--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ মোদী বন্দনাত গদগদ হৈ পৰিল অভিনয়ৰ পৰা ৰাজনীতিৰ পথাৰত ভৰি দিয়া কংগনা ৰাণাৱট। এইবাৰ কংগনাই মোদীক ভগৱান ৰামৰেই এক অংশ বুলি অভিহিত কৰিলে। যদিও কংগনা ৰাণাৱত ৰাজনীতিৰ ক্ষেত্ৰ খনত  নৱাগত তেওঁ এয়া প্ৰমাণ কৰিছে যে তেওঁ ভাষণ দিয়াত   এগৰাকী নেতাতকৈ কোনো গুণে  কম নহয়। কেতিয়াবা তেওঁ নাৰী শক্তিৰ কথা কৈছে  আৰু কেতিয়াবা স্বামী বিবেকানন্দৰ কথাৰে মানুহক আকৃষ্ট কৰাৰ চেষ্টা কৰিছে।

 কংগনা ৰাণাৱটে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 'ভগৱান ৰামৰ অংশ' বুলি অভিহিত কৰিছে। কংগনা ৰাণাৱটে শেহতীয়াকৈ  মাণ্ডিৰ বিভিন্ন ঠাইত এগৰাকী লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাবে  প্ৰচাৰ চলাইছে। কংগনাই কয় "আজি মই নৰেন্দ্ৰ মোদীৰ এম্বেচেডৰ হিচাপে ইয়াত আছোঁ। মোক দিয়া আপোনাৰ এটা ভোট প্ৰধানমন্ত্ৰীৰ বাবে আশীৰ্বাদ হ'ব। কল্পনা কৰক, যোৱা ৫০০ বছৰ ধৰি বন্ধ  হৈ থকা কামটো কেৱল নৰেন্দ্ৰ মোদীৰ কাৰ্যকালতহে সম্ভৱ হৈছে। যেতিয়া মোদী প্ৰধানমন্ত্ৰীৰ আসনত বহিল, ৰামৰ অনুগ্ৰহত  ইমান বছৰৰ অপেক্ষাৰ অন্ত পৰিল । মোদীৰ দিনতে ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে । মই তেওঁৰ ভিতৰত ঈশ্বৰৰ অস্তিত্ব উপলব্ধি কৰিছো। তেওঁ ৰামৰেই এক অংশ ’’। 
 
কংগনাই লগতে কয় "বিজেপিয়ে মোক মাণ্ডিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। গতিকে আপোনালোকৰ সামূহিক কণ্ঠস্বৰ হোৱা আৰু সংসদত সমস্যাবোৰ উত্থাপন কৰাটো মোৰ দায়িত্ব। মই নিশ্চিত যে শীৰ্ষ নেতৃত্বই আপোনালোকৰ সকলো অভিযোগ  পৰীক্ষা কৰাৰ পিছত আপোনালোকৰ ইচ্ছা পূৰণ কৰিব। কংগ্ৰেছৰ মানুহে আপোনালোকক বিপথে পৰিচালিত কৰিবলৈ আহিব । তেওঁলোকে ক’ব যে  কংগনা মুম্বাইলৈ ঘূৰি যাব আৰু তেওঁ কেতিয়াও মাণ্ডলৈ নাহে। এই লোকসকলক  ভোট বাকচত এটা স্পষ্ট উত্তৰ দিব লাগিব। "

ইয়াৰ পূৰ্বে শুকুৰবাৰে হিমাচলৰ ভূমিকন্যা কংগনাই মাণ্ডিত এক মেগা ৰোড শ্ব'ত কৈছিল, "মই ইয়াত নায়িকা হিচাবে নহয়, মই মাণ্ডিৰ জীয়ৰী হিচাবে উপস্থিত আছো।’’ কংগনা ৰাণাৱটৰ এবছৰ ধৰি বক্স অফিচত মন্দাৱস্থা চলি আছে। বহুদিন ধৰি তেওঁৰ ছবি  হিট হোৱা নাই! অৱশ্যে, চলচ্চিত্ৰ বজাৰৰ  পৰা ৰাজনৈতিক ক্ষেত্ৰলৈকে  'মণিকৰ্ণিকা' যুদ্ধসদৃশ মেজাজত আছে।  প্ৰথম নিৰ্বাচনী প্ৰচাৰত তেওঁ কয় যে যদি তেওঁ জয়ী হয় বা যদি ৰাইজে বিচাৰে, তেন্তে তেওঁ এজন পূৰ্ণ-সময়ৰ ৰাজনীতিক হ'ব আৰু মাণ্ডিৰ জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰিব। কংগনা ৰাণাৱটে তেওঁৰ ৰাজনৈতিক আদৰ্শ আৰু অনুপ্ৰেৰণাৰ বিষয়ে কয়  "মই স্বামী বিবেকানন্দৰ ভক্ত। তেওঁ মোৰ মাজত জাতীয়তাবাদৰ অনুভূতি জাগ্ৰত কৰিছে। সদগুৰুজী, যাৰ অনুপ্ৰেৰণাত মই কৰ্মযোগী হৈ পৰিছো।’’  

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু