--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ মোদী বন্দনাত গদগদ হৈ পৰিল অভিনয়ৰ পৰা ৰাজনীতিৰ পথাৰত ভৰি দিয়া কংগনা ৰাণাৱট। এইবাৰ কংগনাই মোদীক ভগৱান ৰামৰেই এক অংশ বুলি অভিহিত কৰিলে। যদিও কংগনা ৰাণাৱত ৰাজনীতিৰ ক্ষেত্ৰ খনত  নৱাগত তেওঁ এয়া প্ৰমাণ কৰিছে যে তেওঁ ভাষণ দিয়াত   এগৰাকী নেতাতকৈ কোনো গুণে  কম নহয়। কেতিয়াবা তেওঁ নাৰী শক্তিৰ কথা কৈছে  আৰু কেতিয়াবা স্বামী বিবেকানন্দৰ কথাৰে মানুহক আকৃষ্ট কৰাৰ চেষ্টা কৰিছে।

 কংগনা ৰাণাৱটে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 'ভগৱান ৰামৰ অংশ' বুলি অভিহিত কৰিছে। কংগনা ৰাণাৱটে শেহতীয়াকৈ  মাণ্ডিৰ বিভিন্ন ঠাইত এগৰাকী লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাবে  প্ৰচাৰ চলাইছে। কংগনাই কয় "আজি মই নৰেন্দ্ৰ মোদীৰ এম্বেচেডৰ হিচাপে ইয়াত আছোঁ। মোক দিয়া আপোনাৰ এটা ভোট প্ৰধানমন্ত্ৰীৰ বাবে আশীৰ্বাদ হ'ব। কল্পনা কৰক, যোৱা ৫০০ বছৰ ধৰি বন্ধ  হৈ থকা কামটো কেৱল নৰেন্দ্ৰ মোদীৰ কাৰ্যকালতহে সম্ভৱ হৈছে। যেতিয়া মোদী প্ৰধানমন্ত্ৰীৰ আসনত বহিল, ৰামৰ অনুগ্ৰহত  ইমান বছৰৰ অপেক্ষাৰ অন্ত পৰিল । মোদীৰ দিনতে ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে । মই তেওঁৰ ভিতৰত ঈশ্বৰৰ অস্তিত্ব উপলব্ধি কৰিছো। তেওঁ ৰামৰেই এক অংশ ’’। 
 
কংগনাই লগতে কয় "বিজেপিয়ে মোক মাণ্ডিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। গতিকে আপোনালোকৰ সামূহিক কণ্ঠস্বৰ হোৱা আৰু সংসদত সমস্যাবোৰ উত্থাপন কৰাটো মোৰ দায়িত্ব। মই নিশ্চিত যে শীৰ্ষ নেতৃত্বই আপোনালোকৰ সকলো অভিযোগ  পৰীক্ষা কৰাৰ পিছত আপোনালোকৰ ইচ্ছা পূৰণ কৰিব। কংগ্ৰেছৰ মানুহে আপোনালোকক বিপথে পৰিচালিত কৰিবলৈ আহিব । তেওঁলোকে ক’ব যে  কংগনা মুম্বাইলৈ ঘূৰি যাব আৰু তেওঁ কেতিয়াও মাণ্ডলৈ নাহে। এই লোকসকলক  ভোট বাকচত এটা স্পষ্ট উত্তৰ দিব লাগিব। "

ইয়াৰ পূৰ্বে শুকুৰবাৰে হিমাচলৰ ভূমিকন্যা কংগনাই মাণ্ডিত এক মেগা ৰোড শ্ব'ত কৈছিল, "মই ইয়াত নায়িকা হিচাবে নহয়, মই মাণ্ডিৰ জীয়ৰী হিচাবে উপস্থিত আছো।’’ কংগনা ৰাণাৱটৰ এবছৰ ধৰি বক্স অফিচত মন্দাৱস্থা চলি আছে। বহুদিন ধৰি তেওঁৰ ছবি  হিট হোৱা নাই! অৱশ্যে, চলচ্চিত্ৰ বজাৰৰ  পৰা ৰাজনৈতিক ক্ষেত্ৰলৈকে  'মণিকৰ্ণিকা' যুদ্ধসদৃশ মেজাজত আছে।  প্ৰথম নিৰ্বাচনী প্ৰচাৰত তেওঁ কয় যে যদি তেওঁ জয়ী হয় বা যদি ৰাইজে বিচাৰে, তেন্তে তেওঁ এজন পূৰ্ণ-সময়ৰ ৰাজনীতিক হ'ব আৰু মাণ্ডিৰ জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰিব। কংগনা ৰাণাৱটে তেওঁৰ ৰাজনৈতিক আদৰ্শ আৰু অনুপ্ৰেৰণাৰ বিষয়ে কয়  "মই স্বামী বিবেকানন্দৰ ভক্ত। তেওঁ মোৰ মাজত জাতীয়তাবাদৰ অনুভূতি জাগ্ৰত কৰিছে। সদগুৰুজী, যাৰ অনুপ্ৰেৰণাত মই কৰ্মযোগী হৈ পৰিছো।’’  

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ