--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমিকাক জগৰীয়া কৰি প্ৰেমিকৰ চৰম সিদ্ধান্ত৷ প্ৰেমিকাৰ বিশ্বাসঘাতকতাই জীৱনৰ প্ৰতি বিৰাগ জন্মালে এজন যুৱকৰ, সেয়ে তেওঁ পৃথিৱীক চিৰবিদায় দিয়াৰ সিদ্ধান্ত লয়। আগ্ৰাৰ কিৰাৱলীত যুৱকজনে আত্মহত্যা কৰিছিল। শুকুৰবাৰে যুৱকজনৰ ছুইচাইড নোট আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। আত্মহত্যাৰ বাবে যুৱকজনে নিজৰ প্ৰেমিকা আৰু তেওঁৰ পৰিয়ালক জগৰীয়া কৰিছে।

আগ্ৰাত টিচিএছৰ মেনেজাৰ মানৱ শৰ্মাৰ আত্মহত্যাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে শুকুৰবাৰে যুৱকজনৰ ছুইচাইড নোট আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। পৰিয়ালৰ সদস্যৰ অভিযোগত আৰক্ষীয়ে প্ৰেমিকা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

ৰাজেন্দ্ৰ সিঙৰ দুগৰাকী কন্যাৰ ভিতৰত জিতেন্দ্ৰ কুমাৰ ওৰফে বাণ্টী বাঘেল আছিল একমাত্ৰ পুত্ৰ। ব্যক্তিগত কোম্পানী এটাত কাম কৰি আছিল জিতেন্দ্ৰই। সন্দেহজনক পৰিস্থিতিত জিতেন্দ্ৰই নিজৰ ঘৰৰ কোঠাত চিপ লৈ আত্মহত্যা কৰে। ঘটনাৰ পিছত পৰিয়ালটোৱে গম পায় যে জিতেন্দ্ৰই নিজৰ ফেচবুক একাউণ্টত ভিডিঅ’ আৰু ছুইচাইড নোট এৰি থৈ গৈছে।

এতিয়া আত্মহত্যাৰ নোটত নাম উল্লেখ কৰাসকলৰ বিৰুদ্ধে আচ্নেৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। এই গোচৰত আৰক্ষীয়ে প্ৰেমিকা নীৰু, ভাতৃ মনোজ, সৌৰভ, পিতৃ কমল সিং ফৌজী আৰু মাতৃ মীনা দেৱীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

আচ্নেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ মিশ্ৰই কয় যে এই ঘটনাৰ সকলো তথ্যৰ ওপৰত তদন্ত চলি আছে। মৃতকৰ মোবাইল ফোন আৰু ছ’চিয়েল মিডিয়া একাউণ্টত পোষ্টৰ চিডিআৰৰ কাৰিকৰী তদন্ত চলি আছে। প্ৰেমিকা, ভাতৃ আৰু পিতৃ-মাতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

২:২৯ মিনিটৰ ভিডিঅ’টোত মৃত জিতেন্দ্ৰই কৈছে যে তেওঁ প্ৰেমিকাক বিয়া কৰাব বিচাৰিছিল। বিয়াৰ নাম লৈ ছোৱালীজনীয়ে ক্ৰমান্বয়ে প্ৰায় সাত লাখ টকা আত্মসাৎ কৰে। ইয়াৰ পিছতো বিয়া পাতিবলৈ ৰাজী নহয় প্ৰেমিকা। ধন ঘূৰাই বিচৰাত পৰিয়ালৰ লোকৰ সৈতে প্ৰেমিকাই জিতেন্দ্ৰক ভাবুকি দিবলৈ আৰম্ভ কৰে। জিতেন্দ্ৰলৈ প্ৰতিদিনে ভাবুকি আহিবলৈ ধৰিলে। ইয়াৰ পাছত আত্মহত্যাৰ পদক্ষেপ ল’বলৈ বাধ্য হয় যুৱকজনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু