--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বজাৰত এই ঔষধৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই কোম্পানীসমূহে ৰোগীৰ জীৱনৰ সৈতে ধেমালি খেলি প্রস্তুত কৰিছে নিম্ন মানৰ ঔষধ। প্রয়োজনীয় আৰু পর্যাপ্ত মৌল বা উৎপাদনৰ অবিহনেই প্ৰস্তুত কৰা এইবোৰ ঔষধে ৰোগীক কোনো নিৰাময় নিদিয়ে।

ডিজিটেল ডেস্ক : জীৱনদায়িনী ঔষধৰ দাম ভাবিব নোৱাৰা ধৰণে বৃদ্ধি পোৱাৰ সমানে সমানে নিম্ন মানৰ তথা ভেজাল ঔষধেৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ। যোৱা ফেব্ৰুৱাৰী মাহতে ৰাজ্যিক ঔষধ পৰীক্ষণ পৰীক্ষাগাৰত (State Drugs Testing Laboratory) চলোৱা নমুনা পৰীক্ষাত তেৰটাকৈ ভেজাল ঔষধ ধৰা পৰিছে। 


আনকি বিভিন্ন ফার্মাচীত ভেজাল ঔষধ বিক্রী কৰাৰ তথ্যও পোহৰলৈ আহিছে। সকলোতকৈ ভয়ংকৰ তথ্য এয়ে যে সাধাৰণতে জ্বৰ বা বিষ হ'লেই যিকোনো লোকে খোৱা পৰাচিটামল টেবলেটো নিম্ন মানৰ পোৱা গৈছে। ইয়াৰ উপৰি গেছৰ ৰোগীসকলে সততে ব্যৱহাৰ কৰা পেল্টপ্রাজল ছডিয়াম জি আৰ টেবলেট, পেন্টপ্রাজল জি আৰ এণ্ড ডি আৰ ডেম্পেৰিডন কেপচুল, উচ্চ ৰক্তচাপৰ ৰোগীয়ে খোৱা টেলমিছাৰটান টেবলেট, অতিপাত জ্বৰ আৰু এলার্জেটিক আস্থামা ৰোগীয়ে সেৱন কৰা লেভচেটিৰিজিন হাইড্রক্লৰাইড আৰু মন্টেলুকাষ্ট ছডিয়াম টেবলেট, বিভিন্ন ফাংগলৰ সংক্রমণত খোৱা ঔষধ ইট্টাকনাজল কেপচুলৰ লগতে ৰাইবোফ্লেভিন টেবলেট আৰু বিছাকোডাইল জি আৰ টেবলেটো নিম্ন মানৰ বুলি পৰীক্ষাগাৰত ওলাই পৰিছে। সৰ্বাধিক নিম্ন মানৰ ঔষধ হিচাপে পোৱা গৈছে বিভিন্ন কোম্পানীয়ে প্ৰস্তুত কৰা ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে খোৱা দৰৱ। 


বজাৰত এই ঔষধৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই কোম্পানীসমূহে ৰোগীৰ জীৱনৰ সৈতে ধেমালি খেলি প্রস্তুত কৰিছে নিম্ন মানৰ ঔষধ। প্রয়োজনীয় আৰু পর্যাপ্ত মৌল বা উৎপাদনৰ অবিহনেই প্ৰস্তুত কৰা এইবোৰ ঔষধে ৰোগীক কোনো নিৰাময় নিদিয়ে। ইয়াৰ বিপৰীতে অতি কম ব্যয়ত উৎপাদন কৰা ঔষধসমূহ ক্ৰয় কৰি ফাৰ্মাচীসমূহে অত্যধিক লাভৰ মুখ দেখে। কিছুদিনৰ পূৰ্বে মহানগৰীৰ ওদালবাক্রাত এনে ভেজাল ঔষধ বিক্ৰী কৰাৰ অভিযোগত এখন ফাৰ্মাচী আৰক্ষীয়ে বন্ধ কৰিও দিছিল। 


ইফালে ঔষধসমূহৰ বিজ্ঞাপন আৰু প্ৰচলনৰ বাবে বহুজাতিক ঔষধ কোম্পানীসমূহেও যথেষ্ট ধন বিনিয়োগ কৰে। তেওঁলোকে নিয়োগ কৰা মেডিকেল ৰিপ্রেজেন্টেটিভসকলে ঔষধসমূহৰ প্ৰচলনৰ বাবে লক্ষ্য কৰি লয় চিকিৎসকসকলক। চিকিৎসকসকলক ইয়াৰ বাবে মাহেকীয়া বা বছৰেকীয়া কিস্তিত ধন দিয়াৰ উপৰি লোভনীয় উপহাৰ, বিদেশ ভ্ৰমণৰ সুবিধা আদি প্ৰদান কৰে। এইবোৰ কাৰণতো ঔষধ প্ৰস্তুত কৰা কোম্পানীসমূহে বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিবলগীয়া হয়। যাৰ কুফল ভোগ কৰিবলগীয়া হয় ঔষধ ক্ৰয় কৰা সাধাৰণ ৰোগীয়ে। 


উল্লেখযোগ্য যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত দেশৰ মুঠ ঔষধ বজাৰৰ ২০ শতাংশ ঔষধ বছৰি বিক্ৰী হয়। বহু গুৰুতৰ ৰোগৰ ৰোগীৰ সংখ্যাও উত্তৰ-পূর্বাঞ্চলত সর্বাধিক। কৰ্কট বৃক্ক, উচ্চ ৰক্তচাপ আদি ৰোগত আক্রান্ত লোকৰ সংখ্যা উত্তৰ-পূবত দিনকদিনে বৃদ্ধি পাইছে আৰু ইয়াৰ পূৰ্ণ সুবিধা লৈ অধিক মুনাফাৰ স্বাৰ্থত ঔষধ প্ৰস্তুত কৰা প্ৰতিষ্ঠানসমূহে ৰোগীক মৃত্যুৰ মুখলৈ থেলি দিবলৈকে কুণ্ঠাবোধ নকৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ