--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জামুগুৰিহাটৰ বাঁহবাৰী সত্ৰৰ এখন সুসংস্কৃত অসমীয়া ঘৰ৷ আৰু সেই ঘৰখনৰ পৰাই ইছৰ’ৰ গৱেষণাগাৰলৈ এটা দীঘলীয়া যাত্ৰা তেওঁৰ৷ সেই যাত্ৰাত আছিল সংঘাত-সাধনা, মাজে-সময়ে আহিছিল থমকিব খোজা সময়৷ কিন্তু, সন্মুখত দেশমাতৃৰ স্বাৰ্থ, সন্মান৷ হাৰ মানিব নোৱাৰি৷ হাৰি যাব নোৱাৰি৷ চলিল নিৰলস প্ৰচেষ্টা৷ ফলাফল?

ফলাফল ২৩ আগষ্টৰ সন্ধিয়া ৬:০৪ বজাত ‘চন্দ্ৰায়ন-৩’ৰ সফল অৱতৰণ৷ এই বৃহৎ প্ৰকল্পৰে জড়িত আছিল তেওঁ৷ নাম: উদ্দীপনা কলিতা৷ ইছৰ’ৰ ঐতিহাসিক সফলতাৰ আঁৰত প্ৰতিগৰাকী বিজ্ঞানী আৰু চন্দ্ৰযান-৩ৰ সৈতে জড়িত অন্যান্য গৱেষক, বিষয়া-কৰ্মচাৰীৰ শ্ৰম নিহিত হৈ আছে৷ জড়িত আছে অসমৰো কেইবাগৰাকী বিজ্ঞানী৷ তাৰেই অন্যতম জামুগুৰিহাটৰ যুৱ বিজ্ঞানী উদ্দীপনা কলিতা৷
জামুগুৰিহাটৰ বাঁহবাৰী সত্ৰ নিবাসী তথা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক সুৰেন কলিতাৰ কনিষ্ঠ কন্যা উদ্দীপনা কলিতা। চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পাছৰে পৰা জামুগুৰিহাটৰ উদ্দীপনাৰ ঘৰখনত এতিয়া আনন্দমুখৰ পৰিবেশ দেখা গৈছে৷ 

‘দেউতা তোমাক কথা দিছিলোঁ আৰু মই মোৰ কথা ৰাখিলোঁ। মোৰ কাম‍ শেষ৷’ ইছৰ’ৰ পৰা জামুগুৰিহাটৰ ঘৰখনত চিভিৰ স্ক্ৰীণত চকু ৰখা পিতৃ সুৰেন কলিতাৰ মোবাইললৈ আহিছিল সেই ফোন৷ ফোন সিপাৰে কঁপা মাতেৰে তেনেকৈয়ে কৈছিল উদ্দীপনাই৷ আৰু তাৰ পাছত উলাহে নধৰা সময় নামি আহিছিল উদ্দীপনাৰ ঘৰখনলৈ৷  

উদ্দীপনাৰ খবৰে অসমীয়াক যেন অধিক সুখী কৰি তুলিলে। চন্দ্ৰযান-৩ৰ মূল কৰ্ণধাৰকেইগৰাকীৰ ভিতৰত যিদৰে অসমৰ চয়ন দত্ত অন্যতম আছিল, ঠিক একেদৰেই উদ্দীপনা কলিতাৰো আছিল গুৰুত্বপূৰ্ণ দায়িত্ব৷ 

আজি উদ্দীপনাৰ কলিতাৰ বাসগৃহত উপস্থিত হয় জামুগুৰিহাটৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে জামুগুৰি পৌৰসভাৰ বিষয়ববীয়া। যুৱ বিজ্ঞানীগৰাকীৰ অনুপস্থিতিত পিতৃকে অভিনন্দন জনাই তেওঁলোকে সম্বৰ্ধনা জ্ঞাপন কৰে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক