--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰৱঞ্চকক চুম্বন কৰি বিতৰ্কত সোমাই পৰিল জেকলিন। সুখেশ চন্দ্ৰশেখৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছে নেকি বলীউড সুন্দৰী জেকলিন ফাৰ্ণাণ্ডেজৰ? এই প্ৰশ্নই এতিয়া গৰম কৰি ৰাখিছে বলীউডৰ ভিতৰচৰা। সুখেশ চন্দ্ৰশেখৰ কোন জানেনে? সুখেশ চন্দ্ৰশেখৰ আৰু তেওঁৰ পত্নী লীনা পালৰ বিৰুদ্ধে এটা ফাৰ্মাচিউটিকেল কোম্পানীৰ প্ৰাক্তন মালিক শিবেন্দ্ৰ সিং আৰু মালবেন্দ্ৰ সিঙৰ পৰিয়ালৰ বিৰুদ্ধে ২০০ কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগ উত্থাপিত হৈছে।

বেংগালুৰু আৰু চেন্নাইকে ধৰি দেশৰ বিভিন্ন চহৰত অজস্ৰ লোকক প্ৰৱঞ্চনাৰে কোটি কোটি টকা আত্মসাৎ কৰা প্ৰৱঞ্চক সুখেশৰ সৈতে জেকলিন ফাৰ্ণাণ্ডেজৰ গোপন মুহূৰ্তৰ ছবি পোহৰলৈ আহিছে। অৱশ্যে অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজে সুখেশ চন্দ্ৰশেখৰৰ সৈতে উত্থাপিত সম্পৰ্কক উৰাবাতৰি বুলি অভিহিত কৰিছে। জেকলিনে সুখেশক চুম্বন কৰি থকা এখন ফটো পোহৰলৈ অহাৰ পাছতেই সৃষ্টি হৈছে বিতৰ্কৰ। ফটোখনত দেখা গৈছে যে সুখেশে লৈছে এখন মিৰ’ৰ ছেলফী আৰু জেকলিনক দেখা গৈছে তেওঁক সাবটি খুব মধুৰভাবে চুম্বন কৰি থকা অৱস্থাত। এই ফটোখনৰ উপৰিও কিছুদিন পূৰ্বে দুয়োৰে অন্তৰংগ মূহুৰ্তৰ ফটো পোহৰলৈ আহিছিল।

২৭ বছৰীয়া সুখেশ চন্দ্ৰশেখৰৰ প্ৰেমত মত্ত নেকি ৩৬ বছৰীয়া জেকলিন ফাৰ্ণাণ্ডেজ? সেই প্ৰশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছে তেওঁৰ অনুৰাগীসকলে। জেকলিনে সুখেশক চুম্বন কৰি থকা ফটোখন জুনতে তোলা হৈছিল যদিও এতিয়াহে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বেংগালুৰু নিৱাসী সুখেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে কমেও ১৫খন এজাহাৰ ৰুজু হৈ আছে।

বিলাসী জীৱন যাপন কৰা সুখেশৰ চেন্নাইস্থিত বাসগৃহৰ পৰা চলিত বৰ্ষৰ আগষ্ট মাহত এনফৰ্চমেণ্ট সঞ্চালকালয়ে নগদ ৮২.৫ লাখ টকা, এক ডজন বিলাসী গাড়ী জব্দ কৰিছিল। ২০০ কোটি টকাৰ জালিয়াতিৰ গোচৰত অক্টোবৰ মাহতে জেকলিনক একাধিকবাৰ জেৰা কৰা হৈছিল। অভিনেত্ৰী জেকলিনে এই সন্দৰ্ভত কিদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেয়াহে হ'ব লক্ষ্যণীয়। প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত হৈ সম্প্ৰতি তিহাৰ জে’লত কাৰাৰুদ্ধ হৈ আছে সুখেশ চন্দ্ৰশেখৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি