--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘বিজেপি ৱাশ্বিং মেচিন, নৰেন্দ্ৰ মোদী ৱাশ্বিং পাউডাৰ।’— লোকসভা নিৰ্বাচনৰ পূৰ্বে আক্ৰমণাত্মক কংগ্ৰেছ নেতা পৱন খেৰা৷ শাসকীয় বিজেপিক ৱাশ্বিং মেচিন আৰু প্ৰধানমন্ত্ৰীক ৱাশ্বিং পাউডাৰেৰে তুলনা কৰিলে দেশৰ মূল বিৰোধী দল কংগ্ৰেছে৷ আজি নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত মোদী চৰকাৰ তথা বিজেপিক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেতা পৱন খেৰাই।

আজিৰ সংবাদমেলত এটা ৱাশ্বিং মেচিন সন্মুখত লৈ সংবাদকৰ্মীক সম্বোধন কৰে কংগ্ৰেছ নেতাজনে। ৱাশ্বিং মেচিন আৰু ৱাশ্বিং পাউদাৰৰ উপমাৰে বিজেপি আৰু প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেতা খেৰাই। য’ত ইলেক্ট’ৰেল বণ্ডৰ প্ৰসংগৰে বিজেপিক ৱাশ্বিং মেচিনেৰে ৰিজালে কংগ্ৰেছ নেতাগৰাকীয়ে।

ইপিনে, সংবাদমেলত ED, CBI, আয়কৰ আদি বিভাগৰ ভাবুকিৰে দেশৰ বিৰোধী নেতাসকলক বিজেপিমুখী কৰাক লৈও সৰৱ হৈ পৰা দেখা গ’ল কংগ্ৰেছ নেতা পৱন খেৰাক। বিৰোধী শিবিৰত ভাঙোন অনাৰ বাবে মোদী চৰকাৰ আৰু বিজেপিয়ে কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগ তুলিলে কংগ্ৰেছ নেতাগৰাকীয়ে।

আজি অনুষ্ঠিত সংবাদমেলত প্ৰফুল পেটেল, নাৰায়ণ ৰানে, অজিত পাৱাৰ, হাছান মুশ্রীফ, চগন ভোজবল, অশোক চৌহানৰ দৰে একাধিক নেতাক নিজৰ ফলীয়া কৰিবৰ বাবে তেওঁলোকৰ দুৰ্নীতিক বিজেপিয়ে গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ তুলিলে কংগ্ৰেছ নেতা পৱন খেৰাই। সংবাদমেলত কংগ্ৰেছনেতাগৰাকীয়ে উল্লেখ কৰা মতে, দেশৰ ৫১ গৰাকী বিৰোধী নেতাৰ বিৰুদ্ধে গোচৰ চলাইছে মোদী চৰকাৰে। তাৰ বিপৰীতে ২০ গৰাকী শাসকীয় নেতাৰ বিৰুদ্ধে থকা গোচৰৰ ক্ষেত্ৰত কোনোধৰণৰ তদন্ত নকৰাৰ অভিযোগ তুলিলে পৱন খেৰাই। 

ইপিনে, বৃহস্পতিবাৰে আয়কৰ বিভাগে কংগ্ৰেছলৈ প্ৰেৰণ কৰিছে ১৭০০ কোটি টকাৰ আয়কৰ পৰিশোধৰ জাননী। লোকসভা নিৰ্বাচনৰ পূৰ্বে আয়কৰ বিভাগে কংগ্ৰেছৰ দলীয় বেংক একাউণ্ট ফ্ৰীজ কৰাৰ পাছত এতিয়া নিৰ্বাচনী পুঁজিৰ নাটনিত ভুগিছে বিৰোধী দলটো। তাৰ মাজতে ১৭০০ কোটি টকাৰ আয়কৰ পৰিশোধৰ জাননীৰ পাছত এতিয়া নতুন বিপদে আগুৰি ধৰিছে কংগ্ৰেছক। আয়কৰ বিভাগৰ এনে জাননী জাৰিক লৈ ইতিমধ্যে মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছে। কালি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয় মোদী চৰকাৰক।

এনেদৰেই এতিয়া লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বাকযুদ্ধত লিপ্ত হৈছে শাসক–বিৰোধী। ভোটযুদ্ধৰ পূৰ্বে ৰাজনৈতিক নেতাৰ এনে বাকযুদ্ধ এতিয়া উপনীত হৈছে আকৰ্ষণীয় পৰ্যায়ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ