--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : সংসদৰ বাহিৰে-ভিতৰে প্ৰবল বিদ্ৰোহৰ সন্মুখীন হৈছে কেন্দ্ৰীয় চৰকাৰ। সংসদৰ ভিতৰত বিৰোধীয়ে বিভিন্ন বিষয় লৈ চৰকাৰক ব্যতিব্যস্ত কৰি তুলিছে। কংগ্ৰেছকে ধৰি বিৰোধী শিবিৰে হুংকাৰ দিছে যে, যেতিয়ালৈ চৰকাৰে তেওঁলোকৰ দাবী মানি নলয় তেতিয়ালৈ তেওঁলোকে সংসদৰ বৰ্ষাকালীন অধিৱেশন সুকলমে অনুষ্ঠিত হ’বলৈ নিদিয়ে। এই প্ৰত্যাহ্বানৰ মাজতে সংসদৰ বাহিৰত প্ৰত্যাহ্বান সৃষ্টি কৰিছে প্ৰতিবাদী কৃষকে।

আঠ মাহৰো অধিক সময় ধৰি দিল্লী-হাৰিয়ানা সীমান্তত কৃষি বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদৰত কৃষকসমাজে প্ৰতিবাদৰ নতুন পন্থা গ্ৰহণ কৰিছে। ২২জুলাইৰ পৰা কৃষকসকলে যন্তৰ-মন্তৰত ‘কিষাণ পাৰ্লিয়ামেণ্ট’ অৰ্থাৎ ‘কৃষক সংসদ’ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সিংঘু সীমান্তত প্ৰতিবাদৰত কৃষসকলৰ ২০০গৰাকীকৈ কৃষকে প্ৰতিদিনে এই প্ৰতিবাদত অংশ ল’ব। কৃষকসকলে পৰিকল্পনা কৰা ‘সংসদ যাত্ৰা’ কাৰ্যসূচীত আৰক্ষী-প্ৰশাসনে বাধা দান কৰাৰ পাছত এই নতুন কাৰ্যসূচী গ্ৰহণ কৰিছে কৃষকসকলে।

এই সম্পৰ্কে মন্তব্য কৰি এগৰাকী কৃষক নেতাই কয়, ‘২২জুলাইৰ পৰা আমি যন্তৰ-মন্তৰত কৃষক সংসদ অনুষ্ঠিত কৰিম। সংসদৰ বৰ্ষাকালীন অধিৱেশন শেষ নোহোৱালৈকে দৈনিক ২০০গৰাকীকৈ কৃষকে এই কৃষক সংসদত ভাগ ল’ব। এই সংসদৰ কাম-কাজৰ বাবে প্ৰতিদিনে এগৰাকীকৈ অধ্যক্ষ আৰু উপাধ্যক্ষ নিৰ্বাচন কৰা হ’ব।’ তেওঁলোকে কৃষি আইনৰ লগতে আন বিষয় সন্দৰ্ভত এই সংসদত আলোচনা কৰিব বুলি প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ