--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰেমিকাৰ উচ্চতা আছিল কম৷ চাপৰ হোৱাটোৱেই যেন আছিল প্ৰেমিকাৰ অপৰাধ৷ ভগৱানৰ সৃষ্টিত কাৰো হাত নাথাকে কিন্তু তাকে যেন নুবুজে অবুজন মানৱ জাতিয়ে৷ এজন প্ৰেমিকে পৈশাচিক কাণ্ডৰে প্ৰেমৰ দৰে পবিত্ৰ শব্দক কলুষিত কৰিলে৷ ঘটনা ঝাৰখণ্ডৰ৷ ঝাৰখণ্ডৰ খুণ্টীৰ ২০ বছৰীয়া যুৱতী অঞ্জলিৰ প্ৰেমৰ সম্পৰ্ক আছিল ২২ বছৰীয়া অজিত নামৰ এজন যুৱকৰ সৈতে৷ অঞ্জলিৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাক লৈ অজিতক জোকাইছিল গাঁওবাসীয়ে কাৰণ প্ৰেমিকা অঞ্জলি আছিল চাপৰ৷

''ছোৱালী আৰু বিচাৰি নাপালি'', ''এই চাপৰ ছোৱালীজনী তোৰ লগত নিমিলে'', ''ইমান চাপৰ ছোৱালীজনীক কি বুলি ভাল পালি'' আদি ধৰণৰ নানা নঞাৰ্থক কথাৰে সিহঁতৰ প্ৰেমক লৈ ঠাট্টা কৰিছিল গাঁৱৰ অধিকাংশ লোকে৷ যি কথা শুনি শুনি অতীষ্ঠ হৈ পৰিছিল অজিত৷ ফলত লাহে-লাহে অজিতে অঞ্জলিৰ সৈতে দূৰত্ব বঢ়াই আনিলে৷ কৰিবলৈ ধৰিলে অৱহেলা৷ ইফালে অঞ্জলিয়ে প্ৰেমিকৰ হঠাৎ হোৱা পৰিবৰ্তনক সহজভাবে ল'ব নোৱাৰিলে৷ প্ৰেম হেৰুৱাৰ ভয়ত অঞ্জলিয়ে অজিতক বিয়াৰ বাবে হেঁচা দিবলৈ ধৰিলে৷ মানুহৰ ঠাট্টা-মস্কৰা আৰু প্ৰেমিকাই দিয়া বিয়াৰ হেঁচাক লৈ ক্ৰমে হিতাহিত জ্ঞান হেৰুৱাবলৈ ধৰিলে প্ৰেমিক অজিতে৷ ফলত সি লৈ পেলালে এক জঘন্য সিদ্ধান্ত৷

প্ৰেমিকা অঞ্জলিক এখন হাবিলৈ মাতি পঠিয়ালে অজিতে৷ অঞ্জলিয়ে একেবাৰে প্ৰেমিকৰ কাষলৈ গুচি যোৱাৰ হেঁপাহেৰে ঘৰৰ পৰা কাপোৰৰ বেগ এটা লৈ ওলাই আহিল৷ হাবিত ৰৈ আছিল অজিত৷ অঞ্জলিৰ হাতত কাপোৰৰ বেগ দেখা পাই অজিতে এটাকৈ এটাকৈ সকলো কাপোৰ জ্বলাই দিয়ে৷ প্ৰেমিকৰ এই আচৰণৰ কাৰণ অঞ্জলিয়ে জানিব বিচাৰিত অজিতে কয় যে, 'মই নতুন কাপোৰ কিনি দিম৷' ইয়াৰ পিছতেই গছৰ আঁৰত লুকুৱাই থোৱা কুঠাৰেৰে অজিতে অঞ্জলিৰ দেহত ঘপিয়ায়৷

ইমানতে ক্ষান্ত নাথাকি কুঠাৰেৰে একেঘাপে অঞ্জলিৰ শিৰচ্ছেদো কৰে ঘাতক প্ৰেমিকে৷ হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰা অজিত কিন্তু সোনকালেই পৰিল আৰক্ষীৰ জালত৷ আৰক্ষীৰ আগত একেবাৰতে অজিতে স্বীকাৰ কৰে যে ’’হয় মোৰ প্ৰেমিকা চাপৰ বাবেই মই হত্যা কৰিছোঁ… দিনে দিনে এই কথাই মোক জ্বলাই মাৰিছিল..সেয়েহে তাইক পৃথিৱীৰ পৰা বিদায় দিলোঁ…৷’’ মানৱতাক লজ্জানত কৰা এই নিকৃষ্ট ঘটনাই জোকাৰি গৈছে প্ৰতিজন বিবেকবান আৰু হৃদয়বান মানুহক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?