--°C
Loading...
Listen to Article
2 min read
80%

নাগপুৰ: ক'ৰনাত বিধ্বস্ত বিশ্ব| ক'ভিড-১৯ৰ আক্ৰমণৰ ফলশ্ৰুতিত শ্বাস-প্ৰশ্বাসৰ সমস্যাত জৰ্জৰিত ৰোগী৷ আক্ৰান্তসকলক জীৱন বচাবলৈ যোগান ধৰা হৈছে জীৱনদায়িনী অক্সিজেনৰ৷ আনহাতে, দেশৰ কেইবাখনো ৰাজ্যত অক্সিজেনৰ নাটনিয়ে দেখা দিছে৷ এই পৰিস্থিতিত সুস্থ হৈ উঠা ক'ভিড-১৯ত আক্ৰান্ত ৰোগীসকলে চিকিৎসাৰ সময়ত গ্ৰহণ কৰা অক্সিজেন উভতাই দিব লাগিব বুলি জনাইছে চিকিৎসকসকলে৷ ঘটনাটো নাগপুৰৰ|নাগপুৰ চিকিৎসালয়ত সুস্থ হৈ উঠা ক'ভিড আক্ৰান্ত ৰোগীসকলক উদ্দেশ্যি এই বাৰ্তা প্ৰেৰণৰ লগতে বৃক্ষ ৰোপনৰ পৰামৰ্শ চিকিৎসালয় কৰ্তৃপক্ষৰ৷

আৰু পঢ়িব পাৰিব : অগ্নিকাণ্ডঃ অৰ্ধদগ্ধ ৬৫বছৰীয়া বৃদ্ধ


৪১বছৰীয়া এগৰাকী ৰোগীয়ে এসপ্তাহৰ অন্তত সুস্থ হৈ চিকিৎসালয়ৰ পৰা অব্যাহতি লোৱাৰ সময়ত অব্যাহতি পত্ৰত উল্লেখ কৰা হৈছে যে-'আপুনি সুস্থ হৈ উঠোতে ১লাখ ৪৪ হাজাৰ লিটাৰ অক্ৰিজেন গ্ৰহণ কৰিছিল৷ এইবাৰ এই অক্সিজেন প্ৰকৃতিক উভতাই দিবৰ বাবে বৃক্ষ ৰোপণ কৰক৷'


চিকিৎসালয় কৰ্তৃপক্ষৰ এই ইতিবাচক পৰামৰ্শৰ প্ৰতি সঁহাৰি জনাই ক'ভিড জয়ী ৰোগীৰ সৌহাদ্যপূৰ্ণ মন্তব্য,"মই এইবছৰ ১০ডালতকৈ অধিক বৃক্ষ ৰোপণ কৰিম৷ প্ৰকৃতিয়ে বিনামূলীয়াকৈ যোগান ধৰা অক্সিজেনৰ প্ৰয়োজনীয়তা কিমান সেয়া ক'ভিড-১৯ৰ সংহাৰলীলাৰ জড়িয়তে বুজি উঠিছো৷'

আৰু পঢ়িব পাৰিব : অবিশ্বাস্য! অস্কাৰৰ মঞ্চত পিতৃ-মাতৃৰ যৌন জীৱনক লৈ মন্তব্য পুত্ৰৰ…


কেবল এগৰাকী ৰোগীৰ ক্ষেত্ৰতেই নহয় সুস্থ হৈ উঠা প্ৰতিগৰাকী ৰোগীয়ে গ্ৰহণ কৰা অক্সিজেনৰ পৰিমাণ উল্লেখ কৰিছে নাগপুৰ চিকিৎসালয়ে৷ লগতে ক'ভিড-১৯ত আক্ৰান্ত ৰোগীয়ে গ্ৰহণ কৰা অক্সিজেন প্ৰকৃতিক উভতাই দিবলৈ নাগপুৰ চিকিৎসালয়ে পৰামৰ্শ প্ৰদান কৰিছে আৰু চিকিৎসক তথা চিকিৎসালয় কৰ্তৃপক্ষৰ প্ৰশংসনীয় পদক্ষেপত মুগ্ধ  হৈ পৰিছে ক'ভিড জয়ী ৰোগী৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ