--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ পূৰ্বে সংকট ঘনীভূত হৈছে গৌতম আদানিৰ৷ হিণ্ডেনবাৰ্গ প্ৰতিবেদনৰ বিতৰ্কৰ পাছত এইবাৰ নতুন বিতৰ্কত নাম সাঙোৰ খাই পৰিছে গৌতম আদানিৰ। পুনৰ ভয়ংকৰ বিত্তীয় জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে আদানি গ্ৰুপৰ বিৰুদ্ধে। ‘Organized Crime and Corruption Reporting Project’ চমুকৈ OCCRP নামৰ এটা সংস্থাৰ প্ৰতিবেদনত উন্মোচিত হৈছে চাঞ্চল্যকৰ তথ্য।

ভুৱা প্ৰতিষ্ঠানৰ জৰিয়তে নিজৰ শ্বেয়াৰত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰাৰ অভিযোগ উঠিছে আদানি গ্ৰুপৰ বিৰুদ্ধে। সংস্থাটোৰ প্ৰতিবেদন অনুসৰি কেইবাটাও অনথিভুক্ত সংস্থাৰ সৈতে আদানি গোষ্ঠীৰ লেনদেন সন্দেহজনক হিচাপে চিহ্নিত হৈছে। বিগত কেইবাবছৰো ধৰি অব্যাহত আছে ধনৰ সন্দেহজনক লেনদেন। নিয়ম বহিঃৰ্ভূতভাৱে এনে সংস্থাৰ সৈতে ধনৰ লেনদেন অব্যাহত ৰাখিছে আদানি গ্ৰুপে। 

তাৰোপৰি মৰিচাচৰ একাধিক সংস্থাই আদানিৰ শ্বেয়াৰত সন্দেহজনকভাৱে বিনিয়োগ কৰাৰো তথ্য পোহৰলৈ আহিছে। এই সংস্থাসমূহৰ আঁৰত আছে আদানি গ্ৰুপৰেই একাংশ সদস্য। এনেদৰে, ভুৱা সংস্থাৰ জৰিয়তে কৰা বিনিয়োগে শ্বেয়াৰ মাৰ্কেটক প্ৰভাৱিত কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ভুৱা সংস্থাৰ জৰিয়তে বিনিয়োগ কৰি শ্বেয়াৰ মাৰ্কেটক আদানি গ্ৰুপৰ শ্বেয়াৰ উৰ্ধগামী কৰাৰ অভিযোগ আনিছে সংস্থাটোৱে। 

Organized Crime and Corruption Reporting Projectৰ প্ৰতিবেদনে এতিয়া পুনৰ বিপদত পেলাইছে আদানি গ্ৰুপক। উল্লেখ্য যে পূৰ্বে হিণ্ডেনবাৰ্গ বিতৰ্কত নাম সাঙোৰ খাইছিল আদানি গোষ্ঠীৰ। আঙুলি উঠিছিল গৌতম আদানিৰ ব্যৱসায়িক সাম্ৰাজ্যৰ প্ৰতি৷ আদানিৰ অস্বাভাৱিক উত্তৰণৰ অন্যতম কাৰণ হিচাপে আন্তঃৰাষ্ট্রীয় শ্বেয়াৰ কেলেংকাৰিকেই কাৰক হিচাপে নিৰ্ণয় কৰা হৈছে।

আদানী গ্ৰুপে কেইবাদশক ধৰি ৰাষ্ট্রীয়-আন্ত:ৰাষ্ট্রীয় পৰ্যায়ত শ্বেয়াৰৰ হাজাৰ কোটি টকাৰ জালিয়াতি কৰি আহিছে। হিণ্ডেনবাৰ্গৰ মতে আদানী গ্ৰুপে কোম্পানীসমূহৰ হিচাপ-নিকাচ দাখিলতো ব্যাপক অনিয়ম কৰি আহিছে। ভুৱা লাভ প্ৰদৰ্শন কৰি আহিছে আদানী গ্ৰুপৰ কোম্পানীসমূহে। উল্লেখ্য যে হিণ্ডেনবাৰ্গে আদানী গ্ৰুপক এনে ধৰণৰ অনিয়ম সন্দৰ্ভত কৰিছিল ৮৮টাকৈ প্ৰশ্ন। কিন্তু শ’লঠেকত পৰা আদানী গ্ৰুপে দিব পৰা নাছিল এটা প্ৰশ্নৰো উত্তৰ৷ 

এনেদৰে আদানীৰ এই বিয়াগোম কেলেংকাৰি ফাদিল হোৱাৰ পাছতে খলকনিৰ সৃষ্টি হৈছিল ভাৰতীয় অৰ্থনীতিত। ভাৰতীয় শ্বেয়াৰ বজাৰত ভয়াৱহ খহনীয়া দেখিবলৈ পোৱা গৈছিল এই ৰিপ’ৰ্টৰ পাছতেই। আদানী গ্ৰুপৰ সমূহ কোম্পানীৰ শ্বেয়াৰৰ দাম তড়িৎ গতিত নিম্নমুখী হৈছিল। কিন্তু পৰৱৰ্তী সময়ত পুনৰ শ্বেয়াৰ মাৰ্কেটত ঊৰ্ধ্বগামী হৈছিল আদানি গ্ৰুপৰ অধীনস্থ কোম্পানীৰ শ্বেয়াৰৰ দাম। তাতেই অৱতাৰণা হৈছে প্ৰশ্নৰ৷ শ্বেয়াৰ মাৰ্কেটত আদানি গ্ৰুপৰ শ্বেয়াৰ ঊৰ্ধ্বগামী কৰিবলৈ অসৎ পন্থাৰ আশ্ৰয় লৈছিল নেকি আদানি গোষ্ঠীয়ে? 

Organized Crime and Corruption Reporting Projectৰ প্ৰতিবেদনত অৱতাৰণা কৰা হৈছে সেই প্ৰশ্নৰ৷
দ্য ফাইনেন্সিয়েল এক্সপ্ৰেছ আৰু দ্য গাৰ্ডিয়ানৰ প্ৰতিবেদন প্ৰকাশ হোৱাৰ পাছত আদানি গ্ৰুপে এক প্ৰেছ বিবৃতি জাৰি কৰে য’ত প্ৰতিষ্ঠানটোৱে কয় যে এইবোৰ পুনৰ ব্যৱহাৰ কৰা অভিযোগ। বিবৃতিটোত কোৱা হৈছে, এই বাতৰিবোৰ বিদেশী সংবাদ মাধ্যমৰ এটা অংশৰ দ্বাৰা সমৰ্থিত ছ'ৰোছ-পুঁজিৰ স্বাৰ্থৰ দ্বাৰা আন এক সমন্বিত নিবিদা যেন লাগিছে যাতে ভিত্তিহীন হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন পুনৰুজ্জীৱিত কৰিব পৰা যায়।

চীনৰ নাগৰিকৰে মিলি ভাৰতীয় অৰ্থনীতিত আগ্ৰাসী ভূমিকা লোৱা গৌতম আদানিৰ বিৰুদ্ধে আজি সৰব হৈ পৰে ৰাহুল গান্ধী৷ গৌতম আদানিৰ বিত্তীয় কেলেংকাৰিৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰা ৰহস্যজনক মৌনতাকো সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক