--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : চীনৰ বিৰুদ্ধে পুনৰ হুংকাৰ দিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ভাৰত-চীনৰ লাডাখ সীমান্তত চীনা সৈন্য সমাৱেশ তথা চীনৰ অনুচিত আগ্ৰাসনক লৈ শেহতীয়াকৈ ভালেমান গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে প্ৰতিৰক্ষামন্ত্ৰী সিঙে। সীমান্তৰ পৰা চীনে সৈন্যৰ সমাৱেশ কম নকৰা পৰ্যন্ত ভাৰতেও সৈন্যৰ সংখ্যা নকমায় বুলি মন্তব্য কৰিছে সিঙে।

আৰু পঢ়িব পাৰিব : তিনিখনকৈ বাহনৰ মাজত সংঘৰ্ষ লতাশিলত !

ইয়াৰ অৰ্থ এটাই যে, ভাৰতেও যুদ্ধংদেহি ৰূপতে সীমান্ত অঞ্চলটোত চীনৰে মোকাবিলা কৰি যাব। আনহাতে চীনে সীমান্ত অঞ্চলত আন্তঃগাথনি নিৰ্মাণ কৰা সন্দৰ্ভতো তেওঁ মন্তব্য কৰে আৰু ভাৰতেও সীমান্তত এতিয়া তীব্ৰ গতিৰে আন্তঃগাথনি নিৰ্মাণ কৰি থকাৰ কথা প্ৰকাশ কৰে। শুকুৰবাৰে এই সম্পৰ্কে মন্তব্য কৰি তেওঁ কয়, ‘লাডাখ সীমান্তৰ পৰা সৈন্যৰ সমাৱেশ কম কৰা নহয়। চীনে এই কাম নকৰালৈকে ভাৰতেও সৈন্যৰ সমাৱেশ কম নকৰে।’ তেওঁ অৱশ্যে দেশ দুখৰ মাজৰ এই সংঘাত আলোচনাৰ মাজেৰে সমাধান হ’ব বুলিও আশা প্ৰকাশ কৰে।

আৰু পঢ়িব পাৰিব : শিৱসাগৰত মোদী : ভূমিপট্টা প্ৰদান, দিলে উন্নয়নৰো খতিয়ান

শেহতীয়াকৈ ভাৰতৰ ভূমিত চীনে গাঁও নিৰ্মাণ কৰা তথা অন্যান্য আন্তঃগাঠনি নিৰ্মাণ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সিঙে কয় যে, ভাৰতেও এতিয়া সীমান্তৱৰ্তী অঞ্চলত স্থানীয় বাসিন্দা তথা প্ৰতিৰক্ষা বাহিনীৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ দ্ৰুতগতিত আন্তঃগাঠনি নিৰ্মাণ কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু