--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান, শ্ৰীলংকা, ব্ৰিটেইনৰ পিছত এতিয়া ইটালীতো দেখা গৈছে ৰাজনৈতিক সংকট। ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ’ ড্ৰাঘীয়ে মিত্ৰজোঁটৰ অংশীদাৰসকলৰ সমৰ্থন অবিহনে পদত্যাগ কৰে। বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ছাৰ্জিঅ’ মাটাৰেলাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে মাৰিঅ’ ড্ৰাঘীয়ে।

ড্ৰাঘী নেতৃত্বাধীন চৰকাৰ পতনৰ লগে লগে তেওঁ পদত্যাগ কৰে। ইয়াৰ বাবেই দেশখনত এতিয়া চৰম ৰাজনৈতিক অস্থিৰতাই দেখা দিছে। প্ৰধানমন্ত্ৰীৰ এই সিদ্ধান্তৰ পাছতে ইয়াৰ প্ৰভাৱ পৰিছে বিত্তীয় প্ৰতিষ্ঠানসমূহতো। ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতিত ড্ৰাঘীৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিগৰাকীয়ে গ্ৰহণ কৰিছে আৰু তেওঁক তত্বাৱধায়ক প্ৰধানমন্ত্ৰী হিচাপে কাৰ্য চলাই যাবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। 

প্ৰধানমন্ত্ৰীৰ পদত থকা সময়ছোৱাত ড্ৰাঘীয়ে ইউক্ৰেইনত ৰাছিয়াৰ আগ্ৰাসনৰ প্ৰতি সঁহাৰি জনোৱাত ইউৰোপক সহায় কৰিছিল। ইউক্ৰেইন যুদ্ধই মুদ্ৰাস্ফীতিত ইন্ধন যোগোৱাৰ লগে লগে ভুক্তভোগী লোকসকলৰ বাবে অধিক চৰকাৰী সমৰ্থন বিচাৰিছিল। এই সন্দৰ্ভত পৰিয়াল আৰু ব্যৱসায়িক খণ্ডৰ বাবে চৰকাৰে ১৯.৫ বিলিয়ন পাউণ্ডৰ পেকেজ বিচাৰিছিল। এই প্ৰস্তাবৰ প্ৰতি সন্মতি প্ৰকাশ কৰা নাছিল ড্ৰাঘীয়ে। ইয়াৰ বাবেই দুয়োটা পক্ষৰ মাজৰ সম্পৰ্ক অৱনতি ঘটা বুলি সদৰী কৰিছে সংশ্লিষ্ট মহলে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...