--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘বিজেপি ৱাশ্বিং মেচিন, নৰেন্দ্ৰ মোদী ৱাশ্বিং পাউডাৰ।’— লোকসভা নিৰ্বাচনৰ পূৰ্বে আক্ৰমণাত্মক কংগ্ৰেছ নেতা পৱন খেৰা৷ শাসকীয় বিজেপিক ৱাশ্বিং মেচিন আৰু প্ৰধানমন্ত্ৰীক ৱাশ্বিং পাউডাৰেৰে তুলনা কৰিলে দেশৰ মূল বিৰোধী দল কংগ্ৰেছে৷ আজি নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত মোদী চৰকাৰ তথা বিজেপিক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেতা পৱন খেৰাই।

আজিৰ সংবাদমেলত এটা ৱাশ্বিং মেচিন সন্মুখত লৈ সংবাদকৰ্মীক সম্বোধন কৰে কংগ্ৰেছ নেতাজনে। ৱাশ্বিং মেচিন আৰু ৱাশ্বিং পাউদাৰৰ উপমাৰে বিজেপি আৰু প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেতা খেৰাই। য’ত ইলেক্ট’ৰেল বণ্ডৰ প্ৰসংগৰে বিজেপিক ৱাশ্বিং মেচিনেৰে ৰিজালে কংগ্ৰেছ নেতাগৰাকীয়ে।

ইপিনে, সংবাদমেলত ED, CBI, আয়কৰ আদি বিভাগৰ ভাবুকিৰে দেশৰ বিৰোধী নেতাসকলক বিজেপিমুখী কৰাক লৈও সৰৱ হৈ পৰা দেখা গ’ল কংগ্ৰেছ নেতা পৱন খেৰাক। বিৰোধী শিবিৰত ভাঙোন অনাৰ বাবে মোদী চৰকাৰ আৰু বিজেপিয়ে কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগ তুলিলে কংগ্ৰেছ নেতাগৰাকীয়ে।

আজি অনুষ্ঠিত সংবাদমেলত প্ৰফুল পেটেল, নাৰায়ণ ৰানে, অজিত পাৱাৰ, হাছান মুশ্রীফ, চগন ভোজবল, অশোক চৌহানৰ দৰে একাধিক নেতাক নিজৰ ফলীয়া কৰিবৰ বাবে তেওঁলোকৰ দুৰ্নীতিক বিজেপিয়ে গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ তুলিলে কংগ্ৰেছ নেতা পৱন খেৰাই। সংবাদমেলত কংগ্ৰেছনেতাগৰাকীয়ে উল্লেখ কৰা মতে, দেশৰ ৫১ গৰাকী বিৰোধী নেতাৰ বিৰুদ্ধে গোচৰ চলাইছে মোদী চৰকাৰে। তাৰ বিপৰীতে ২০ গৰাকী শাসকীয় নেতাৰ বিৰুদ্ধে থকা গোচৰৰ ক্ষেত্ৰত কোনোধৰণৰ তদন্ত নকৰাৰ অভিযোগ তুলিলে পৱন খেৰাই। 

ইপিনে, বৃহস্পতিবাৰে আয়কৰ বিভাগে কংগ্ৰেছলৈ প্ৰেৰণ কৰিছে ১৭০০ কোটি টকাৰ আয়কৰ পৰিশোধৰ জাননী। লোকসভা নিৰ্বাচনৰ পূৰ্বে আয়কৰ বিভাগে কংগ্ৰেছৰ দলীয় বেংক একাউণ্ট ফ্ৰীজ কৰাৰ পাছত এতিয়া নিৰ্বাচনী পুঁজিৰ নাটনিত ভুগিছে বিৰোধী দলটো। তাৰ মাজতে ১৭০০ কোটি টকাৰ আয়কৰ পৰিশোধৰ জাননীৰ পাছত এতিয়া নতুন বিপদে আগুৰি ধৰিছে কংগ্ৰেছক। আয়কৰ বিভাগৰ এনে জাননী জাৰিক লৈ ইতিমধ্যে মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছে। কালি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয় মোদী চৰকাৰক।

এনেদৰেই এতিয়া লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বাকযুদ্ধত লিপ্ত হৈছে শাসক–বিৰোধী। ভোটযুদ্ধৰ পূৰ্বে ৰাজনৈতিক নেতাৰ এনে বাকযুদ্ধ এতিয়া উপনীত হৈছে আকৰ্ষণীয় পৰ্যায়ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু