ কৰিছিল। 


উছৱান নগৰ পঞ্চায়তৰ তিনি নম্বৰ ৱাৰ্ডৰ বাসিন্দা বৃদ্ধ মহিলা সাৰদায়ো প্ৰধানমন্ত্ৰীৰ গৃহ আঁচনিৰ অধীনত সুবিধা লাভ কৰিছে। বিজেপি সাংসদগৰাকীয়ে  প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ বাসগৃহৰ চাবি মঞ্চত সাৰদাক হস্তান্তৰ কৰি ঘৰ পোৱাৰ বাবে কোনোবাই টকা লৈছিল নেকি বুলি প্ৰশ্ন কৰিছিল। সহজ-সৰল বৃদ্ধাগৰাকীয় লগে লগে তেওঁৰ পৰা ৩০ হাজাৰ টকা হৈছিল বুলি প্ৰকাশ কৰে। বিজেপি সাংসদ আৰু হিতাধিকাৰীৰ মাজত হোৱা কথোপকথনৰ এই ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। 

যেতিয়া সাৰদাই মুকলি মঞ্চত সাংসদজনৰ সন্মুখত দুৰ্নীতি উন্মোচন কৰিছিল, সকলোৱে হাঁহিবলৈ আৰম্ভ কৰিছিল। এই সন্দৰ্ভত সাংসদ ধৰ্মেন্দ্ৰ কাশ্যপে কয় যে এয়া  এটা গুৰুতৰ বিষয়।বিজেপি সাংসদজনে প্ৰকল্প বিষয়া ডুডাক বিষয়টো  তদন্ত কৰিবলৈ আৰু ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক