--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান, শ্ৰীলংকা, ব্ৰিটেইনৰ পিছত এতিয়া ইটালীতো দেখা গৈছে ৰাজনৈতিক সংকট। ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ’ ড্ৰাঘীয়ে মিত্ৰজোঁটৰ অংশীদাৰসকলৰ সমৰ্থন অবিহনে পদত্যাগ কৰে। বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ছাৰ্জিঅ’ মাটাৰেলাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে মাৰিঅ’ ড্ৰাঘীয়ে।

ড্ৰাঘী নেতৃত্বাধীন চৰকাৰ পতনৰ লগে লগে তেওঁ পদত্যাগ কৰে। ইয়াৰ বাবেই দেশখনত এতিয়া চৰম ৰাজনৈতিক অস্থিৰতাই দেখা দিছে। প্ৰধানমন্ত্ৰীৰ এই সিদ্ধান্তৰ পাছতে ইয়াৰ প্ৰভাৱ পৰিছে বিত্তীয় প্ৰতিষ্ঠানসমূহতো। ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতিত ড্ৰাঘীৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিগৰাকীয়ে গ্ৰহণ কৰিছে আৰু তেওঁক তত্বাৱধায়ক প্ৰধানমন্ত্ৰী হিচাপে কাৰ্য চলাই যাবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। 

প্ৰধানমন্ত্ৰীৰ পদত থকা সময়ছোৱাত ড্ৰাঘীয়ে ইউক্ৰেইনত ৰাছিয়াৰ আগ্ৰাসনৰ প্ৰতি সঁহাৰি জনোৱাত ইউৰোপক সহায় কৰিছিল। ইউক্ৰেইন যুদ্ধই মুদ্ৰাস্ফীতিত ইন্ধন যোগোৱাৰ লগে লগে ভুক্তভোগী লোকসকলৰ বাবে অধিক চৰকাৰী সমৰ্থন বিচাৰিছিল। এই সন্দৰ্ভত পৰিয়াল আৰু ব্যৱসায়িক খণ্ডৰ বাবে চৰকাৰে ১৯.৫ বিলিয়ন পাউণ্ডৰ পেকেজ বিচাৰিছিল। এই প্ৰস্তাবৰ প্ৰতি সন্মতি প্ৰকাশ কৰা নাছিল ড্ৰাঘীয়ে। ইয়াৰ বাবেই দুয়োটা পক্ষৰ মাজৰ সম্পৰ্ক অৱনতি ঘটা বুলি সদৰী কৰিছে সংশ্লিষ্ট মহলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি