--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ ৰুদ্ৰলীলাত স্তব্ধপ্ৰায় বিশ্ব|ক’ৰনা মহামাৰী নিৰ্মূলকৰণৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাত বাধা প্ৰদান কৰিছে চৰকাৰ-প্ৰশাসনে৷ ভুক্তভোগীৰ নিনাদিত কোলাহল,আত্মীয় স্বজনৰ  বিষাদ গাঁথা৷ ইয়াৰ মাজতে ক'ভিড-১৯ৰ প্ৰাথমিক পৰ্যায়ৰ যোদ্ধা সকলে সাধাৰণ নাগৰিকৰ অসুবিধা নোহোৱাকৈ আগবঢ়াই গৈছে অত্যাৱশ্যকীয় পৰিসেৱাসমূহ৷ কাল বিভীষিকাময় এনে পৰিস্থিতিত গ্ৰাহকসকলে যাতে নিৰ্বিঘ্নে প্ৰয়োজনীয় ধন আদায় কৰিব পাৰে, সেই উদ্দেশ্যে ভ্ৰাম্যমাণ ATM সেৱা আৰম্ভ কৰিছে HDFC-নামৰ বেচৰকাৰী বেংক প্ৰতিষ্ঠানটোৱে বেংক৷

আৰু পঢ়িব পাৰিব : প্ৰকৃতিৰ ঋণ পৰিশোধৰ পৰামৰ্শ ক’ভিড জয়ীক…

উল্লেখযোগ্য যে, বিগত বছৰত কৰনা জৰ্জৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পোন প্ৰথমবাৰৰ বাবে এই পৰিসেৱা আৰম্ভ কৰা হৈছিল৷ বৰ্তমান দিল্লী, মুম্বাই, হায়দৰাবাদ, চেন্নাই, পুনে, কটক, এলহাবাদ, দেহৰাদুন, লক্ষ্ণৌ সহিতে দেশৰ ১৯খন চহৰত এই পৰিসেৱা আৰম্ভ কৰা হৈছে|উক্ত পৰিসেৱাৰ মাধ্যমেৰে গৃহবন্দী নাগৰিকৰ উপৰি স্বাস্থ্যকৰ্মী,আৰক্ষী প্ৰশাসন আৰু 'ফ্ৰন্টলাইন ক'ভিড যোদ্ধা'সকলৰো সুবিধা হ'ব আৰু এই পৰিসেৱাৰ দ্বাৰা গ্ৰাহকে ১৫প্ৰকাৰৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব বুলি বেচৰকাৰী বেংক কৰ্তৃপক্ষই সদৰি কৰিছে৷

আৰু পঢ়িব পাৰিব : অগ্নিকাণ্ডঃ অৰ্ধদগ্ধ ৬৫বছৰীয়া বৃদ্ধ

স্থানীয় পৌৰসভাৰ সৈতে সমন্বয় থকা অঞ্চল বাচনি কৰি লৈছে বেচৰকাৰী বেংকটোৱে৷ প্ৰতিদিনে ৩টাৰ পৰা ৫টা অঞ্চলত উপলব্ধ হ'ব ভ্ৰাম্যমাণ ATM পৰিসেৱা৷ দেশত ক'ভিড-১৯ত আক্ৰান্তৰ পৰিসংখ্যা ৪লাখৰ দিশে অগ্ৰসৰ হোৱাৰ পৰিৱৰ্তে দৈনিক মৃতকৰ পৰিসংখ্যা প্ৰায় ৩হাজাৰৰ দিশে৷ এনে পৰিস্থিতিত ভ্ৰাম্যমাণ ATM পৰিসেৱাই সাধাৰণ নাগৰিকক সকাহ দিয়াৰ পোষকতা বেংক কৰ্তৃপক্ষৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement