--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত ক’ভিড সংক্ৰমণ অব্যাহত আছে। এতিয়াও প্ৰতিদিনে ৪০ সহস্ৰাধিক আক্ৰান্ত চিনাক্ত হৈছে। সমান্তৰালভাৱে চলি আছে দেশৰ প্ৰতিষেধক প্ৰদান অভিযানো। ১৬ জানুৱাৰীত আৰম্ভ হোৱা এই টিকাকৰণ অভিযানে যোৱা প্ৰায় সাতটা মাহৰ ভিতৰত উল্লেখনীয় সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই সময়ছোৱাৰ ভিতৰত দেশৰ প্ৰায় ৫০ শতাংশ লোকক প্ৰতিষেধক অভিযানৰ জৰিয়তে সামৰি লোৱাত সফল হৈছে ভাৰত।

প্ৰতিষেধক গ্ৰহণৰ বাবে যোগ্য চিহ্নিত হোৱা দেশৰ প্ৰায় ৫০ শতাংশ লোকক অন্ততঃ এপালিকৈ প্ৰতিষেধক প্ৰদান কৰাটো সম্ভৱ হৈছে। অৱশ্যে এই সাফল্যই দেশৰ টিকাকৰণ অভিযানৰ পৰিপূৰ্ণতাৰ ইংগিত বহন নকৰে। ৯৪০ নিযুত প্ৰাপ্তবয়স্ককক টিকাকৰণেৰে এই বছৰটোৰ ভিতৰতে সামৰি লোৱাৰ লক্ষ্য ভাৰতে স্থিৰ কৰিছে যদিও সেই লক্ষ্যত উপনীত হ’বলৈ আৰু দীঘলীয়া বাট অতিক্ৰম কৰিবলৈ বাকী আছে। দেশত শুকুৰবাৰ পৰ্যন্ত মুঠ ৬২.৬৯পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।

কেৱল শুকুৰবাৰৰ দিনটোতে দেশৰ ১ কোটি লোকক প্ৰতিষেধক প্ৰদান কৰিছে দেশৰ স্বাস্থ্য বিভাগে। টিকাকৰণ অভিযানৰ এনে সাফল্যৰ বিপৰীতে কিন্তু দেশত ক’ভিড সংক্ৰমণো ক্ৰমাৎ বৃদ্ধি হোৱা দেখা গৈছে। বিগত ২৪ ঘণ্টাত দেশত ৪৬,৭৫৯জন নতুন আক্ৰান্ত চিনাক্ত হৈছে। বিগত প্ৰায় দুটা মাহৰ ভিতৰত এদিনতে আক্ৰান্তৰ এয়াই সৰ্বাধিক সংখ্যা। মৃত্যু হৈছে ৫-৯জনৰ। দেশত ক’ভিড আক্ৰান্ত বৃদ্ধিত প্ৰধান অৰিহণা যোগাইছে। কেৰালাই। কেৱল কেৰালাতে বিগত ২৪ ঘণ্টাত চিনাক্ত হৈছে ৩২,৮০১জন আক্ৰান্ত। ৰাজ্যখনত একেৰাহে তৃতীয় দিনাও ৩০ সহস্ৰাধিক আক্ৰান্ত চিনাক্ত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক