--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: স্বাস্থ্য আৰু পুষ্টিৰ দৃষ্টিকোণৰ পৰা উপযোগী চাউলৰ গুড়ি সৌন্দৰ্য্য সম্পৰ্কীয় সমস্যা দূৰ কৰিবলৈ বহু উপকাৰী। সৌন্দৰ্য্যৰ সমস্যাৰ বাবে পিঠাগুড়ি ব্যৱহাৰ কৰি ঘৰতে সহজে সমাধান কৰিব পাৰি।

সৌন্দৰ্য্যৰ সমস্যাত চাউলৰ গুড়ি কেনেকৈ ব্যৱহাৰ কৰিব?

১) পিঠাগুড়ি ব্যৱহাৰ কৰি চকুৰ তলত থকা ডাৰ্ক চাৰ্কল আঁতৰাব পাৰি। ইয়াৰ বাবে ১ চামুচ চাউলৰ গুড়িত ১চামুচ চাইলিয়াম মিহলাই চকুৰ তলৰ ক’লা বৃত্তবোৰত এই মিশ্ৰণটো লগাওক। ২০-৩০ মিনিট লগাই থৈ দিব। তাৰ পাছত মুখখন পানীৰে ধুব লাগে। সপ্তাহত তিনিবাৰকৈ এই ঔষধ গ্ৰহণ কৰিলে চকুৰ তলৰ ক’লা বৃত্তবোৰ সহজে আঁতৰি যায়।

২) চাউলৰ গুড়িয়ে ছালৰ মৌলিক ৰং বৃদ্ধি কৰে। চাউলৰ গুড়ি ব্যৱহাৰ কৰি মুখখন উজ্বল কৰিবলৈ এটা বাটিত ১ চামুচ চাউলৰ গুড়ি, ১/২ টা ৰুকি লোৱা আলু, আধা চামুচ মৌ আৰু ১ চামুচ গোলাপ জল দিব লাগে। এই সকলোবোৰ সামগ্ৰী একেলগে মিহলাই লওক। এই মিশ্ৰণটো মুখত স্ক্ৰাব হিচাপে লগাব লাগে। মালিচ কৰাৰ পাছত মুখত ১৫ মিনিট ৰাখিব লাগে। তাৰ পাছত মুখখন পানীৰে ধুব লাগে।

৩) চাউলৰ গুড়ি ব্যৱহাৰ কৰি ক’লা দাগ, ব্ৰণ আতৰাই মুখখন ধুনীয়া কৰিবলৈ ১ চামুচ গোলাপ জল আৰু ১/২ চামুচ আলমণ্ড অইল এটা বাটিত ১ চামুচ চাউলৰ গুৰিত মিহলাই লওক। এই পেষ্টটো মুখত লগাই ৩০ মিনিট ৰাখিব লাগে। তাৰ পাছত মুখখন পানীৰে ধুব লাগে। এই পেষ্টটো সপ্তাহত তিনিবাৰকৈ মুখৰ ক’লা দাগবোৰত লগালে আশা কৰা ফলাফল মুখত দেখা যাব।

৪) চাউলৰ গুড়িত তেল শোষণকাৰী উপাদান থাকে। মুখত অতিৰিক্ত তেল থকাৰ বাবে ব্ৰণ ওলাই আহে। সেয়েহে তেলীয়া ছালৰ সমস্যাৰ বাবে চাউলৰ গুড়ি অতি উপকাৰী। তেলীয়া ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চাউলৰ গুড়ি ব্যৱহাৰ কৰাৰ সময়ত এটা বাটিত ২ চামুচ চাউলৰ গুড়ি লৈ তাত অলপ গোলাপ জল মিহলাই এটা ডাঠ মিশ্ৰণ বনাব লাগে। এই পেষ্টটো ৩০-৩৫ মিনিট মুখত ৰাখিব লাগে। তাৰ পিছত সাধাৰণ পানীৰে মুখ ধুব লাগে।

৫) মুখৰ গ্ল' বঢ়াবলৈ চাউলৰ গুড়ি বা পিঠাগুড়ি ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে ১ চামুচ চাউলৰ গুড়ি, চন্দনৰ গুড়ি, দৈ মিহলাই মিশ্ৰণ বনাব লাগে। এই মিশ্ৰণটো মুখত লগাই ২০ মিনিট ৰাখিব লাগে। তাৰ পাছত মুখখন পানীৰে ধুব লাগে। সপ্তাহত তিনিবাৰকৈ এই পেষ্ট লগালে মুখৰ ছাল ভাল হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement