--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট তেওঁৰ প্ৰিয় খেল নহয়! টম হাৰ্টলীৰ প্ৰথম প্ৰেম ফুটবল। এভাৰটনৰ অন্ধ অনুৰাগী।  ইংলেণ্ডৰ হাতত প্ৰথমখন টেষ্টত পৰাস্ত হয় ভাৰত। টেষ্টত অভিষেক ঘটোৱা খেলুৱৈগৰাকীয়ে ৭টা উইকেট দখল কৰে। মেচখনত হাৰ্টলীৰ ৯টা উইকেট সংগ্ৰহ। কিন্তু ইংৰাজ স্পিনাৰগৰাকীয়ে দেওবাৰলৈকে কোনো আচৰিত কথা দেখুৱাব পৰা নাছিল।

ভাৰতলৈ অহাৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত হাৰ্টলীৰ অভিজ্ঞতা আছিল আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন এদিনীয়া খেল। প্ৰথম শ্ৰেণীৰ ২০খন খেলত তেওঁ ৪০টা উইকেট দখল কৰে। ২৪ বছৰীয়া বাওঁহাতৰ স্পিনাৰগৰাকীয়ে এনে সামান্য পৰিসংখ্যা লৈ ভাৰতলৈ আহিছিল। ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট খেলাৰ সুযোগ পাব বুলি তেওঁ ভবা নাছিল। যদিও তেওঁ খেলপথাৰত প্ৰমাণ কৰিছে, ব্ৰেণ্ডন মেককালাম, বেন ষ্ট’কছে তেওঁক বিশ্বাস কৰাত ভুল নাছিল।

হাৰ্টলীৰ পৰিয়ালৰ কোনেও কেতিয়াও ক্ৰিকেট খেলা নাছিল। কিন্তু ক্ৰীড়াৰ লগত যোগাযোগ আছিল। তেওঁৰ পিতৃ বিল হাৰ্টলী আছিল এজন খেলুৱৈ। ১৯৭৪ চনত ইউৰোপীয় এথলেটিকছ চেম্পিয়নশ্বিপত দেশৰ হৈ ৪x৪০০ মিটাৰ ৰিলেত সোণৰ পদক লাভ কৰে। তেওঁৰ খেল জীৱনত ইয়াতকৈ ডাঙৰ সফলতা নাই। নিজে এজন খেলুৱৈ হ’লেও পুত্ৰৰ ওপৰত একো জাপি দিয়া নাছিল। বৰঞ্চ হাৰ্টলীক ক্ৰিকেট খেলিবলৈ উৎসাহিত কৰিছিল।

ঘৰুৱা ক্ৰিকেটত বিশেষ সফলতা নোপোৱাৰ পিছতো ষ্ট’কছৰ দলত হাৰ্টলী কেনেকুৱা? ক্ৰিকেটপ্ৰেমীৰ মনত প্ৰশ্ন কৰাটো স্বাভাৱিক। হাৰ্টলী আচলতে ইংলেণ্ডৰ এক বিশেষ পৰিকল্পনাৰ উৎপাদন আছিল। ইংলেণ্ডে যোৱা বছৰৰ আগষ্ট মাহৰ পৰা পাঁচখন টেষ্টৰ ভাৰত ভ্ৰমণৰ পৰিকল্পনা আৰম্ভ কৰিছিল। ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ ক্ৰিকেট সঞ্চালক ৰব কীয়ে প্ৰশিক্ষক মেককালাম, অধিনায়ক ষ্ট’কছৰ সৈতে পৰিকল্পনা আৰম্ভ কৰে।

কাউন্টি ক্ৰিকেট দলৰ স্পিনাৰসকলৰ পৰ্যালোচনা আৰম্ভ কৰিলে। ভাৰতৰ পিটচ বিবেচনা কৰি মেককালাম বিচাৰিছিল এজন ওখ স্পিনাৰ যিয়ে বল সঠিকভাৱে ঘূৰাব পাৰে। লেংকাশ্বাৰৰ হাৰ্টলীয়ে ৬ ফুট চাৰি ইঞ্চি উচ্চতাৰ বাবে প্ৰাৰম্ভিক তালিকাত স্থান লাভ কৰে। তেওঁক ভাল পোৱাৰ আন এটা কাৰণ হ’ল তেওঁৰ বেটিং ক্ষমতা।

অৱশেষত হাৰ্টলীক কেইবাজনো স্পিনাৰৰ মাজৰ পৰা উচ্চতা আৰু বেটিং ক্ষমতাৰ বাবে মেককালামে বাছি লৈছিল। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ প্ৰদৰ্শনক গুৰুত্ব নিদিলে। বাকীখিনি নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়কে নিজেই নিৰ্মাণ কৰে। হায়দৰাবাদ টেষ্টত এই ফলাফল লাভ কৰে ষ্ট’কে। তাৰ পৰিণাম ৰোহিসকলে ভোগ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু