--°C
Loading...
Listen to Article
2 min read
80%

শিৱসাগৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিৱসাগৰত উপস্থিত হৈ আৰম্ভ কৰিলে ভূমিপট্টা প্ৰদান কাৰ্যসূচী৷ অসমীয়াতে ইংৰাজী নৱবৰ্ষ, ভোগালী বিহুৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰে এই অনুষ্ঠান৷ ৰাজ্যৰ ১.০৬ লাখ পৰিয়াললৈ ভূমিপট্টা প্ৰদান কাৰ্যসূচীত উপস্থিত থাকি তিনিচুকীয়াৰ ব্ৰজেন মৰাণক প্ৰথমে ভূমিপট্টা প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷

আৰু পঢ়িব পাৰিব : ভয়ংকৰ ষড়যন্ত্ৰ! কৃষকৰ আন্দোলন ৰক্তাক্ত কৰাৰ বাবে সাজু দুষ্কৃতিকাৰী


‘জয়মতীৰ ত্যাগেৰে পৱিত্ৰ হোৱা অসম ভূমি’লৈ প্ৰণাম জনাই লক্ষাধিক খিলঞ্জীয়ালৈ ভূমিপট্টা প্ৰদান কৰাটো এক ঐতিহাসিক কাম বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশংসা কৰে নৰেন্দ্ৰ মোদীয়ে৷


স্বাধীনতাৰ ৭০বছৰৰ পাছতো কিয় অসমৰ খিলঞ্জীয়া ভূমিহীন হৈ থাকিব লগা হোৱাটো দুৰ্ভাগ্যৰ কথা বুলি প্ৰধানমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে৷ আনহাতে তেওঁ উল্লেখ কৰে যে, বৈদ্যুতিকৰণ আঁচনিৰে অসমৰ হিতাধিকাৰী লাভান্বিত হৈছে লগতে উজলা আঁচনিৰে সকাহ পাইছে ৯ লক্ষাধিক মহিলাই৷

আৰু পঢ়িব পাৰিব : ধুবুৰীত গঁড়ৰ খৰ্গসহ ৪ চোৰাং ব্যৱসায়িক আটক

ভাষণত লগতে মোদীয়ে কয়, "অসমত প্ৰভূত পৰিমাণে বাঢ়িছে পথ নিৰ্মাণৰ কাম৷ অসমত ঔদ্যোগিক বিকাশ বিগত ৬ বছৰত ত্বৰান্বিত হৈছে৷ লগতে খনিজ তেল, গেছৰ উদ্যোগৰ বিকাশত গুৰুত্ব দিছে মোদী চৰকাৰে৷" তদুপৰি উদ্যোগৰ জৰিয়তে অসমত নিয়োগ বৃদ্ধি হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীৰ৷ চৰকাৰ, চিকিৎসা কৰ্মীকো প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে৷ কৰ’নাৰ দুয়োটা পৰ্যায়ৰ টিকা ল’বলৈ আহ্বান জনাই উন্নয়নৰ জয়গান গায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ