--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ২০০৪ চনত চকলেট বয়ৰ ইমেজ ভাঙি বলীউডৰ ক্ষেত্ৰখনত অভিষেক ঘটিছিল এগৰাকী অভিনেতাৰ। যিটো সময়ত বলীউডৰ নায়কসকলে চলচ্চিত্ৰৰ পৰ্দাত চুম্বনৰ দৃশ্য নাকচ কৰিছিল, সেইসময়তে নিজস্ব প্ৰতিভাৰে বলীউডত জগতত এক সুকীয়া স্থান দখল কৰিছিল ইমৰান হাছমিয়ে। অতিশীঘ্ৰে অভিনেতাগৰাকীক দেখিবলৈ পোৱা যাব নতুন ছবিত। ছলমান খান আৰু কেটৰিনা কাইফৰ সৈতে নতুন ছবি ‘টাইগাৰ-৩’ত দেখিবলৈ পোৱা যাব ইমৰান হাছমিক। ‘টাইগাৰ-৩’ ছবিৰ বাবে নতুন ৰূপেৰে উজলি উঠিছে অভিনেতাগৰাকী।

অভিনেতাগৰাকীয়ে নতুন ট’নড লুক ইনষ্টাগ্ৰামত আপলোড কৰাৰ পাছতে ইমৰান অনুৰাগীৰ কমেণ্টৰ বন্যা বোৱা দেখিবলৈ পোৱা গৈছে। ৪২-বৰ্ষীয় অভিনেতাগৰাকীৰ এই ৰূপান্তৰে আচৰ্যচকিত কৰি তুলিছে চলচ্চিত্ৰপ্ৰেমীক। উল্লেখ্য যে, ‘ভাইজান’খ্যাত ছলমান খানৰ বাহিৰে প্ৰথমবাৰৰ বাবে টাইগাৰ ফ্ৰানছাইজৰ সৈতে সংযুক্ত হৈছে ‘ছিৰিয়েল কিলাৰ’ ইমৰান হাছমি। ইতিমধ্যে নতুন ছবিখনে চলচ্চিত্ৰপ্ৰেমীৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ‘টাইগাৰ-৩’-ৰ উপৰি আগন্তুক সময়ত অভিনেতাগৰাকীক দেখিবলৈ পোৱা যাব বিগ্ বি অমিতাভ বচ্চনৰ সৈতে ‘চেহৰে’ ছবিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ