--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰৱঞ্চকক চুম্বন কৰি বিতৰ্কত সোমাই পৰিল জেকলিন। সুখেশ চন্দ্ৰশেখৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছে নেকি বলীউড সুন্দৰী জেকলিন ফাৰ্ণাণ্ডেজৰ? এই প্ৰশ্নই এতিয়া গৰম কৰি ৰাখিছে বলীউডৰ ভিতৰচৰা। সুখেশ চন্দ্ৰশেখৰ কোন জানেনে? সুখেশ চন্দ্ৰশেখৰ আৰু তেওঁৰ পত্নী লীনা পালৰ বিৰুদ্ধে এটা ফাৰ্মাচিউটিকেল কোম্পানীৰ প্ৰাক্তন মালিক শিবেন্দ্ৰ সিং আৰু মালবেন্দ্ৰ সিঙৰ পৰিয়ালৰ বিৰুদ্ধে ২০০ কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগ উত্থাপিত হৈছে।

বেংগালুৰু আৰু চেন্নাইকে ধৰি দেশৰ বিভিন্ন চহৰত অজস্ৰ লোকক প্ৰৱঞ্চনাৰে কোটি কোটি টকা আত্মসাৎ কৰা প্ৰৱঞ্চক সুখেশৰ সৈতে জেকলিন ফাৰ্ণাণ্ডেজৰ গোপন মুহূৰ্তৰ ছবি পোহৰলৈ আহিছে। অৱশ্যে অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজে সুখেশ চন্দ্ৰশেখৰৰ সৈতে উত্থাপিত সম্পৰ্কক উৰাবাতৰি বুলি অভিহিত কৰিছে। জেকলিনে সুখেশক চুম্বন কৰি থকা এখন ফটো পোহৰলৈ অহাৰ পাছতেই সৃষ্টি হৈছে বিতৰ্কৰ। ফটোখনত দেখা গৈছে যে সুখেশে লৈছে এখন মিৰ’ৰ ছেলফী আৰু জেকলিনক দেখা গৈছে তেওঁক সাবটি খুব মধুৰভাবে চুম্বন কৰি থকা অৱস্থাত। এই ফটোখনৰ উপৰিও কিছুদিন পূৰ্বে দুয়োৰে অন্তৰংগ মূহুৰ্তৰ ফটো পোহৰলৈ আহিছিল।

২৭ বছৰীয়া সুখেশ চন্দ্ৰশেখৰৰ প্ৰেমত মত্ত নেকি ৩৬ বছৰীয়া জেকলিন ফাৰ্ণাণ্ডেজ? সেই প্ৰশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছে তেওঁৰ অনুৰাগীসকলে। জেকলিনে সুখেশক চুম্বন কৰি থকা ফটোখন জুনতে তোলা হৈছিল যদিও এতিয়াহে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বেংগালুৰু নিৱাসী সুখেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে কমেও ১৫খন এজাহাৰ ৰুজু হৈ আছে।

বিলাসী জীৱন যাপন কৰা সুখেশৰ চেন্নাইস্থিত বাসগৃহৰ পৰা চলিত বৰ্ষৰ আগষ্ট মাহত এনফৰ্চমেণ্ট সঞ্চালকালয়ে নগদ ৮২.৫ লাখ টকা, এক ডজন বিলাসী গাড়ী জব্দ কৰিছিল। ২০০ কোটি টকাৰ জালিয়াতিৰ গোচৰত অক্টোবৰ মাহতে জেকলিনক একাধিকবাৰ জেৰা কৰা হৈছিল। অভিনেত্ৰী জেকলিনে এই সন্দৰ্ভত কিদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেয়াহে হ'ব লক্ষ্যণীয়। প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত হৈ সম্প্ৰতি তিহাৰ জে’লত কাৰাৰুদ্ধ হৈ আছে সুখেশ চন্দ্ৰশেখৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক