--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাষণ প্ৰদান কৰি জম্মু-কাশ্মীৰৰ পৰিস্থিতিক পেলেষ্টাইন সৈতে তুলনা কৰি মন্তব্য প্ৰদান কৰাক লৈ তীব্ৰ সমালোচনাৰ সম্মুখীন হৈছে পাকিস্তান৷শ্বাহবাজ শ্বৰীফৰ এই মন্তব্যৰ প্ৰত্তুত্যৰত ভৰতে, পাকিস্তানক ভাৰতৰ ভূখণ্ডৰ প্ৰতি লোভী আৰু ভাৰতৰ অবিচ্ছেদ্য অংগ জম্মু-কাশ্মীৰৰ নিৰ্বাচনত ব্যাঘাত জন্মাবৰ বাবে পাকিস্তানে সন্ত্ৰাসবাদৰ ব্যৱহাৰ কৰিছে বুলি মন্তব্য কৰে৷

২৮ ছেপ্টেম্বৰত ভাৰতীয় কূটনীতিবিদ ভৱিকা মংগলনন্দনে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত ভাষণ প্ৰদান কৰি কয় যে ‘সমগ্ৰ বিশ্ব জ্ঞাত যে পাকিস্তানে দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদক নিজৰ চুবুৰীয়া ৰাষ্ট্ৰৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। ভাৰতৰ সংসদ, বিত্তীয় ৰাজধানী মুম্বাই, বজাৰ আৰু তীৰ্থযাস্থানৰ পথসমুহত আক্ৰমণ কৰিছে। এনে এখন দেশে যিকোনো ঠাইতে হিংসাৰ কথা কোৱাটো এক ভণ্ডামি।’ তেওঁ লগতে, স্বচ্ছ নিৰ্বাচনৰ ইতিহাস নথকা এখন দেশে গণতন্ত্ৰত ৰাজনৈতিক বিকল্পৰ কথা কোৱাটো অস্বাভাৱিক বুলিও মন্তব্য কৰে৷

ভাৰতৰ প্ৰতিনিধি গৰাকীয়ে কয় যে সন্ত্ৰাসবাদৰ লগত আপোচ কৰিব নোৱাৰি।পাকিস্তানে বুজা উচিত যে ভাৰতৰ বিৰুদ্ধে সীমান্তত সন্ত্ৰাসবাদে  অনিবাৰ্যৰূপে ইয়াৰ পৰিণতিক আমন্ত্ৰণ কৰিছে।বিশ্বই পাকিস্তানৰ প্ৰকৃত ৰূপ কি সেয়া বুজি উঠিব৷ শ্বেহবাজ শ্বৰীফৰ মন্তব্যক খাৰিজ কৰাৰ লগতে হাস্যকৰ বুলি অভিহিত কৰি ভাৰতে কয় যে পাকিস্তানে মিছা কথাৰে সত্যক প্ৰতিপন্ন কৰাৰ প্ৰচেষ্টাই বাস্তৱক সলনি কৰিব নোৱাৰে বুলিও মন্তব্য কৰে৷আৰু কয় আমাৰ স্থিতি স্পষ্ট আৰু ইয়াক পুনৰাবৃত্তি কৰাৰ প্ৰয়োজন নাই।

শ্বাহবাজ শ্বৰীফে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত জম্মু-কাশ্মীৰৰ পৰিস্থিতি সম্পৰ্কত মন্তব্য কৰি পেলেষ্টাইনৰ সৈতে তুলনা কৰি কয় যে জনসাধাৰণে নিজৰ স্বাধীনতা আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে এক শতিকাৰ সংগ্ৰাম কৰি আহিছে। তেওঁ ভাৰতক ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ কোৱাৰ লগতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ আৰু কাশ্মীৰী জনসাধাৰণৰ ইচ্ছা অনুসৰি আলোচনা কৰিবলৈ আহ্বান জনায়।

শ্বেহবাজ শ্বৰীফে, নতুন দিল্লীয়ে ইছলামবাদৰ পাৰস্পৰিক কৌশলগত সংযমৰ ব্যৱস্থাৰ প্ৰস্তাৱ নাকচ কৰাৰ লগতে ভাৰতীয় নেতৃত্বই এল অ’ চি পাৰ হোৱাৰ ভাবুকি দিয়াৰো অভিযোগ উত্থাপন কৰিছে। শ্বেহবাজ শ্বৰীফে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে সামৰিক শক্তিৰ ব্যাপকভাৱে সম্প্ৰসাৰণ কৰাৰ অভিযোগো উত্থাপন কৰে।

উল্লেখোগ্য যে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ মন্তব্য খাৰিজ কৰি ভাৰতে সন্ত্ৰাস আৰু আলোচনা একেলগে চলিব নোৱাৰে বুলি মন্তব্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব