--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এজন ১৬ বছৰীয়া কিশোৰৰ আত্মহত্যা। আত্মহত্যাৰ পূৰ্বে কিশোৰজনে ছুইচাইড নোট লিখি থৈ গৈছে। ছুইচাইড নোটখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক বিশেষ অনুৰোধ কৰিছে কিশোৰজনে। কিশোৰজন একাদশ শ্ৰেণীত পঢ়ি আছিল। তেওঁ ছুইচাইড নোটত লিখিছে যে ''মই এজন ভাল নৃত্যশিল্পী হ'বলৈ বিচাৰিছিলোঁ। কিন্তু মই সফল হ'ব নোৱাৰিলোঁ। এই বিফলতাই মোক শান্তিত জীয়াই থাকিবলৈ নিদিলে, সেয়েহে মই আত্মহত্যাৰ কৰাৰ সিদ্ধান্ত ল'লোঁ।

চলন্ত ৰে'লৰ আগত পৰি আত্মহত্যা কৰে ছাত্ৰজনে। আৰক্ষীয়ে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ছুইচাইড নোটখন উদ্ধাৰ কৰে। আৰক্ষীয়ে ছুইচাইড নোটখনত লিখা কথাখিনি পঢ়ি জনাই যে তেওঁ এজন ভাল নৃত্যশিল্পী হ'ব বিচাৰিছিল কিন্তু তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গই তেওঁক কেতিয়াও সমৰ্থন কৰা নাছিল। সেই কথাই তেওঁক হতাশ কৰিছিল।

ছুইচাইড নোটত কিশোৰজনে লগতে কয় যে, তেওঁৰ মৃত্যুৰ পিছত এটা মিউজিক ভিডিঅ' নিৰ্মাণ কৰিব লাগে য'ত অৰিজিত সিঙে এটা গান গাব আৰু আৰু নেপালী শিল্পী সুশান্ত খাত্ৰীয়ে নৃত্য পৰিচালনা কৰিব। টোকাটোত কোৱা হৈছে যে এই সংগীত ভিডিঅ'টোৱে তেওঁৰ আত্মাক শান্তি প্ৰদান কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ অন্তিম ইচ্ছা পূৰণ কৰিবলৈ অনুৰোধ জনাইছে। আত্মহত্যাৰ ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত আগবঢ়াই নিছে। ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ডিচেম্বৰ-জানুৱাৰীত এলিভেটেড কৰিডৰৰ আধাৰশিলাৰ সম্ভাৱনা , কাজিৰঙাত মুখ্যমন্ত্ৰীৰ ঘোষণা
সোৱণশিৰিৰ বান্ধৰ নামনিত সুৰক্ষাৰ নামত বৃহৎ কেলেংকাৰি, খহনীয়া প্ৰতিৰোধৰ নামত আবণ্টিত বিশাল ধনৰ অপচয়
মানকাচৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী জিয়াদুল মিঞা
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ছিংগাপুৰলৈ ৰাওনা হোৱা SITৰ দলে চেষ্টা কৰিব জুবিন গাৰ্গ থকা পেন-পেচিফিক হোটেলৰ চি চি টিভি ফুটেজ সংগ্ৰহৰ
দীপাৱলীৰ অচিলা লৈ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ পৰিছে জুৱাৰী চক্ৰ; জালত পৰিল ৪
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰঙীন কেছেটৰ কভাৰেৰে ব্যতিক্ৰমী শ্যামা পূজা
দীপাৱলীত ভয়াৱহ প্ৰদূষণৰ কবলত দিল্লী, এ কিউ আই ৪০০ৰো অধিক
'জুবিন ক্ষেত্ৰ'ত বিচাৰি পাব লাগিব প্ৰাণৰ শিল্পীৰ আত্মাক , প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা সমিতিৰ বৈঠকত কি ক'লে পত্নী গৰিমাই