--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এজন ১৬ বছৰীয়া কিশোৰৰ আত্মহত্যা। আত্মহত্যাৰ পূৰ্বে কিশোৰজনে ছুইচাইড নোট লিখি থৈ গৈছে। ছুইচাইড নোটখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক বিশেষ অনুৰোধ কৰিছে কিশোৰজনে। কিশোৰজন একাদশ শ্ৰেণীত পঢ়ি আছিল। তেওঁ ছুইচাইড নোটত লিখিছে যে ''মই এজন ভাল নৃত্যশিল্পী হ'বলৈ বিচাৰিছিলোঁ। কিন্তু মই সফল হ'ব নোৱাৰিলোঁ। এই বিফলতাই মোক শান্তিত জীয়াই থাকিবলৈ নিদিলে, সেয়েহে মই আত্মহত্যাৰ কৰাৰ সিদ্ধান্ত ল'লোঁ।

চলন্ত ৰে'লৰ আগত পৰি আত্মহত্যা কৰে ছাত্ৰজনে। আৰক্ষীয়ে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ছুইচাইড নোটখন উদ্ধাৰ কৰে। আৰক্ষীয়ে ছুইচাইড নোটখনত লিখা কথাখিনি পঢ়ি জনাই যে তেওঁ এজন ভাল নৃত্যশিল্পী হ'ব বিচাৰিছিল কিন্তু তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গই তেওঁক কেতিয়াও সমৰ্থন কৰা নাছিল। সেই কথাই তেওঁক হতাশ কৰিছিল।

ছুইচাইড নোটত কিশোৰজনে লগতে কয় যে, তেওঁৰ মৃত্যুৰ পিছত এটা মিউজিক ভিডিঅ' নিৰ্মাণ কৰিব লাগে য'ত অৰিজিত সিঙে এটা গান গাব আৰু আৰু নেপালী শিল্পী সুশান্ত খাত্ৰীয়ে নৃত্য পৰিচালনা কৰিব। টোকাটোত কোৱা হৈছে যে এই সংগীত ভিডিঅ'টোৱে তেওঁৰ আত্মাক শান্তি প্ৰদান কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ অন্তিম ইচ্ছা পূৰণ কৰিবলৈ অনুৰোধ জনাইছে। আত্মহত্যাৰ ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত আগবঢ়াই নিছে। ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক