--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰেমিকাৰ উচ্চতা আছিল কম৷ চাপৰ হোৱাটোৱেই যেন আছিল প্ৰেমিকাৰ অপৰাধ৷ ভগৱানৰ সৃষ্টিত কাৰো হাত নাথাকে কিন্তু তাকে যেন নুবুজে অবুজন মানৱ জাতিয়ে৷ এজন প্ৰেমিকে পৈশাচিক কাণ্ডৰে প্ৰেমৰ দৰে পবিত্ৰ শব্দক কলুষিত কৰিলে৷ ঘটনা ঝাৰখণ্ডৰ৷ ঝাৰখণ্ডৰ খুণ্টীৰ ২০ বছৰীয়া যুৱতী অঞ্জলিৰ প্ৰেমৰ সম্পৰ্ক আছিল ২২ বছৰীয়া অজিত নামৰ এজন যুৱকৰ সৈতে৷ অঞ্জলিৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাক লৈ অজিতক জোকাইছিল গাঁওবাসীয়ে কাৰণ প্ৰেমিকা অঞ্জলি আছিল চাপৰ৷

''ছোৱালী আৰু বিচাৰি নাপালি'', ''এই চাপৰ ছোৱালীজনী তোৰ লগত নিমিলে'', ''ইমান চাপৰ ছোৱালীজনীক কি বুলি ভাল পালি'' আদি ধৰণৰ নানা নঞাৰ্থক কথাৰে সিহঁতৰ প্ৰেমক লৈ ঠাট্টা কৰিছিল গাঁৱৰ অধিকাংশ লোকে৷ যি কথা শুনি শুনি অতীষ্ঠ হৈ পৰিছিল অজিত৷ ফলত লাহে-লাহে অজিতে অঞ্জলিৰ সৈতে দূৰত্ব বঢ়াই আনিলে৷ কৰিবলৈ ধৰিলে অৱহেলা৷ ইফালে অঞ্জলিয়ে প্ৰেমিকৰ হঠাৎ হোৱা পৰিবৰ্তনক সহজভাবে ল'ব নোৱাৰিলে৷ প্ৰেম হেৰুৱাৰ ভয়ত অঞ্জলিয়ে অজিতক বিয়াৰ বাবে হেঁচা দিবলৈ ধৰিলে৷ মানুহৰ ঠাট্টা-মস্কৰা আৰু প্ৰেমিকাই দিয়া বিয়াৰ হেঁচাক লৈ ক্ৰমে হিতাহিত জ্ঞান হেৰুৱাবলৈ ধৰিলে প্ৰেমিক অজিতে৷ ফলত সি লৈ পেলালে এক জঘন্য সিদ্ধান্ত৷

প্ৰেমিকা অঞ্জলিক এখন হাবিলৈ মাতি পঠিয়ালে অজিতে৷ অঞ্জলিয়ে একেবাৰে প্ৰেমিকৰ কাষলৈ গুচি যোৱাৰ হেঁপাহেৰে ঘৰৰ পৰা কাপোৰৰ বেগ এটা লৈ ওলাই আহিল৷ হাবিত ৰৈ আছিল অজিত৷ অঞ্জলিৰ হাতত কাপোৰৰ বেগ দেখা পাই অজিতে এটাকৈ এটাকৈ সকলো কাপোৰ জ্বলাই দিয়ে৷ প্ৰেমিকৰ এই আচৰণৰ কাৰণ অঞ্জলিয়ে জানিব বিচাৰিত অজিতে কয় যে, 'মই নতুন কাপোৰ কিনি দিম৷' ইয়াৰ পিছতেই গছৰ আঁৰত লুকুৱাই থোৱা কুঠাৰেৰে অজিতে অঞ্জলিৰ দেহত ঘপিয়ায়৷

ইমানতে ক্ষান্ত নাথাকি কুঠাৰেৰে একেঘাপে অঞ্জলিৰ শিৰচ্ছেদো কৰে ঘাতক প্ৰেমিকে৷ হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰা অজিত কিন্তু সোনকালেই পৰিল আৰক্ষীৰ জালত৷ আৰক্ষীৰ আগত একেবাৰতে অজিতে স্বীকাৰ কৰে যে ’’হয় মোৰ প্ৰেমিকা চাপৰ বাবেই মই হত্যা কৰিছোঁ… দিনে দিনে এই কথাই মোক জ্বলাই মাৰিছিল..সেয়েহে তাইক পৃথিৱীৰ পৰা বিদায় দিলোঁ…৷’’ মানৱতাক লজ্জানত কৰা এই নিকৃষ্ট ঘটনাই জোকাৰি গৈছে প্ৰতিজন বিবেকবান আৰু হৃদয়বান মানুহক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী