--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰখৰ ৰ’দে আমাৰ কোমল ছাল পুৰি পেলায়৷ সকলোৱে গৰমৰ বা ঠাণ্ডাৰ দিনত মুখৰ যত্ন পাৰ্যমানে লওঁ যদিও হাত-ভৰিৰ যত্ন লোৱাত প্ৰায়ে অৱহেলা কৰোঁ৷ সাধাৰণতে গৰমকালি মুখৰ ছালখনৰ সুৰক্ষাৰ বাবে ছানস্ক্ৰিন বা বিভিন্ন প্ৰসাধন সানিহে বাহিৰলৈ ওলোৱা বা চকুৰ সুৰক্ষাৰ ক্ষেত্ৰত ছানগ্লাছ পিন্ধিহে ৰ’দত ওলোৱা দেখা যায়৷ কিন্তু ইয়াৰ বিপৰীতে তুলনামূলকভাৱে আমি প্ৰায়ভাগে হাত দুখনৰ সুৰক্ষাৰ বাবে কোনো যত্ন নলওঁ৷ ইয়াৰ ফলত গৰমৰ দিনত বাহিৰ ওলালে হাত দুখন ৰ’দে দহি ক’লা কৰি পেলায়৷ দীৰ্ঘদিন এনেদৰে অযত্নৰ ফলত ৰ’দে পোৰা হাতৰ ভয়াৱহ সমস্যাই দেখা দিব পাৰে৷ ইয়াৰ পৰা হাত সৰাৰ উপায় হিচাপে কি কৰিব, জানো আহক...

১/মুখত পৰা ক’লা দাগ আঁতৰাবলৈ আপুনি এল’ভেৰাৰ সহায় ল’ব পাৰে।এল’ভেৰাই মুখৰ ক’লা দাগ আঁতৰোৱাত যথেষ্ঠ সহায় কৰে।

২/ চাহ অলপ গৰম পানীত চাকনিৰে চেকিলৈ সেই পানীখিনি অলপ অলপ কৈ কপাহত লগাই আপোনাৰ মুখত থকা ক’লা দাগ সমূহত লগাব পাৰে।এনে কৰিলেও ক’লা দাগ সমূহ দূৰ হোৱাত সহায় হ’য়।

৩/বিলাহী আমাৰ ছালৰ বাবে অতি উপকাৰী।ঘৰতে বিলাহীৰ পেষ্ট অলপ বনাই মুখত সানিলে ক’লা দাগ আঁতৰোৱাত সহায় হ’য়।বিলাহীৰ পেষ্টটোৰ লগত যদি আপুনি দুটোপাল অলিভ অইল দিয়ে তেন্তে ই বেছি ক্ষিপ্ৰতাৰে কাম কৰে।

৪/ মচুৰ দাইলেও ছালৰ  ক’লা দাগ আঁতৰোৱাত সহায় কৰে।মচুৰ দাইলৰ পেষ্ট বনাই মুখত সানিলে ক’লা দাগ আঁতৰে।

এই সহজ উপায় কেইটাৰ পৰা সুফল পাবলৈ আপুনি নিয়মীয়াকৈ প্ৰায় এমাহ মান কৰিব পাৰে। উল্লেখযোগ্য যে ছাল উজ্বল আৰু সতেজ কৰি ৰাখিবলৈ হ’লে আমি ছালৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়।ছালখন শুকান হ’বলৈ নিদিয়াটোৱেই ভাল।ইয়াৰ লগতে যিমান পাৰি মছলা জাতীয় খাদ্য গ্ৰহণৰ পৰা নিজকে বিৰত ৰাখিব পাৰিলে ভাল৷ সেউজীয়া শাক পাচলি আৰু পানী খোৱাটো দৈনন্দিন অভ্যাসলৈ পৰিণত কৰক।দেখিব আপুনি সুন্দৰ হোৱাৰ লগতে সুস্বাস্থ্যৰ অধিকাৰী হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিলে ভাৰতে পৰিণাম ভুগিব লাগিব! আমেৰিকাৰ সকীয়নি
ছালৰ যতন লওক দৈনিক, এই সমূহ অভ্যাসে আপোনাৰ ছাল সুস্থ আৰু উজ্জ্বল কৰি ৰাখিব
ৰমেন দাই পুৱা পিন্ধা কাপোযোৰ গধূলি নিপিন্ধে,মই নাভাবোঁ ৰমেন দা ঘূৰি আহিব: দ্বীপেন বৰুৱা
জে পি দাসলৈ জীৱনজোৰা সংগীত কর্ম বঁটা
নিজৰ মিছাইলৰ পৰাই ধ্বংস হোৱাৰ পৰা কোনোমতে বাচিল পাকিস্তান! পাৰমাণৱিক কেন্দ্ৰৰ ওচৰতে পৰিল শ্বাহীন-৩
কাটিগড়াত গুদাম ঘৰৰ পৰা পৰকীয়া প্ৰেমিক যুগলক আটক
ভাৰতীয় মহিলা দলে ইংলেণ্ডৰ ভূমিত ৰচিলে ইতিহাস ; প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত জয়ী ভাৰতীয় মহিলা দল
য়েমেনত কেৰালাৰ নাৰ্ছ নিমিষাৰ মৃত্যুদণ্ড স্থগিত
শ্ৰীভূমিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ; গৃহস্থৰ হাত ভৰি বান্ধি তাণ্ডব ডকাইত দলৰ
এজোপা ঘিলা গছৰ বয়স ৬০০ বছৰ ; গোলাঘাটৰ মাজাৰত অসমৰ আটাইতকৈ পুৰণি গছ
বন্ধ হৈ যাব পাৰে  আপোনাৰ আধাৰ কাৰ্ড ! আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা জাৰী UIDAIৰ
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন