--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এইবাৰ টোলগেটত নিয়ন্ত্ৰনহীন ট্ৰাকৰ তাণ্ডৱ। টোলগেটত ৰৈ থকা ভালেমান গাড়ী মহতীয়াই নিলে কাৰ্গো ট্ৰাকে। এই ভয়াৱহ দুৰ্ঘটনাত নিহত হ’ল ১৯জনকৈ লোকৰ। ৰাজপথ পুনৰ ৰাঙলী হৈ পৰিল তেজেৰে। শনিবাৰে সংঘটিত হোৱা এই দুৰ্ঘটনাত কমেও আন তিনিজন লোক আহত হৈছে। মেক্সিকোৰ এটা হাইৱেত এই ঘটনা সংঘটিত হৈছে। মেক্সিকো চিটী আৰু পুৱেলাক সংযোজিত কৰা হাইৱেটোত থকা এটা টোল প্লাজাত এই দুৰ্ঘটনা সংঘটিত হয়।

এখন কাৰ্গ’ ট্ৰাকে টোল বুথটোত ৰৈ থকা কেইবাখনো গাড়ীক মহতীয়াই লৈ যায় আৰু ফলত এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। সংঘৰ্ষৰ পাছতে বহুকেইখন গাড়ীত জুইৰ সূত্ৰপাত হয় আৰু অগ্নিপিণ্ডত জাহ যায় কেইবাখনো গাড়ী। ‘টোল বুথটো পাৰ হোৱাৰ সময়তে সেই অভিশপ্ত ট্ৰাকে ছখনকৈ গাড়ীক মহতীয়াই লৈ যায়, ফল’ত ১৯জনকৈ লোকে প্ৰাণ হেৰুৱায়। আন তিনিজন ঘটনাটোত আহত হৈছে।

আৰু পঢ়কঃ সলনি হ’ব পাৰে পৱিত্ৰ চহৰ পুৰীৰ নাম! কি হ’ব নতুন নাম?

নিহতসকলৰ ভিতৰত ট্ৰাকখনৰ চালকো আছে।’ ফেডাৰেল হাইৱে অথৰিটীয়ে এক বিজ্ঞপ্তিৰ জৰিয়তে এইকথা প্ৰকাশ কৰিছে। প্ৰশাসনে আহত লোকসকলক হাস্পতালত ভৰ্তি কৰোঁৱাৰ লগতে দুৰ্ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত হৈ পৰা হাইৱেটো মুকলি তথা মেৰামতি কৰা কাম আৰম্ভ কৰিছে


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক