--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ বহু নাগৰিকে এতিয়া যেন বাসযোগ্য বুলি বিবেচনা কৰিবলৈ বাদ দিছে ভাৰতক। দেশৰ মাটি মায়া এৰি এতিয়া প্ৰবাসেই উপযুক্ত বাসস্থান বুলি বিবেচনা কৰিবলৈ আৰম্ভ কৰিছে একাংশ লোকে। বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালতে এনে উদ্বেগজনক পৰিসংখ্যা দেখিবলৈ পোৱা গৈছে। কেন্দ্ৰীয় চৰকাৰেই সংসদত উল্লেখ কৰিছে দেশ এৰি প্ৰবাস অভিমু্খী হোৱা লক্ষ লক্ষ লোকৰ পৰিসংখ্যা। আশ্বৰ্যকৰভাৱে বিগত ৫বছৰত ৬লাখৰো অধিক লোকে ত্যাগ কৰিছে ভাৰতৰ নাগৰিকত্ব। এই বৃহৎসংখ্যক লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰি আন ৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰিছে। ইয়াৰ বিপৰীতে বিগত সময়ছোৱাত অতি কমসংখ্যক লোকেহে গ্ৰহণ কৰিছে এই দেশৰ নাগৰিকত্ব। সদনত কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে প্ৰকাশ কৰা তথ্যক লৈ চৰ্চা হোৱা পৰিলক্ষিত হৈছে। ২০১৭ চনৰ পৰা ২০২১চনৰ ভিতৰত দেশৰ ৬লক্ষাধিক লোকে ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।


উল্লেখ্য যে, মঙলবাৰে সদনত ভাৰতে নাগৰিকত্ব দিয়া লোকৰ তথ্য সদৰি কৰিছিল ৰায়ে। তেওঁ দিয়া তথ্য অনুসৰি বিগত পাঁচ বছৰত ৪,১৭৭গৰাকী প্ৰব্ৰজিতক ভাৰতীয় নাগৰিকত্ব দিয়া বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এগৰাকী সাংসদৰ প্ৰশ্নৰ লিখিত উত্তৰ দি এই তথ্য সদৰি কৰে। তেওঁ প্ৰকাশ কৰিছে যে, বিগত ৫ বছৰত ১০,৬৪৫জন লোকে ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন জনাইছিল। ইয়াৰে ২২৭গৰাকী আমেৰিকান, ৭৭৮২গৰাকী পাকিস্তানী, ৭৯৫গৰাকী আফগান আৰু ১৮৪গৰাকী বাংলাদেশী লোক। এইসকলৰ ভিতৰত ২০১৬ চনত ১১০৬জন লোকক, ২০১৭ চনত ৮১৭জন লোকক, ২০১৮ চনত ৬২৮জন লোকক, ২০১৯ চনত ৯৮৭জন লোকক আৰু ২০২০ চনত ৬৩৯গৰাকী লোকক ভাৰতীয় নাগৰিকত্ব দিয়া হৈছে। ইয়াৰ বিপৰীতে ৬ লক্ষাধিক লোকে নাগৰিকত্ব ত্যাগ কৰাটোৱে কিহৰ ইংগিত দিছে সেই প্ৰশ্ন উত্থাপন হৈছে।


ৰায়ে সংসদত প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৭চনত ১,৩৩,০৪৯জন লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছিল। ২০১৮ চনত নাগৰিকত্ব ত্যাগ কৰিছিল ১,৩৪,৫৬১জন লোকে। আনহাতে ২০১৯চনত নাগৰিকত্ব ত্যাগ কৰা লোকৰ সংখ্যা আছিল ১,৪৪,০১৭, ২০২০ চনত ক’ভিড পৰিস্থিতিৰ বাবে এই সংখ্যা কিছু কম হোৱা পৰিলক্ষিত হৈছিল। সেই বছৰটোত নাগৰিকত্ব ত্যাগ কৰা লোকৰ সংখ্যা আছিল ৮৫,২৪৮জন। ২০২১ চনৰ ৩০ ছেপ্টেম্বৰলৈকে ১,১১, ২৮৭জন লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰি প্ৰবাসী জীৱন বাছি লৈছে। কেৱল এয়াই নহয়, গৃহ বিভাগৰ তথ্য অনুসৰি এতিয়া ১কোটি ৩৩লাখ ৮৩হাজাৰ ৭১৮জন লোকে দেশৰ পৰিৱৰ্তে প্ৰবাসত আছে। এইসকল লোকে ভাৰতৰ নাগৰিত্ব ত্যাগ কৰা নাই যদিও দেশলৈও উভতি অহা নাই।


মন কৰিবলগীয়া যে, ভাৰতে চুবুৰীয়া দেশৰ সংখ্যালঘু লোকসকলক নাগৰিকত্ব প্ৰদানৰ বাবে নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰিছে। এই আইন গৃহীত হৈছে যদিও এতিয়ালৈ ইয়াৰ বিধি প্ৰস্তুত কৰা বা কাৰ্যকৰীকৰণৰ কাম কৰা হোৱা নাই। এই আইন কাৰ্যকৰী হ’লেই হয়তো প্ৰব্ৰজিত বহু লোকে দেশত নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু চৰকাৰৰ এই প্ৰস্তুতিৰ বিপৰীতে লক্ষ লক্ষ লোকে দেশৰ নাগৰিকত্ব ত্যাগ কৰি প্ৰবাসী হোৱাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক