--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হৈ থকা বিশ্বৰ জলবায়ু পৰিৱৰ্তন শীর্ষক সন্মিলনৰ সময়তে নাছাই এক বিস্ফোৰক তথ্য সদৰী কৰিছে। আমেৰিকাৰ এই সংস্থাটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতৰ চেন্নাই, মুম্বাইসহ ১২ খনকৈ উপকূলৱৰ্তী নগৰ-মহানগৰ পানীত ডুবিব চলিত শতিকাৰ যিকোনো মুহূর্তত। দ্রুত জলবায়ু পৰিবৰ্তনৰ সুদূৰপ্ৰসাৰী পৰিণাম হিচাপে এই ঘটনা সংঘটিত হ’ব পাৰে বুলি উল্লেখ কৰা হৈছে।

ভাৰতৰ বাণিজ্যিক ৰাজধানীস্বৰূপ, সবাতোকৈ অন্যতম ব্যস্ত মহানগৰ মুম্বাইত বিগত কিছু বছৰত সঘনাই জলস্তৰ বৃদ্ধি পাই প্রাকৃতিক দুর্যোগ সংঘটিত হৈছে। মুম্বাইত ১.৯ ফুটপর্যন্ত জলস্তৰ বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে নাছাৰ তথ্যত। সেইদৰে কৰ্ণাটকৰ মাংগালুৰ, গুজৰাটৰ ভাৱনগৰ, গোৱাৰ মুমুগাঁও, টুটিকোৰিন, খিদিৰপুৰ, পাৰাদ্বীপ, ওখা, বিশাখাপট্টনম, আৰু কান্দলা আদি চহৰ-মহানগৰ দ্ৰুত জলবায়ু পৰিবৰ্তনৰ হেতু পানীত ডুব যাব বুলি আশংকা কৰা হৈছে নাছাৰ প্ৰতিবেদনত।


আমেৰিকাৰ শীৰ্ষস্থানীয় গৱেষণা সংস্থাটোৱে প্ৰকাশ কৰা তথ্যমতে চেন্নাই মহানগৰ প্রায় ১.৮৭ ফুটপর্যন্ত পানীত ডুব যাব পাৰে এই প্রাকৃতিক দুৰ্যোগৰ পৰিণতিত। ইয়াৰ ফলত মহানগৰখনৰ স্বাভাৱিক জীৱন পৰিক্ৰমা বাৰুকৈয়ে বিপৰ্যস্ত হৈ পৰিব। দক্ষিণৰ আন এখন গুৰুত্বপূৰ্ণ মহানগৰ কৰ্ণাটকৰ মাংগালুৰ ১.৮৭ ফুটপর্যন্ত পানীত ডুব যোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰা হৈছে। সেইদৰে গুজৰাটৰ ভাৱনগৰ চহৰো ২.৭০ ফুটপর্যন্ত পানীত ডুবিব বুলি আশংকা কৰা হৈছে। বন্যপ্রাণী অভয়াৰণ্যৰ দিশৰ পৰা অতিশয় গুৰুত্বপূৰ্ণ গুজৰাটৰ এই উপকূলীয় অঞ্চলটো অদূৰ ভৱিষ্যতে ২.৭০ ফুটপর্যন্ত জলমগ্ন হ’লৈ পৰিস্থিতি অবর্ণনীয় হৈ পৰাটো অৱধাৰিত। পর্যটক আদি দিশৰ পৰা দেশৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাজ্য গোৱাৰ মুৰ্মুগাঁও গুৰুতৰ বিপৰ্যয়ৰ সন্মুখীন হ'ব পাৰে বুলি নাছাই উল্লেখ কৰিছে। নগৰখনৰ অপূৰ্ব সাগৰৰ তীৰ অঞ্চল সম্পূৰ্ণৰূপে নিশ্চিহ্ন হৈ যাব পাৰে এই প্রাকৃতিক দুৰ্যোগৰ পৰিণতিত। নগৰখন অদূৰ ভৱিষ্যতে ২.০৬ ফুটপর্যন্ত পানীৰ তলত থাকিব বুলিও সকীয়নি দিয়া হৈছে।


নাছাই বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত প্ৰকাশ কৰা এই তথ্য অনুসৰি টুটিকোৰিন নগৰ ১.৯ ফুট, খিদিৰপুৰ ০.৪৯, পাৰাদ্বীপ ১.৯৩ ফুট, ওখা ১.৯৬ ফুট, বিশাখাপট্টনম ১.৭৭ ফুট আৰু কান্দলা চহৰ ১.৮৭ ফুটপর্যন্ত পানীৰ তলত পৰিব বুলি প্ৰকাশ কৰা হৈছে। চলিত শতিকাৰ যিকোনো সময়তে এই প্রাকৃতিক দুর্যোগৰ কবলত দেশৰ ১২ খনকৈ উপকূলৱৰ্তী চহৰ-মহানগৰ বিধ্বস্ত হলে তাৰ পৰিণাম হ’ব অতিকৈ ভয়াৱহ। স্মর্তব্য যে স্কটলেণ্ডৰ গ্লাছগোত ৰাষ্ট্ৰসংঘৰ উদ্যোগত ২৬ সংখ্যক এই জলবায়ু পৰিবৰ্তন শীর্ষক সন্মিলন অনুষ্ঠিত হৈছে। ১২ নৱেম্বৰপর্যন্ত চলিবলগা এই সন্মিলনে দ্রুত জলবায়ু পৰিবৰ্তনৰ সমস্যা সন্দৰ্ভত কেনে সিদ্ধান্তত উপনীত হয়, সেইটো লক্ষ্যণীয় বিষয় হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক