--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাষণ প্ৰদান কৰি জম্মু-কাশ্মীৰৰ পৰিস্থিতিক পেলেষ্টাইন সৈতে তুলনা কৰি মন্তব্য প্ৰদান কৰাক লৈ তীব্ৰ সমালোচনাৰ সম্মুখীন হৈছে পাকিস্তান৷শ্বাহবাজ শ্বৰীফৰ এই মন্তব্যৰ প্ৰত্তুত্যৰত ভৰতে, পাকিস্তানক ভাৰতৰ ভূখণ্ডৰ প্ৰতি লোভী আৰু ভাৰতৰ অবিচ্ছেদ্য অংগ জম্মু-কাশ্মীৰৰ নিৰ্বাচনত ব্যাঘাত জন্মাবৰ বাবে পাকিস্তানে সন্ত্ৰাসবাদৰ ব্যৱহাৰ কৰিছে বুলি মন্তব্য কৰে৷

২৮ ছেপ্টেম্বৰত ভাৰতীয় কূটনীতিবিদ ভৱিকা মংগলনন্দনে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত ভাষণ প্ৰদান কৰি কয় যে ‘সমগ্ৰ বিশ্ব জ্ঞাত যে পাকিস্তানে দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদক নিজৰ চুবুৰীয়া ৰাষ্ট্ৰৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। ভাৰতৰ সংসদ, বিত্তীয় ৰাজধানী মুম্বাই, বজাৰ আৰু তীৰ্থযাস্থানৰ পথসমুহত আক্ৰমণ কৰিছে। এনে এখন দেশে যিকোনো ঠাইতে হিংসাৰ কথা কোৱাটো এক ভণ্ডামি।’ তেওঁ লগতে, স্বচ্ছ নিৰ্বাচনৰ ইতিহাস নথকা এখন দেশে গণতন্ত্ৰত ৰাজনৈতিক বিকল্পৰ কথা কোৱাটো অস্বাভাৱিক বুলিও মন্তব্য কৰে৷

ভাৰতৰ প্ৰতিনিধি গৰাকীয়ে কয় যে সন্ত্ৰাসবাদৰ লগত আপোচ কৰিব নোৱাৰি।পাকিস্তানে বুজা উচিত যে ভাৰতৰ বিৰুদ্ধে সীমান্তত সন্ত্ৰাসবাদে  অনিবাৰ্যৰূপে ইয়াৰ পৰিণতিক আমন্ত্ৰণ কৰিছে।বিশ্বই পাকিস্তানৰ প্ৰকৃত ৰূপ কি সেয়া বুজি উঠিব৷ শ্বেহবাজ শ্বৰীফৰ মন্তব্যক খাৰিজ কৰাৰ লগতে হাস্যকৰ বুলি অভিহিত কৰি ভাৰতে কয় যে পাকিস্তানে মিছা কথাৰে সত্যক প্ৰতিপন্ন কৰাৰ প্ৰচেষ্টাই বাস্তৱক সলনি কৰিব নোৱাৰে বুলিও মন্তব্য কৰে৷আৰু কয় আমাৰ স্থিতি স্পষ্ট আৰু ইয়াক পুনৰাবৃত্তি কৰাৰ প্ৰয়োজন নাই।

শ্বাহবাজ শ্বৰীফে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত জম্মু-কাশ্মীৰৰ পৰিস্থিতি সম্পৰ্কত মন্তব্য কৰি পেলেষ্টাইনৰ সৈতে তুলনা কৰি কয় যে জনসাধাৰণে নিজৰ স্বাধীনতা আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে এক শতিকাৰ সংগ্ৰাম কৰি আহিছে। তেওঁ ভাৰতক ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ কোৱাৰ লগতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ আৰু কাশ্মীৰী জনসাধাৰণৰ ইচ্ছা অনুসৰি আলোচনা কৰিবলৈ আহ্বান জনায়।

শ্বেহবাজ শ্বৰীফে, নতুন দিল্লীয়ে ইছলামবাদৰ পাৰস্পৰিক কৌশলগত সংযমৰ ব্যৱস্থাৰ প্ৰস্তাৱ নাকচ কৰাৰ লগতে ভাৰতীয় নেতৃত্বই এল অ’ চি পাৰ হোৱাৰ ভাবুকি দিয়াৰো অভিযোগ উত্থাপন কৰিছে। শ্বেহবাজ শ্বৰীফে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে সামৰিক শক্তিৰ ব্যাপকভাৱে সম্প্ৰসাৰণ কৰাৰ অভিযোগো উত্থাপন কৰে।

উল্লেখোগ্য যে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ মন্তব্য খাৰিজ কৰি ভাৰতে সন্ত্ৰাস আৰু আলোচনা একেলগে চলিব নোৱাৰে বুলি মন্তব্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক