--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমিকাক জগৰীয়া কৰি প্ৰেমিকৰ চৰম সিদ্ধান্ত৷ প্ৰেমিকাৰ বিশ্বাসঘাতকতাই জীৱনৰ প্ৰতি বিৰাগ জন্মালে এজন যুৱকৰ, সেয়ে তেওঁ পৃথিৱীক চিৰবিদায় দিয়াৰ সিদ্ধান্ত লয়। আগ্ৰাৰ কিৰাৱলীত যুৱকজনে আত্মহত্যা কৰিছিল। শুকুৰবাৰে যুৱকজনৰ ছুইচাইড নোট আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। আত্মহত্যাৰ বাবে যুৱকজনে নিজৰ প্ৰেমিকা আৰু তেওঁৰ পৰিয়ালক জগৰীয়া কৰিছে।

আগ্ৰাত টিচিএছৰ মেনেজাৰ মানৱ শৰ্মাৰ আত্মহত্যাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে শুকুৰবাৰে যুৱকজনৰ ছুইচাইড নোট আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। পৰিয়ালৰ সদস্যৰ অভিযোগত আৰক্ষীয়ে প্ৰেমিকা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

ৰাজেন্দ্ৰ সিঙৰ দুগৰাকী কন্যাৰ ভিতৰত জিতেন্দ্ৰ কুমাৰ ওৰফে বাণ্টী বাঘেল আছিল একমাত্ৰ পুত্ৰ। ব্যক্তিগত কোম্পানী এটাত কাম কৰি আছিল জিতেন্দ্ৰই। সন্দেহজনক পৰিস্থিতিত জিতেন্দ্ৰই নিজৰ ঘৰৰ কোঠাত চিপ লৈ আত্মহত্যা কৰে। ঘটনাৰ পিছত পৰিয়ালটোৱে গম পায় যে জিতেন্দ্ৰই নিজৰ ফেচবুক একাউণ্টত ভিডিঅ’ আৰু ছুইচাইড নোট এৰি থৈ গৈছে।

এতিয়া আত্মহত্যাৰ নোটত নাম উল্লেখ কৰাসকলৰ বিৰুদ্ধে আচ্নেৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। এই গোচৰত আৰক্ষীয়ে প্ৰেমিকা নীৰু, ভাতৃ মনোজ, সৌৰভ, পিতৃ কমল সিং ফৌজী আৰু মাতৃ মীনা দেৱীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

আচ্নেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ মিশ্ৰই কয় যে এই ঘটনাৰ সকলো তথ্যৰ ওপৰত তদন্ত চলি আছে। মৃতকৰ মোবাইল ফোন আৰু ছ’চিয়েল মিডিয়া একাউণ্টত পোষ্টৰ চিডিআৰৰ কাৰিকৰী তদন্ত চলি আছে। প্ৰেমিকা, ভাতৃ আৰু পিতৃ-মাতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

২:২৯ মিনিটৰ ভিডিঅ’টোত মৃত জিতেন্দ্ৰই কৈছে যে তেওঁ প্ৰেমিকাক বিয়া কৰাব বিচাৰিছিল। বিয়াৰ নাম লৈ ছোৱালীজনীয়ে ক্ৰমান্বয়ে প্ৰায় সাত লাখ টকা আত্মসাৎ কৰে। ইয়াৰ পিছতো বিয়া পাতিবলৈ ৰাজী নহয় প্ৰেমিকা। ধন ঘূৰাই বিচৰাত পৰিয়ালৰ লোকৰ সৈতে প্ৰেমিকাই জিতেন্দ্ৰক ভাবুকি দিবলৈ আৰম্ভ কৰে। জিতেন্দ্ৰলৈ প্ৰতিদিনে ভাবুকি আহিবলৈ ধৰিলে। ইয়াৰ পাছত আত্মহত্যাৰ পদক্ষেপ ল’বলৈ বাধ্য হয় যুৱকজনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ