--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এইবাৰ টোলগেটত নিয়ন্ত্ৰনহীন ট্ৰাকৰ তাণ্ডৱ। টোলগেটত ৰৈ থকা ভালেমান গাড়ী মহতীয়াই নিলে কাৰ্গো ট্ৰাকে। এই ভয়াৱহ দুৰ্ঘটনাত নিহত হ’ল ১৯জনকৈ লোকৰ। ৰাজপথ পুনৰ ৰাঙলী হৈ পৰিল তেজেৰে। শনিবাৰে সংঘটিত হোৱা এই দুৰ্ঘটনাত কমেও আন তিনিজন লোক আহত হৈছে। মেক্সিকোৰ এটা হাইৱেত এই ঘটনা সংঘটিত হৈছে। মেক্সিকো চিটী আৰু পুৱেলাক সংযোজিত কৰা হাইৱেটোত থকা এটা টোল প্লাজাত এই দুৰ্ঘটনা সংঘটিত হয়।

এখন কাৰ্গ’ ট্ৰাকে টোল বুথটোত ৰৈ থকা কেইবাখনো গাড়ীক মহতীয়াই লৈ যায় আৰু ফলত এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। সংঘৰ্ষৰ পাছতে বহুকেইখন গাড়ীত জুইৰ সূত্ৰপাত হয় আৰু অগ্নিপিণ্ডত জাহ যায় কেইবাখনো গাড়ী। ‘টোল বুথটো পাৰ হোৱাৰ সময়তে সেই অভিশপ্ত ট্ৰাকে ছখনকৈ গাড়ীক মহতীয়াই লৈ যায়, ফল’ত ১৯জনকৈ লোকে প্ৰাণ হেৰুৱায়। আন তিনিজন ঘটনাটোত আহত হৈছে।

আৰু পঢ়কঃ সলনি হ’ব পাৰে পৱিত্ৰ চহৰ পুৰীৰ নাম! কি হ’ব নতুন নাম?

নিহতসকলৰ ভিতৰত ট্ৰাকখনৰ চালকো আছে।’ ফেডাৰেল হাইৱে অথৰিটীয়ে এক বিজ্ঞপ্তিৰ জৰিয়তে এইকথা প্ৰকাশ কৰিছে। প্ৰশাসনে আহত লোকসকলক হাস্পতালত ভৰ্তি কৰোঁৱাৰ লগতে দুৰ্ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত হৈ পৰা হাইৱেটো মুকলি তথা মেৰামতি কৰা কাম আৰম্ভ কৰিছে


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ